সোণ নহয়, অট্টালিকাও নহয়ঃ 'পৰঠা সম্ৰাজ্ঞী' জীনতৰ লক্ষ্য এতিয়া আশ্ৰয়হীনৰ বাবে এখন আপোন ঘৰ
ৰত্না জি চোত্ৰানি
এগৰাকী সাধাৰণ গৃহিণীৰ পৰা আৰম্ভ কৰি এটা মৃত্যুমুখৰ ব্যৱসায়িক প্ৰতিষ্ঠানক পুনৰুজ্জীৱিত কৰালৈকে- জীনত বেগমৰ শূন্যৰ পৰা শিখৰলৈ উঠাৰ এই কাহিনী সমগ্ৰ দেশৰ যুৱ মহিলা উদ্যমীসকলৰ বাবে এক অপৰিসীম প্ৰেৰণা। দেশৰ আটাইতকৈ প্ৰথমগৰাকী Self-Made She-EO হিচাপে প্ৰায়ে অভিহিত জীনতে হায়দৰাবাদৰ মেহদী পট্টনমৰ অন্তৰ্গত আট্টাপুৰৰ ঠেক উপপথৰ পৰা আজিৰ এই স্থানলৈ সঁচাকৈয়ে এক সুদীৰ্ঘ পথ অতিক্ৰম কৰিছে।
উৰ্দু মাধ্যমত পঢ়া-শুনা কৰা জীনতৰ কম বয়সতে বিবাহ হৈছিল এজন হোটেল মেনেজাৰৰ সৈতে। স্বামীৰ হাতত থকা চাবিৰ থোপাটিত অনবৰতে বাজি থকা শব্দবোৰৰ সৈতে সাঙোৰ খাই আছিল গুদাম, ভোজভৱন আৰু নৈশ পালৰ দায়িত্ব। তেওঁ নিজৰ হৃদস্পন্দনতকৈ হোটেলৰ টেবুলৰ খালী-পূৰ্ণৰ হিচাপ বেছি ভালদৰে বুজি পাইছিল।
জীৱনটো আছিল অতি সুশৃংখলিত, মধ্যমীয়া আৰু পূৰ্বানুমান কৰিব পৰা। তেওঁলোকৰ এজন পুত্ৰ আৰু এজনী কন্যা সন্তান আছিল। আন যিকোনো গৌৰৱান্বিত পিতৃ-মাতৃৰ দৰেই জীনত আৰু তেওঁৰ স্বামীয়ে ল’ৰা-ছোৱালীহালৰ বিবাহ সম্পন্ন কৰাইছিল। দেউতাকে কাম কৰা বন্ধ কৰি দিছিল। পূৰ্বৰ অগণন পিতৃ-মাতৃৰ দৰেই তেওঁলোকেও বুকুত এটা শান্ত আশা পুহি ৰাখিছিল যে জীৱনৰ শেষ বয়সত পুত্ৰই তেওঁলোকৰ চোৱাচিতা কৰিব। কিন্তু ভাগ্যই নিজৰ চিত্ৰনাট্য নিজেই লিখে। পুত্ৰ আৰু বোৱাৰীয়েক আমেৰিকালৈ গুচি গ’ল। যিদিনা পুত্ৰই দেশ এৰিছিল, সিদিনা বিমানবন্দৰত জীনতৰ স্বামীয়ে তাক সাবটি ধৰিছিল আৰু ঘৰলৈ উভতি আহিছিল যেন এক ভগ্ন, সৰু মানুহ হৈ। হঠাতে সমগ্ৰ ঘৰখন উকা হৈ পৰিল আৰু ভৱিষ্যতটো অধিক গধুৰ যেন বোধ হ’ল।
'পৰঠা সম্ৰাজ্ঞী' জীনত বেগম
কোনো চাকৰি বা উপাৰ্জন নোহোৱাকৈ জীনতৰ স্বামীয়ে খিৰিকীৰ কাষত বহি বাট চাই ৰৈছিল। তেওঁ আনকি নিজৰ চাৰ্টৰ কোঁচবোৰ পৰীক্ষা কৰিবলৈও এৰি দিছিল। তেওঁ বুজি পোৱা নাছিল কোনফালে ঢাপলি মেলিব। যিজন মানুহে এসময়ত চল্লিশজনীয়া ৰান্ধনিশাল নিয়ন্ত্ৰণ কৰিছিল, তেওঁ কেনেকৈ দিনে দিনে নিজৰ মাজতে সংকুচিত হৈ পৰিছিল, তাক জীনতে নীৰৱে চাই আছিল। তেনেতে এজন চুবুৰীয়াই তেওঁলোকলৈ এক জীয়াই থকাৰ সমল আগবঢ়ালে। তেওঁ ক’লে- ‘মালাবাৰ পৰঠা’ বিক্ৰী কৰিলে কেনে হয়?
তেওঁ এই কামটোত জঁপিয়াই পৰিল। ঘৰে ঘৰে, ৰাস্তাই ৰাস্তাই তেওঁ পৰঠা বিক্ৰী কৰিবলৈ ধৰিলে। পৰঠাবোৰ বিক্ৰী হ’বলৈ ধৰিলে। ব্যৱসায় ভাল চলিল। ব্যৱসায় ইমানেই ভাল চলিল যে তেওঁ হাজাৰ হাজাৰ টকা বিনিয়োগ কৰি একেলগে বহু পৰিমাণৰ কেঁচামাল কিনি আনিলে। কিন্তু তাৰ পিছতে তেওঁৰ শৰীৰ ভাঙি পৰিল। তেওঁ কামটো চলাই নিয়াত অসমৰ্থ হ’ল। ক্ৰয় কৰা সামগ্ৰীবোৰ ঘৰতে জমা হৈ ৰ’ল, যেন বিক্ৰী নোহোৱা আটাৰ এক পাহাৰ আৰু মনত সীমাহীন সন্দেহ।
ঠিক সেই সময়তে জীনতে ব্যৱসায়ৰ দায়িত্ব কান্ধ পাতি ল’লে। তেওঁ কান্ধত এটা বেগ ওলোমাই যাত্ৰা আৰম্ভ কৰিলে। এখনৰ পিছত আনখন দুৱাৰ, এটাৰ পিছত আনটো টোকৰ। তেওঁ কিছু পৰঠা বিক্ৰী কৰিবলৈ সক্ষম হ’ল। ঘাম আৰু পিয়াহক সংগী কৰি ইটোৰ পিছত সিটো দিন পাৰ হ’ল। কিছুদিন পিছত তেওঁৰ এজন আত্মীয়ই সহায়ৰ হাত আগবঢ়ালে আৰু লাভৰ এক অংশৰ বিনিময়ত তেওঁক নিজৰ অটোৰিক্সাৰে ঘূৰাই ফুৰাবলৈ প্ৰস্তাৱ দিলে। জীনত মান্তি হ’ল। অতি সোনকালে তেওঁৰ স্বামীও সুস্থ হৈ ব্যৱসায়ত পুনৰ যোগ দিলে। জীনতে অটো লৈ যোৱা পথবোৰ বাছি ল’লে আৰু গিৰীয়েকে দোকান তথা মলবোৰৰ দায়িত্ব ল’লে। কিন্তু সমস্যা সদায় অহাৰ দৰেই আকৌ আহিল।
'পৰঠা সম্ৰাজ্ঞী' জীনত বেগম
জীনতক অটোৰে ঘূৰাই ফুৰোৱা আত্মীয়জনে লাভৰ অংশ ৩৫% ৰ সলনি ৫০-৫০ কৰিবলৈ দাবী কৰিলে। জীনতে এই প্ৰস্তাৱ নাকচ কৰিলে, কাৰণ তেওঁৰ স্বামীয়েও সমানেই কাম কৰিছিল আৰু তেওঁও নিজৰ অংশ পাব লাগিছিল। মানুহজনে ভাবিলে যে অটোখন কাঢ়ি ল’লে তেওঁলোক ধ্বংস হৈ যাব আৰু এই ভাবি তেওঁ অটোখন লৈ গুচি গ’ল। কিন্তু জীনত আৰু তেওঁৰ স্বামী হাৰ মনা বিধৰ নাছিল। তেওঁলোক এজন উৎপাদনকাৰীৰ ওচৰলৈ গ’ল আৰু ডিলাৰশ্বিপ বিচাৰিলে। তেওঁ মান্তি হ’ল। ব্যৱসায়টোৱে পুনৰ উশাহ পালে। তেওঁলোকৰ পৰঠাবোৰ ডাঙৰ ডাঙৰ দোকান আৰু মলবোৰত উপলব্ধ হ’বলৈ ধৰিলে। কিন্তু ভাগ্যৰ পৰিহাস, এইবাৰ উৎপাদনকাৰীজন অসুস্থ হৈ পৰিল। গতিকে জীনত আৰু তেওঁৰ স্বামীয়ে জীয়াই থকা সংগ্ৰামী মানুহে কৰা কামটোকে কৰিলেঃ তেওঁলোকে নিজাকৈ এটা ব্ৰেণ্ড আৰম্ভ কৰিলে। এনেদৰেই জন্ম হ’ল ‘মালাবাৰ পৰঠা ৯৯’। কিন্তু দুৰ্ভাগ্যৰ খেল ইমানতে শেষ হোৱা নাছিল। হঠাতে তেওঁৰ স্বামীৰ মৃত্যু হ’ল।
প্ৰায়বোৰ কাহিনী ইয়াতেই শেষ হৈ যায়। কিন্তু তেওঁৰ কাহিনী শেষ নহ’ল। এইবাৰ তেওঁৰ কন্যাই হাত উজান দিলে। তেওঁৰ জোঁৱায়েকে হিচাপৰ বহীখন আৰু শাহুৱেকৰ ফাটি যোৱা হাত দুখনলৈ চালে আৰু ক’লে, "আম্মা, আন মানুহৰ অটো আৰু ল’ব নালাগে।" তেওঁলোকে ব্যৱসায়ত টকা বিনিয়োগ কৰিলে। ঘৰৰ ভিতৰতে চলি থকা তেওঁলোকৰ সৰু কামটোৱে এইবাৰ এক শক্তিশালী ৰূপ ল’লে। আজি তেওঁলোকে দিনে ১৮০০ ৰ পৰা ২০০০ পেকেট কোমল, সুস্বাদু আৰু ঘিউৰ সুবাসযুক্ত পৰঠা বিক্ৰী কৰে। তেওঁলোকে ব্যৱসায়টো ডাঙৰ কৰিলে। জীনতে তেওঁৰ পুৰণি চিনাকিবোৰ ব্যৱহাৰ কৰিলে- হোটেল, কেণ্টিন আৰু সৰু সৰু ডিলাৰসকলৰ সৈতে যোগাযোগ কৰিলে। লাভৰ পৰিমাণ হয়তো কম হ’ব পাৰে, কিন্তু অৰ্ডাৰৰ পৰিমাণ বহুত বাঢ়ি গ’ল। আটা মিশ্ৰণ কৰা মেচিনটো ঘূৰি থকাৰ সময়ত তেওঁলোকৰ সৰু কাৰখানাটো আটা আৰু ঘিউৰ সুগন্ধিৰে মলমলাই থাকে।
বৰ্তমান তেওঁলোকে ১৫ জনতকৈও অধিক লোকক কৰ্মসংস্থাপন দিছে আৰু তেওঁলোকক পৰঠা মন্থন কৰা, জাপি দিয়া আৰু ধৈৰ্য ধৰাৰ কৌশল শিকাইছে। প্ৰতিটো প্ৰথম বেচৰ পৰঠা জীনতে নিজে পৰীক্ষা কৰে। যদি পৰঠাৰ তৰপবোৰ কিতাপৰ পাতৰ দৰে ইখনৰ পৰা সিখন সুলকি নপৰে, তেন্তে তেওঁ সেইবোৰ ঘূৰাই পঠিয়ায়। কেইবা বছৰো পাৰ হৈ গ’ল, এতিয়া ‘মালাবাৰ পৰঠা ৯৯’ কেইবাখনো জিলা আৰু ৰাজ্যত উপলব্ধ।
স্বামীৰ সৈতে জীনত বেগম
ব্যৱসায়ৰ এই লভ্যাংশ বা ৰয়েল্টী লৈ জীনতৰ এক বিশেষ পৰিকল্পনা আছে- তেওঁ সোণ কিনিব নিবিচাৰে বা এটা ডাঙৰ অট্টালিকাও সাজিব নিবিচাৰে। তেওঁ কেৱল নিজৰ এই কঙালৰ পৰা কুবেৰ হোৱাৰ সংগ্ৰামী কাহিনীটো লিখিব বিচাৰে। আৰু তাৰ পৰা পোৱা ধনেৰে তেওঁ বৃদ্ধ লোকসকলৰ বাবে অৰ্থাৎ তেওঁৰ দৰেই পুত্ৰৰ বাবে অপেক্ষা কৰি ৰৈ যোৱা পিতৃ-মাতৃসকলৰ বাবে এখন আশ্ৰয়গৃহ গঢ়ি তুলিব খোজে। কাৰণ জীনতে জানে যে কেতিয়াবা পুত্ৰ কাষত নাথাকিব পাৰে, কিন্তু নিজৰ অন্তৰ্নিহিত শক্তিয়ে সদায় সংগ দিয়ে।
জীনতে লিখিছে- "যেতিয়া আপোনাৰ ওচৰত একো নাথাকে, তেতিয়া আপুনি এটকাৰ মূল্য বুজি পায়। কিন্তু যেতিয়া আপোনাৰ ওচৰত কিবা এটা থাকে, তেতিয়া আপুনি আন এগৰাকী মহিলাৰ ভোকৰ মূল্য অনুভৱ কৰিব পাৰে।" দীৰ্ঘম্যাদী দৌৰত টিকি থকাৰ ধৈৰ্য আৰু সহনশীলতা যদি আপোনাৰ আছে, তেন্তে লক্ষ্যত উপনীত হোৱাটো সহজ হৈ পৰে। সফলতাৰ বাবে চুটি দৌৰ মৰাটোৱে আপোনাৰ অজ্ঞাতেই আপোনাক আটাইতকৈ বেছি ক্ৰান্ত কৰি তোলে।