কাশ্মীৰত পানীৰ ওপৰত যোগাসন: প্ৰকৃতিৰ মাজত স্বাস্থ্য আৰু শান্তিৰ সন্ধান

Story by  atv | Posted by  Munni Begum • 1 h ago
 কাশ্মীৰত পানীৰ ওপৰত যোগাসন
কাশ্মীৰত পানীৰ ওপৰত যোগাসন
 
বসিত জাৰগৰ/শ্ৰীনগৰ
 
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (২১ জুন) উপলক্ষে কাশ্মীৰৰ শ্ৰীনগৰত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী আৰু দৃষ্টি আকৰ্ষণকাৰী যোগাভ্যাস কাৰ্যসূচী। ডাল হ্ৰদৰ পানী নিষ্কাশনত সহায় কৰা পোখ্ৰিবাল জলপথত ভাসমান প্লেটফৰ্মৰ (পানীৰ ওপৰত উপঙি থকা মঞ্চ) ওপৰত যোগাভ্যাস কৰি এক নতুন দৃষ্টান্ত স্থাপন কৰিলে একদল জলক্ৰীড়া অনুৰাগীয়ে। 
 
সেউজীয়া প্ৰাকৃতিক পৰিৱেশ, শান্ত জলৰাশি আৰু দূৰৈত দেখা পোৱা পাহাৰৰ মনোমোহা দৃশ্যৰ মাজত পুৱাই অনুষ্ঠিত এই ভাসমান যোগাভ্যাসে উপস্থিত লোকসকলক মোহিত কৰি তোলে। পানীৰ মাজত ভাসমান প্লেটফৰ্মত অংশগ্ৰহণকাৰীসকলে বিভিন্ন যোগাসন অনুশীলন কৰা দৃশ্য এক অনন্য অভিজ্ঞতাত পৰিণত হয়। 
এই বিশেষ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে সুপৰিচিত জলক্ৰীড়া প্ৰশিক্ষক বিলকিছ মিৰে। তেওঁ অংশগ্ৰহণকাৰীসকলক বিভিন্ন যোগাসন আৰু শ্বাস-প্ৰশ্বাসৰ ব্যায়ামৰ জৰিয়তে যোগাভ্যাস কৰায়। তেওঁ কয় যে, এই কাৰ্যসূচীৰ মূল উদ্দেশ্য কেৱল যোগৰ প্ৰচাৰ কৰাই নহয়, বৰঞ্চ প্ৰকৃতিৰ সৈতে মানুহক অধিক সংযোগ স্থাপন কৰোৱা আৰু হ্ৰদ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা বৃদ্ধি কৰাও।
 
এই ভাসমান যোগাভ্যাসক কাশ্মীৰক ‘ৱেলনেছ’ আৰু ‘এডভেঞ্চাৰ ট্যুৰিজম’ৰ এক বিশেষ গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ নতুন প্ৰচেষ্টা হিচাপে গণ্য কৰা হৈছে।
 
যোগ বিশেষজ্ঞসকলৰ মতে, প্ৰকৃতিৰ সান্নিধ্যত কৰা যোগাভ্যাসে মন আৰু শৰীৰৰ ওপৰত অধিক ইতিবাচক প্ৰভাৱ পেলায়। শান্ত পৰিৱেশে মনক প্ৰশান্ত কৰে আৰু পানীৰ মৃদু ঢৌৱে মনোযোগ বৃদ্ধি কৰাত সহায় কৰে। সেইবাবেই বহু অংশগ্ৰহণকাৰীয়ে এই অভিজ্ঞতাক সাধাৰণ যোগাভ্যাসতকৈ অধিক ফলপ্ৰসূ বুলি অভিহিত কৰিছে।
 
কাশ্মীৰত পানীৰ মাজত ভাসমান প্লেটফৰ্মত থিয় হৈ যোগ অনুশীলন কৰাৰ এক দৃশ্য
 
অনেকেই জনায় যে, এইটো তেওঁলোকৰ প্ৰথম ‘ৱাটাৰ যোগা’ৰ অভিজ্ঞতা। আৰম্ভণিতে কিছু অসুবিধা অনুভৱ হৈছিল, যদিও অতি সোনকালে তেওঁলোকে নিজৰ শৰীৰ আৰু মনৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ মতে, এই অভিজ্ঞতাই মানসিক চাপ হ্ৰাস কৰি মনত এক গভীৰ শান্তিৰ অনুভূতি জগাই তুলিছে।
 
কাৰ্যসূচীটোৰ অন্যতম বিশেষত্ব আছিল ভাসমান প্লেটফৰ্মত থিয় হৈ ভাৰসাম্য বজাই ৰাখি যোগাসন সম্পাদন কৰা। এনে পৰিস্থিতিত যোগাভ্যাস কৰাটো সহজ নহয়। ইয়াৰ বাবে প্ৰয়োজন হয় শৰীৰ আৰু মন উভয়ৰে ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ। ফলস্বৰূপে, এই অনুষ্ঠানটো কেৱল শাৰীৰিক সক্ষমতাৰ পৰীক্ষাই নহয়, ই মানসিক একাগ্ৰতাৰো এক উল্লেখযোগ্য পৰীক্ষা হিচাপে পৰিগণিত হয়। 
 
বিলকিছ মিৰে কয়, “যোগ আৰু পানী দুয়োটাই ভাৰসাম্য, শান্তি আৰু সমন্বয়ৰ প্ৰতীক। এই দুয়োটাৰ সংমিশ্ৰণে এক অনন্য অভিজ্ঞতাৰ সৃষ্টি কৰে।” তেওঁ লগতে উল্লেখ কৰে যে, যুৱ প্ৰজন্মক সুস্থ জীৱনশৈলীৰ প্ৰতি উৎসাহিত কৰাই এই পদক্ষেপৰ অন্যতম লক্ষ্য। স্বাস্থ্যচৰ্চা কেৱল জিমৰ মাজতে সীমাবদ্ধ নহয়; ই প্ৰকৃতিৰ মাজতো সুস্থতা আৰু ফিটনেছ গঢ়ি তোলা সম্ভৱ বুলি তেওঁ মত প্ৰকাশ কৰে। 
তেওঁৰ মতে, কাশ্মীৰৰ হ্ৰদসমূহক কেৱল পৰ্যটনস্থলী হিচাপে নেদেখি স্বাস্থ্যচৰ্চা, ক্ৰীড়া আৰু সামাজিক কাৰ্যকলাপৰ কেন্দ্ৰ হিচাপেও বিকশিত কৰিব পাৰি। ইয়াৰ জৰিয়তে স্থানীয় পৰ্যটন খণ্ড শক্তিশালী হোৱাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো জনসচেতনতা বৃদ্ধি পাব। 
 
প্ৰতিবছৰে ২১ জুনত উদযাপিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশজুৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয়। কিন্তু শ্ৰীনগৰৰ এই ভাসমান যোগাভ্যাসে নিজৰ অভিনৱত্ব আৰু বিশেষত্বৰ বাবে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে। ইতিমধ্যে ইয়াৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে।
 
বিশেষজ্ঞসকলৰ মতে, যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়; ই মানসিক স্বাস্থ্য আৰু আৱেগিক ভাৰসাম্য ৰক্ষাৰো এক গুৰুত্বপূৰ্ণ মাধ্যম। আধুনিক জীৱনৰ বৃদ্ধি পোৱা মানসিক চাপ, উদ্বেগ আৰু স্বাস্থ্যজনিত সমস্যাৰ মাজত যোগৰ প্ৰাসংগিকতা ক্ৰমাৎ বৃদ্ধি পাইছে। সেয়েহে প্ৰকৃতিৰ মাজত অনুষ্ঠিত এনে যোগাভ্যাসৰ প্ৰতি মানুহৰ আগ্ৰহো বৃদ্ধি পাইছে। 
 
এগৰাকী মহিলাই পানীৰ মাজত যোগ অনুশীলন কৰাৰ এক দৃশ্য
 
পৰ্যটন খণ্ডৰ সৈতে জড়িত ব্যক্তিসকলৰ মতে, এনে উদ্যোগে কাশ্মীৰক এক নতুন পৰিচয় প্ৰদান কৰিব পাৰে। ইতিমধ্যে উপত্যকাটো এডভেঞ্চাৰ ট্যুৰিজম, ট্ৰেকিং, স্কিইং আৰু জলক্ৰীড়াৰ বাবে সুপৰিচিত। তাৰ সৈতে ‘ফ্লোটিং যোগা’ৰ দৰে নতুন সংযোজনে ‘ৱেলনেছ ট্যুৰিজম’কো নতুন মাত্ৰা প্ৰদান কৰিব পাৰে। 
 
অনুষ্ঠানৰ অন্তত বহু অংশগ্ৰহণকাৰীয়ে কয় যে, তেওঁলোকে নিজকে অধিক সজীৱ, সতেজ আৰু উদ্যমী অনুভৱ কৰিছে। হ্ৰদৰ মাজত, প্ৰকৃতিৰ কোলাত বহি কৰা এই যোগাভ্যাস তেওঁলোকৰ বাবে এক আধ্যাত্মিক অভিজ্ঞতালৈ ৰূপান্তৰিত হৈছিল।
 
স্থানীয় বাসিন্দাসকলেও এই পদক্ষেপক আদৰণি জনাইছে। তেওঁলোকৰ বিশ্বাস, এনে অনুষ্ঠানসমূহে বিশ্বৰ আগত কাশ্মীৰৰ এক ইতিবাচক প্ৰতিচ্ছবি দাঙি ধৰাৰ লগতে যুৱ সমাজৰ মাজত স্বাস্থ্য আৰু ফিটনেছ সম্পৰ্কীয় সজাগতাও বৃদ্ধি কৰিব। 
 
আয়োজকসকলে আশা প্ৰকাশ কৰিছে যে, ভৱিষ্যতে ‘ফ্লোটিং যোগা’ নিয়মীয়া কাৰ্যকলাপ হিচাপে গঢ় লৈ উঠিব। যদি তেনে হয়, তেন্তে ই কেৱল স্থানীয় লোকসকলৰ বাবেই নহয়, দেশ-বিদেশৰ পৰ্যটকসকলৰ বাবেও এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিব। 
 
ডাল হ্ৰদৰ বুকুত অনুষ্ঠিত এই অভিনৱ যোগাভ্যাসে স্পষ্টভাৱে প্ৰদৰ্শন কৰি দেখুৱাইছে যে, যোগ, প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ সমন্বয়ে সমাজলৈ এক ইতিবাচক পৰিৱৰ্তনৰ বাৰ্তা কঢ়িয়াই আনিব পাৰে। কাশ্মীৰৰ শান্ত উপত্যকাত সম্পন্ন এই ব্যতিক্ৰমী প্ৰয়াসে আগন্তুক দিনত এক নতুন ধাৰাৰ সূচনা কৰাৰ সম্ভাৱনা বহন কৰি আহিছে।