বন্দুকৰ সলনি যোগাসনৰ যাদুৰে বিশ্বজয়! ৭৪খন দেশক পিছ পেলাই জাপানক পৰাস্ত কৰি স্বৰ্ণ পদক জিনিলে অশোকনগৰৰ BSF জোৱানে

Story by  atv | Posted by  Munni Begum • 1 h ago
বিশ্বজিৎ পাল
বিশ্বজিৎ পাল
 
তৰুণ নন্দী / কলকাতা
 
দেশৰ সীমান্তত পহৰা দি যিখন হাতে শত্ৰুৰ বুকুত কঁপনি তোলে, সেইখন হাতেৰেই এইবাৰ বিশ্বৰ দৰবাৰত উৰিল ভাৰতৰ গৌৰৱৰ তিৰংগা। এজন বীৰ জোৱানৰ যোগাসনৰ কঠিনতম মুদ্ৰাই এতিয়া সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে।
 
তেওঁৰ নাম বিশ্বজিৎ পাল, পেচাত এজন BSF জোৱান। গুজৰাটৰ আহমেদাবাদত স্প'ৰ্টছ অথৰিটি অৱ ইণ্ডিয়া (SAI)ৰ উদ্যোগত অনুষ্ঠিত ১ম বিশ্ব যোগাসন চেম্পিয়নশ্বিপত পুৰুষৰ "হেণ্ড বেলেঞ্চ ইণ্ডিভিজুৱেল" শাখাত তেওঁ সোণৰ পদক অৰ্জন কৰিছে। পূৰ্বৰ বিশ্ব চেম্পিয়ন জাপানকো পিছ পেলাই এই বিৰল সন্মান কঢ়িয়াই আনিছে উত্তৰ ২৪ পৰগনাৰ অশোকনগৰৰ এইগৰাকী বীৰ সন্তানে।
 
 
ইজিপ্ত, আমেৰিকা, জাপানকে ধৰি বিশ্বৰ ৭৪খন দেশৰ শ্ৰেষ্ঠ প্ৰতিযোগীসকলক পৰাস্ত কৰি বিশ্বজিতে অৰ্জন কৰা এই জয় সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই এক বৃহৎ গৌৰৱৰ বিষয়। অৱশ্যে তেওঁৰ এই যাত্ৰা ইমান সহজ নাছিল।
 
দেশৰ সীমান্ত ৰক্ষাৰ দৰে অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি বিশ্বমঞ্চৰ বাবে নিজকে প্ৰস্তুত কৰাটো একপ্ৰকাৰ অসম্ভৱেই আছিল। কিন্তু নিজৰ অদম্য ইচ্ছাশক্তিৰে বিশ্বজিৎ বাবুৱে প্ৰমাণ কৰি দিলে যে মন থাকিলে আকাশো চুব পাৰি।
 
বিশ্বজিৎ পাল
 
আচলতে, কৰ্তব্যৰ চূড়ান্ত ব্যস্ততাৰ মাজতো তেওঁ নিজৰ অনুশীলনত অকণো ত্ৰুটি ৰখা নাছিল। যেতিয়াই অলপ আজৰি সময় পাইছিল, তেতিয়াই কঠোৰ পৰিশ্ৰমেৰে নিজকে গঢ়ি তুলিছিল। আজি তেওঁৰ এই স্বৰ্ণ জয়ে কেৱল পশ্চিমবংগকেই নহয়, সমগ্ৰ ভাৰতবাসীক গৌৰৱান্বিত কৰিছে।
 
বিশ্বজিতৰ এই ঐতিহাসিক সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে অশোকনগৰ-কল্যাণগড় পৌৰসভাৰ ১৭ নম্বৰ ৱাৰ্ডৰ সুভাষপল্লীৰ পাল পৰিয়াল। ঘৰৰ ল'ৰা বিশ্বজয় কৰি উভতি অহাৰ লগে লগে সমগ্ৰ অশোকনগৰত যেন আগতীয়া দীপাৱলীৰ পৰিৱেশ সৃষ্টি হৈছে। খোদ অশোকনগৰৰ বিধায়ক সুময় হীৰাই এই কৃতী জোৱানজনক সম্বৰ্ধনা জনায়। আৱেগিক হৈ তেওঁ কয় যে বিশ্বজিতৰ এই সাফল্য কেৱল এটা পদক নহয়, ই আগন্তুক প্ৰজন্মৰ বাবে এক জ্বলন্ত অনুপ্ৰেৰণা।
 
বিশ্বজিৎ পাল
 
প্ৰতিভা থাকিলে কোনো অজুহাত দেখুৱাই নিজৰ সপোনক বিসৰ্জন দিয়া উচিত নহয়- এই বাৰ্তাই দি গ'ল বীৰ জোৱান বিশ্বজিৎ পালে। তেওঁ বিশ্বাস কৰে যে, জীৱনত যিমানেই প্ৰতিকূলতা নাথাকক কিয়, আত্মবিশ্বাস আৰু অধ্যৱসায়েৰে বিশ্বজয় কৰাও সম্ভৱ।
 
এজন জোৱানৰ পোছাকৰ আঁৰত লুকাই থকা এইগৰাকী যোগসাধকে এতিয়া সুকৌশলেৰে সমাজৰ বহুতকে অনুপ্ৰাণিত কৰিছে। সীমান্তৰ নিৰাপত্তা নিশ্চিত কৰাৰ সমান্তৰালকৈ বিশ্বৰ বুকুত ভাৰতৰ যোগচৰ্চাৰ আধিপত্যক তেওঁ এক নতুন উচ্চতালৈ লৈ গ'ল।