সপোনৰ কোনো বয়স নাথাকেঃ প্ৰয়াত মাতৃৰ ইচ্ছা পূৰণৰ অৰ্থে ৭০ বছৰ বয়সত NEET- পৰীক্ষাত বহিল লক্ষ্ণৌৰ অশোক বাহাৰ
Story by atv | Posted by Munni Begum • 1 Months ago
লক্ষ্ণৌৰ অশোক বাহাৰ
আৱাজ-দ্য ভইচ' অসম ব্যুৰো
"বয়স কেৱল এটা সংখ্যা"- এই আপ্তবাক্যশাৰী সঁচা প্ৰমাণিত কৰিলে লক্ষ্ণৌৰ অশোক বাহাৰে। বুকুত কেইবাদশকো পুৰণি এটা প্ৰতিশ্ৰুতি আৰু চকুত অদম্য সপোন লৈ ৭০ বছৰ বয়সত তেওঁ প্ৰৱেশ কৰিলে দেশৰ অন্যতম কঠিন প্ৰৱেশ পৰীক্ষা NEET-ৰ পৰীক্ষাগৃহত। উদ্দেশ্য নিজৰ কেৰিয়াৰ নতুনকৈ গঢ়া নহয়, বৰং তেওঁক চিকিৎসক হিচাপে দেখাৰ প্ৰয়াত মাতৃৰ আজীৱন সপোন পূৰণ কৰাহে। নাতি-নাতিনীৰ বয়সৰ হেজাৰ হেজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বহি তেওঁ সমগ্ৰ দেশবাসীক দেখুৱাই দিলে যে সপোন পূৰণৰ কোনো নিৰ্ধাৰিত বয়স বা ম্যাদ উকলি যোৱা সময় নাথাকে।
যিটো পৰীক্ষাত ২২ লাখতকৈয়ো অধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰে, তাত অশোক বাহাৰৰ এই প্ৰয়াস সঁচাকৈয়ে ব্যতিক্ৰম। তেওঁৰ এই যুঁজ কোনো শীৰ্ষ স্থান দখলৰ বাবে নহয়, এয়া তেওঁৰ অদম্য সংকল্প আৰু মাতৃভক্তিৰ নিদৰ্শন। তেওঁ প্ৰমাণ কৰিলে যে কেতিয়াবা সফলতা মানে কেৱল মাত্ৰ ফলাফল নহয়, বৰং গোটেই জীৱন পাৰ হৈ যোৱাৰ পাছতো নিজৰ লক্ষ্যৰ প্ৰতি অবিচল থকাটোহে প্ৰকৃত সফলতা।
যোৱা দেওবাৰে অনুষ্ঠিত হোৱা 'ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা (স্নাতক)' অৰ্থাৎ NEET-UG ২০২৬-ত সাধাৰণতে কম বয়সীয়া পৰীক্ষাৰ্থীৰেই ভিৰ দেখা যায়। কিন্তু ইয়াৰ মাজতে লক্ষ্ণৌৰ এই ৭০ বছৰীয়া প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ অদম্য ইচ্ছা শক্তি আৰু এক গভীৰ ব্যক্তিগত কাৰণৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
অশোক বাহাৰে জনায় যে তেওঁৰ প্ৰয়াত মাতৃৰ ইচ্ছা আছিল পুত্ৰক এজন চিকিৎসক হিচাপে দেখাৰ। এই সপোনটো কেইবাদশকো ধৰি অপূৰণীয় হৈ আছিল, যাৰ বাবেই জীৱনৰ এই পৰ্যায়ত তেওঁ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লয়। তেওঁ লগতে কয় যে যোৱা বহু বছৰ ধৰি তেওঁ চিকিৎসা বিজ্ঞানৰ যথেষ্ট জ্ঞান অৰ্জন কৰিছে যদিও ৰোগীক আনুষ্ঠানিকভাৱে ঔষধৰ বিধান দিবলৈ প্ৰয়োজনীয় শৈক্ষিক অৰ্হতা তেওঁৰ নাই। সেয়েহে, তেওঁৰ এই প্ৰয়াসৰ মূল লক্ষ্য হৈছে আনুষ্ঠানিকভাৱে চিকিৎসা বৃত্তিত প্ৰৱেশ কৰা আৰু সেই শৈক্ষিক অভাৱটো দূৰ কৰা।
অশোক বাহাৰ
এই সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা পোৱা সাহস আৰু অনুপ্ৰেৰণাৰ কথাও তেওঁ স্বীকাৰ কৰে। তেওঁ জানিবলৈ দিয়ে যে তেওঁৰ পত্নী এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু পৰিয়ালৰ আন কেইবাজনো আত্মীয় চিকিৎসা পেচাৰ সৈতে জড়িত। বয়সৰ বাধা থকা স্বত্ত্বেও এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পৰিয়ালৰ সমৰ্থনে তেওঁক বিশেষভাৱে উৎসাহিত কৰিছে।