ড০ বেনজিৰ তাম্বোলীঃ হেজাৰগৰাকী অৱহেলিত নাৰীৰ জীৱনলৈ পোহৰ কঢ়িয়াই অনা এগৰাকী অদম্য নাৰী

Story by  atv | Posted by  Nikunja Nath • 5 h ago
ড০ বেনজিৰ তাম্বোলী
ড০ বেনজিৰ তাম্বোলী
 
সমীৰ ডি শ্বেখ
 
ভাৰতীয় সংবিধানে সকলোকে সমান অধিকাৰ প্ৰদান কৰিছে৷ সমান সুযোগ, সমান নিৰাপত্তা আৰু সমান ন্যায় এখন কল্যাণকামী ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ অংগ। এই কাহিনীটো হৈছে ড০ বেনজিৰ তাম্বোলী নামৰ এগৰাকী সাহসী মহিলাৰ, যিগৰাকীয়ে এই নীতিবোৰক বাস্তৱত ৰূপায়ণ কৰিবলৈ আৰু সমাজৰ দুৰ্বল তথা নিষ্পেষিত শ্ৰেণীৰ কল্যাণৰ বাবে, বিশেষকৈ মুছলমান মহিলাসকলৰ অধিকাৰৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে। জীৱনৰ কঠিনতম পৰিস্থিতিত হাৰ নামানি, নিজৰ লগতে আন হেজাৰগৰাকী অৱহেলিত নাৰীৰ জীৱনলৈ পোহৰ কঢ়িয়াই অনা এইগৰাকী অদম্য নাৰীৰ যাত্ৰা সঁচাকৈয়ে অতুলনীয়।
 
এক অনুষ্ঠানত ড০ বেনজিৰ তাম্বোলী
 
বেনজিৰৰ জন্ম হৈছিল এটা প্ৰগতিশীল চিন্তাধাৰাৰ পৰিয়ালত। তেওঁৰ পৰিয়ালৰ ওপৰত 'মুছলিম সত্যশোধক মণ্ডল'ৰ প্ৰতিষ্ঠাপক হামিদ দলৱাইৰ চিন্তাধাৰাৰ গভীৰ প্ৰভাৱ পৰিছিল। তেওঁৰ পিতৃ ইলাহী মোমিনে দলৱাই চাহাবৰ সৈতে একেলগে কাম কৰিছিল। এনে এক মতাদৰ্শগত পৰিৱেশত ডাঙৰ-দীঘল হোৱা বেনজিৰে সৰুৰে পৰাই সমতা আৰু স্বাধীনতাৰ সংস্কাৰ লাভ কৰিছিল।
 
সংগ্ৰামৰ আৰম্ভণি আৰু নিজকে প্ৰমাণ কৰাৰ সংকল্প
 
বিয়াৰ পিছৰ জীৱনত বেনজিৰে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁৰ শহুৰেকৰ ঘৰৰ পৰিৱেশ অতি পৰম্পৰাগত আৰু ধৰ্মীয় আছিল, যিটো পৰিৱেশৰ তেওঁৰ মুক্ত আৰু প্ৰগতিশীল চিন্তাধাৰাৰ সৈতে একেবাৰেই মিল নাছিল। এই আদৰ্শগত মতানৈক্যৰ বাবে বহু সংঘাতৰ সৃষ্টি হৈছিল আৰু অৱশেষত তেওঁৰ বিবাহ বিচ্ছেদ হৈছিল।
 
বিভিন্নজনৰ সৈতে ড০ বেনজিৰ তাম্বোলী
 
এই সময়ছোৱা তেওঁৰ বাবে অতি কঠিন আছিল। কিন্তু বেনজিৰে হাৰ মানি লোৱা নাছিল। তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ এই পৰিস্থিতিৰ পৰা ওলাই আহিব আৰু নিজৰ ভৰিত থিয় দিব। তেওঁ কয়, "সৰুৰে পৰাই মোৰ নিজৰ মানসিক সামৰ্থ্যৰ ওপৰত বিশ্বাস আছিল আৰু মোৰ দেউতাৰ পৰা মই যুঁজ দিয়াৰ মনোভাৱ পাইছিলো... যিয়েই নহওক কিয় ভয় খাব নালাগে, মই কিবা এটা কৰিম, যুঁজিম... যিকোনো সমস্যাৰ সৈতে মোকাবিলা কৰাৰ এই অভ্যাস মোৰ আগৰ পৰাই আছিল।"
 
বিবাহ বিচ্ছেদৰ পিছত তেওঁ ফেশ্বন ডিজাইনিঙৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে আৰু কাপোৰ চিলাই কৰাৰ কাম আৰম্ভ কৰে। তেওঁ নিজকে এই কামত ব্যস্ত ৰাখিলে আৰু আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ দিশত দৃঢ়তাৰে খোজ পেলালে। তেওঁ কয়, "নিজৰ সৰু প্ৰয়োজনৰ বাবেও যাতে আমি কাৰো আগত হাত পাতিবলগীয়া নহয়... নিজৰ ভৰিত থিয় দিবলৈ কি কৰিব পাৰি, মই সেইটোৱেই ভাবিছিলো।"
 
এক অনুষ্ঠানত ড০ বেনজিৰ তাম্বোলী
 
এই সংগ্ৰাম কেৱল আৰ্থিক নাছিল, বৰং মানসিকো আছিল। কিন্তু তেওঁ ইয়াৰ মাজৰে বাট উলিয়াবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত তেওঁ প্ৰবক্তা পদৰ বাবে সাক্ষাৎকাৰ দিছিল আৰু তাতো সফলতা অৰ্জন কৰিছিল।

শৈক্ষিক কাম আৰু অভিযানৰ জৰিয়তে নতুন অভিজ্ঞতা
 
শিক্ষা খণ্ডত দশক দশক ধৰি কাম কৰি অহা ড০ বেনজিৰে উৰ্দু মাধ্যমৰ শিক্ষাৰ বিষয়ে কয়, "কেৱল উৰ্দু মাধ্যমত নপঢ়িব, এনেদৰে নকৈ আমি বুজিব লাগিব যে পৰিস্থিতিৰ হেঁচা, বাধ্যবাধকতা বা আন সুবিধাৰ অভাৱৰ বাবে বহু ল'ৰা-ছোৱালীয়ে উৰ্দু মাধ্যমত পঢ়িবলগীয়া হয়। এইটো তেওঁলোকৰ দোষ নহয়।"
 
মহিলা কৰ্মীৰ সৈতে ড০ বেনজিৰ তাম্বোলী
 
এই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যাতে ভাষিক দক্ষতা বৃদ্ধি পায়, বিশেষকৈ ইংৰাজীৰ জ্ঞান লাভ কৰে, তাৰ বাবে তেওঁ 'তঞ্জিম-এ-বালিদেইন' নামৰ সংস্থাটোৰ জৰিয়তে উৰ্দু মাধ্যমৰ বিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰীক ইংৰাজী শিকোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছিল আৰু বহু সফল পৰীক্ষা-নিৰীক্ষা চলাইছিল। এই অভিযানৰ ওপৰত ভিত্তি কৰি তেওঁ এখন গৱেষণাপত্ৰও উপস্থাপন কৰিছিল।

মুছলিম সত্যশোধক মণ্ডলৰ কামৰ বাবে নিজকে উছৰ্গা
 
নিজৰ অভিজ্ঞতাৰ পৰাই বেনজিৰে মুছলমান মহিলাসকলৰ সমস্যাবোৰ গভীৰভাৱে অনুভৱ কৰিব পাৰিছিল। তেওঁ নিজকে 'মুছলিম সত্যশোধক মণ্ডল'ৰ কামত সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰিলে। এই মণ্ডলৰ জৰিয়তে তেওঁ কেইবাটাও অভিযান চলাইছিল আৰু মহিলাৰ অধিকাৰ, বিশেষকৈ মুছলমান মহিলাসকলৰ সম অধিকাৰৰ বাবে অহৰহ মাত মাতি আহিছিল। লগতে, 'মুছলিম মহিলা সাহায্য কেন্দ্ৰ'ৰ জৰিয়তে তেওঁ বহুতো বিবাহ বিচ্ছিন্না আৰু নিৰ্যাতিতা মহিলাক সহায়ৰ হাত আগবঢ়াইছিল।
 
এক আন্তঃধৰ্মীয় দম্পতীৰ সৈতে তেওঁলোকৰ বিবাহ অনুষ্ঠানত ড০ বেনজিৰ তাম্বোলী 
 
এই দীঘলীয়া সংগ্ৰামৰ পৰা লাভ কৰা অভিজ্ঞতাৰ বাবে তেওঁ সমাজ কল্যাণৰ চিন্তাধাৰা অতি দৃঢ়তাৰে দাঙি ধৰে। বিবাহ বিচ্ছেদ বা পাৰিবাৰিক কন্দল দূৰ কৰিবলৈ কেৱল সাংবিধানিক আৰু আইনী প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব লাগে বুলি তেওঁ সদায় আহ্বান জনাই আহিছে।
 
মতাদৰ্শগত আৰু বৌদ্ধিক কামতো সমানেই আগবঢ়া
 
বেনজিৰৰ যাত্ৰা কেৱল সামাজিক কামতে সীমাবদ্ধ নাছিল, শৈক্ষিক আৰু মতাদৰ্শগত ক্ষেত্ৰতো তেওঁ গভীৰ চিন ৰাখি থৈ গৈছে। শিক্ষা বিজ্ঞানত তেওঁ পি এইচ ডি সম্পূৰ্ণ কৰে আৰু বহু মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে।
 
ইয়াৰ উপৰি তেওঁ 'মহাৰাষ্ট্ৰ নলেজ কৰ্পোৰেচন'ত জ্যেষ্ঠ শৈক্ষিক সমন্বয়ক হিচাপে দীৰ্ঘদিন ধৰি কাম কৰিছে আৰু শিক্ষা তথা শৈক্ষিক ব্যৱস্থাপনাৰ ক্ষেত্ৰত তেওঁৰ দুটা দশকৰো অধিক অভিজ্ঞতা আছে।
 
ড০ বেনজিৰ তাম্বোলীৰ গ্ৰন্থ
 
তিলক মহাৰাষ্ট্ৰ বিদ্যাপীঠত কৰ্মৰত অৱস্থাত তেওঁ 'মহিলা নিৰ্যাতন প্ৰতিৰোধ কোষ'ৰ নোডেল অফিচাৰ হিচাপেও নিজৰ সামাজিক দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল। তেওঁৰ এই সাহসী আৰু সমৰ্পিত কামৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক নতুন দিল্লীৰ 'সাহস সন্মান' (২০১৫) আৰু পুনেৰ 'সেৱাব্ৰতী মহিলা পুৰস্কাৰ' (২০১৭)ৰ দৰে বঁটাৰে সন্মানিত কৰা হৈছে।
 
শৈক্ষিক কামৰ লগতে তেওঁৰ মতাদৰ্শগত কামবোৰো সমানেই ব্যাপক আৰু গুৰুত্বপূৰ্ণ। মাৰাঠী, হিন্দী আৰু ইংৰাজী- এই তিনিওটা ভাষাতে তেওঁৰ গভীৰ দখল আছে আৰু তেওঁ অনুবাদ তথা সম্পাদনাৰ বৃহৎ কাম কৰিছে। তেওঁ 'মুছলিম সত্যশোধক পত্ৰিকা' আৰু 'সমাজবাদী অধ্যাপক পত্ৰিকা'ৰ সহ-সম্পাদক হিচাপেও কাম কৰিছে। মণ্ডলৰ আলোচনীখনত তেওঁ ধাৰাবাহিকভাৱে প্ৰবন্ধ লিখাৰ লগতে বিভিন্ন স্থানত শৈক্ষিক বক্তৃতাও প্ৰদান কৰিছে। 'শিক্ষণশাস্ত্ৰ শব্দকোষ' তেওঁৰ দ্বাৰা প্ৰস্তুত কৰা এক অতি গুৰুত্বপূৰ্ণ প্ৰকল্প।
 
এগৰাকী বিদেশীৰ সৈতে ড০ বেনজিৰ তাম্বোলী
 
ইয়াৰ উপৰি তেওঁ 'প্ৰভাৱশালী শিক্ষণ তাজনা' নামৰ এখন গ্ৰন্থও ৰচনা কৰিছে। তেওঁ শ্বেখ ইউছুফ বাবাৰ (যাক দক্ষিণত 'স্কাই বাবা' বুলি জনা যায়) তেলেগু গল্প সংকলন মাৰাঠীলৈ অনুবাদ কৰিছে, যিখন অতি সোনকালেই ছপা হৈ ওলাব। এই কাহিনীবোৰত মুছলমান সমাজৰ বিভিন্ন শ্ৰেণীৰ, বিশেষকৈ মহিলাসকলৰ ছবিখন অতি প্ৰভাৱশালীভাৱে উপস্থাপন কৰা হৈছে।

মৰণোত্তৰ দেহদানৰ সাহসী আৰু প্ৰগতিশীল সিদ্ধান্ত
 
প্ৰতিষ্ঠিত সামাজিক আৰু ধৰ্মীয় পৰম্পৰাক আওকাণ কৰি তেওঁ এক অতি সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ আৰু তেওঁৰ স্বামী ড০ ছামছুদ্দিন তাম্বোলীয়ে মৃত্যুৰ পিছত দেহদান কৰাৰ সিদ্ধান্ত লৈছে আৰু তাৰ বাবে আনুষ্ঠানিকভাৱে প্ৰ-পত্ৰও পূৰণ কৰিছে। এই সিদ্ধান্তই তেওঁলোকৰ প্ৰগতিশীল চিন্তাধাৰাৰ দৃঢ়তা প্ৰকাশ কৰে।
 
এখন সভাত ড০ বেনজিৰ তাম্বোলী
 
আগন্তুক দিনত আৰু অধিক উদ্যমেৰে কাম কৰাৰ পৰিকল্পনা
 
ড০ বেনজিৰে জীৱনত এক বৃহৎ স্থান লাভ কৰিছে, তথাপি অনাগত সময়ত তেওঁ আৰু ডাঙৰ কাম কৰাৰ মনস্থ কৰিছে। মুছলমান সমাজত ইতিহাসৰ পৰা আৰম্ভ কৰি আজিলৈকে এনে বহুতো মহিলা আছে যিয়ে বিভিন্ন ক্ষেত্ৰত বৃহৎ সফলতা অৰ্জন কৰিছে। কেৱল ধৰ্মীয় বা সামাজিক ক্ষেত্ৰতে নহয়, বৰং বিজ্ঞান, চিকিৎসা, আইন, ব্যৱসায় আৰু সাহিত্যৰ ক্ষেত্ৰতো মুছলমান মহিলাৰ গুৰুত্বপূৰ্ণ অৱদান আছে। কিন্তু প্ৰায়ে এই মুখবোৰ সমাজৰ আগলৈ নাহে। সেয়েহে এনে মেধাৱী মহিলাসকলৰ তথ্য সংগ্ৰহ কৰি, তেওঁলোকৰ জীৱনী লিখি এখন গ্ৰন্থ প্ৰকাশ কৰাৰ তেওঁৰ পৰিকল্পনা আছে। মুছলমান মহিলাসকলৰ প্ৰতি সমাজৰ দৃষ্টিভংগী সলনি কৰাৰ ক্ষেত্ৰত এই কাম অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰমাণিত হ’ব।
 
সত্যশোধক চিন্তাধাৰাৰ ঐতিহ্য আৰু প্ৰসাৰ
 
মুছলিম সত্যশোধক মণ্ডল আৰু হামিদ দলৱাইৰ চিন্তাধাৰাক আগুৱাই লৈ যোৱাটোৱেই সময়ৰ আহ্বান বুলি তেওঁ বিশ্বাস কৰে। এই চিন্তা তেওঁৰ তেজ আৰু মনত শিপাই আছে। সেয়েহে যিমান দিনলৈকে সম্ভৱ, সিমান দিনলৈকে তেওঁ এই আন্দোলনত সক্ৰিয় হৈ কাম কৰি যোৱাৰ দৃঢ় সিদ্ধান্ত লৈছে।

ভিন্ন ধৰ্মৰ বিবাহৰ সমৰ্থন আৰু সামাজিক একতাৰ বাবে প্ৰচেষ্টা
 

 
সাম্প্ৰতিক সময়ত ভিন্ন ধৰ্মৰ মাজত বিবাহপাশত আবদ্ধ হোৱা দম্পতীসকলৰ নিৰাপত্তাৰ বিষয়টো গভীৰ হৈ পৰিছে। এনে পৰিস্থিতিত ১৯৫৪ চনৰ 'বিশেষ বিবাহ আইন'ৰ অধীনত বিবাহপাশত আবদ্ধ হ’বলৈ দম্পতীসকলক উৎসাহিত কৰা আৰু তেওঁলোকক আইনী তথা আৱেগিক সহায় আগবঢ়োৱা কামটো তেওঁ আৰু তীব্ৰতৰ কৰিবলৈ ওলাইছে। সমাজত ক্ৰমাৎ বৃদ্ধি পোৱা ঘৃণা হ্ৰাস কৰি 'একতা আৰু সংহতি'ৰ এক কাৰ্যসূচীত কাম কৰাৰ তেওঁৰ প্ৰৱল ইচ্ছা। 
 
অৰ্থাৎ, কলমৰ জৰিয়তে বৌদ্ধিক জাগৰণ আৰু কৰ্মৰ জৰিয়তে সামাজিক পৰিৱৰ্তন- এই দুয়োটা পথেৰে বেনজিৰ তাম্বোলীৰ ভৱিষ্যতৰ যাত্ৰা অব্যাহত থাকিব। এই ক্ষেত্ৰত তেওঁৰ স্বামী ড০ ছামছুদ্দিন তাম্বোলীৰ বহুখিনি সমৰ্থন আছে বুলি তেওঁ বিশেষভাৱে উল্লেখ কৰে।
 
নিজৰ বিবাহ বিচ্ছেদৰ তিক্ত অভিজ্ঞতাৰ পৰা ওলাই আহি তেওঁ কেৱল নিজৰ জীৱনটোৱেই সজাই তোলা নাছিল, লগতে আন বহু মহিলাকো সহায়ৰ হাত আগবঢ়াইছিল। এগৰাকী মহিলাই পৰিস্থিতিৰ ওচৰত হাৰ মানিব নালাগে, বৰং তাৰ মাজৰ পৰা বাট উলিয়াই নিজৰ আৰু আনৰ জীৱন উজলাই তুলিব লাগে আৰু ইয়াৰে এক উৎকৃষ্ট নিদৰ্শন হ’ল ড০ বেনজীৰ তাম্বোলী। তেওঁৰ কৰ্ম, তেওঁৰ চিন্তাধাৰা আৰু তেওঁৰ সাহস সমাজৰ প্ৰতিজন ব্যক্তিৰ বাবে, বিশেষকৈ মুছলমান মহিলাসকলৰ বাবে এক উৎকৃষ্ট নিদৰ্শন আৰু অনুপ্ৰেৰণা।