প্ৰশ্নকাকত ফাদিল কৰোতাক ৰেহাই দিয়া নহ'ব: প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য অনিয়মৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা থকা 'ৰাজহুৱা পৰীক্ষা সংশোধনী বিধেয়ক, ২০২৬' বৃহস্পতিবাৰে নিশা সংসদত গৃহীত হয়। বিৰোধীৰ একাংশই সদন ত্যাগৰ মাজতেই ৰাজ্যসভাই এই বিধেয়কখনত অনুমোদন জনায়।
 
এই সংশোধনী বিধেয়ক খনক আদৰণি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যমত ভিডিঅ’বাৰ্তাযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে,এই নতুন সংশোধনী বিধেয়কখনে দেশৰ পৰীক্ষা ব্যৱস্থাক "অধিক শক্তিশালী, স্বচ্ছ আৰু বিশ্বাসযোগ্য" কৰি তুলিব। লগতে  প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, এই আইনী ব্যৱস্থাই যিকোনো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অনিয়মৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিব।
 
আনহাতে তেওঁ উল্লেখ কৰে যে, আমি এক বিশ্বাসযোগ্য শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ দিশত একেৰাহে নতুন আৰু কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছোঁ। পৰীক্ষা অনুষ্ঠিত কৰাৰ নিকা প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ বিশেষ টাস্ক ফ’ৰ্চ গঠন, ফাষ্ট ট্ৰেক আদালত স্থাপন আৰু ৰাজ্যসমূহৰ দৃষ্টিভংগীক বিশেষভাৱে বিবেচনা কৰা হৈছে।  বিগত কেইবাটাও দশকৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ যি ডাঙৰ সমস্যাৰ সন্মুখীন হৈ আহিছে, এই বিধেয়কে তাৰ বিৰুদ্ধে এক শক্তিশালী প্ৰতিৰোধক হিচাপে কাম কৰিব।
 
প্ৰধান মন্ত্ৰীগৰাকীয়ে কঠোৰ আইনসমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিসমূহ আইন প্ৰতিশ্ৰুতি অনুসৰি বিধেয়কখনৰ জৰিয়তে উত্থাপন কৰা হৈছিল। তেওঁ কয় যে এই কঠোৰ ব্যৱস্থাই কাকত ফাদিলৰ সৈতে জড়িত ছিণ্ডিকেটক বিফল কৰাৰ উদ্দেশ্য পূৰণ কৰিব আৰু দেশখনক এক নিৰ্ভৰযোগ্য শিক্ষা ব্যৱস্থা লাভ কৰাত সহায় কৰিব।