নতুন দিল্লী
আগন্তুক নীটৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে প্ৰথমবাৰ অনুষ্ঠিত হোৱা নীট ইউ জি ২০২৬ পৰীক্ষা সম্পূৰ্ণৰূপে বাতিল কৰাৰ পাছত অহা ২১ জুন ২০২৬ ত পুনৰ অনুষ্ঠিত হ’ব এই পৰীক্ষা।
ইতিমধ্যে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ে প্ৰশ্নকাকত ফাদিল ৰোধ কৰিবৰ বাবে বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰিয়তে নীটৰ প্ৰশ্নকাকত বিতৰণৰ ব্যৱস্থা কৰাৰ কথা সদৰী কৰিছে। তাৰ পাছত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে টেলিগ্ৰাম নামৰ সামাজিক চাইটটো সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে, টেলিগ্ৰামৰ জৰিয়তে ফাদিল হোৱা প্ৰশ্নকাকত বহু ছাত্ৰ- ছাত্ৰী তথা অভিভাৱকে লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে। এই পৰীক্ষা অনুষ্ঠিত কৰা নেচনেল টেষ্টিং এজেন্সি চমুকৈ এন টি এয়ে কেন্দ্ৰীয় চৰকাৰক টেলিগ্ৰাম সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্তক আদৰণী জনাইছে।
এক বিবৃতিত এন টি এয়ে কয় যে, ইলেক্ট্ৰনিক আৰু তথ্য- প্ৰযুক্তি মন্ত্ৰণালয়ে টেলিগ্ৰাম ২২ জুন ২০২৬লৈকে সমগ্ৰ দেশত বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। টেলিগ্ৰামৰ জৰিয়তে মেছেজসমূহ সম্পাদনা কৰা সুবিধা থকাৰ বাবে পেপাৰ ফাদিলৰ ক্ষেত্ৰত এই সামাজিক মাধ্যম ব্যৱহাৰ কৰা তথ্য পোৱা গৈছে। এই পোষ্টসমূহ সম্পাদনা কৰি প্ৰশ্নকাকতৰ সৈতে মেছেজ প্ৰেৰণ কৰা সমগ্ৰ প্ৰক্ৰিয়া প্ৰতিৰোধ কৰিবলৈ এই প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।