বিশ্ব সুন্দৰী ২০২৬ৰ খিতাপ অৰ্জন ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী মোলাৰ

Story by  atv | Posted by  Munni Begum • 38 m ago
বিশ্ব সুন্দৰী ২০২৬ৰ খিতাপ অৰ্জন ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী মোলাৰ
বিশ্ব সুন্দৰী ২০২৬ৰ খিতাপ অৰ্জন ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী মোলাৰ
 
নহা ট্ৰং
 
মিনিকান ৰিপাব্লিকৰ জোহেইৰী মোলাই বিশ্ব সুন্দৰী ২০২৬ৰ খিতাপ অৰ্জন কৰিছে। শনিবাৰে ভিয়েটনামৰ ন্হা ট্ৰঙত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ ৭৩ সংখ্যক সংস্কৰণত জোহেইৰী মোলাই বিজয়ৰ শেষ হাঁহিটি মাৰিবলৈ সক্ষম হৈছে। মেগা প্ৰতিযোগিতাখনিত তেওঁ ১১০খন দেশৰ প্ৰতিযোগীক পৰাভূত কৰি খিতাপ দখল কৰে। 
 
মালয়েছিয়া, দক্ষিণ আফ্ৰিকা, স্পেইন, ভিয়েটনাম আদি দেশৰ প্ৰতিযোগীসকলৰ লগত চূড়ান্ত ৰাউণ্ডত প্ৰৱেশ কৰি ডমিনিকান ৰিপাব্লিকৰ সুন্দৰীগৰাকীয়ে এই আকাংক্ষিত মুকুট অৰ্জন কৰিবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাত স্পেইনৰ এলিজাবেথ ৰেইনছ আলাবাৰ্ণে প্ৰথম ৰাণাৰ্ছ আপ হিচাপে নিৰ্বাচিত হয়। আনহাতে মালয়েছিয়াৰ টানুছিয়া চেট্টিয়ে দ্বিতীয় ৰাণাৰ্ছ আপতে ক্ষান্ত থাকিবলগীয়া হয়। 
 
প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰাৰ পিচতেই থাইলেণ্ডৰ বৰ্তমানৰ বিশ্ব সুন্দৰী অপাল সুচাতা চুৱাংশ্ৰীয়ে তেওঁৰ উত্তৰাধিকাৰীক মুকুট পিন্ধায়। এইবাৰ ভাৰতৰ বাবে ফলাফল আশাপ্ৰদ নহ'ল। ভাৰতক প্ৰতিনিধিত্ব কৰা নিকিতা পৰৱালে ৭৩ সংখ্যক বিশ্ব সুন্দৰী প্ৰতিযোগিতাৰ শীৰ্ষ ৪০ গৰাকী প্ৰতিযোগীৰ ভিতৰতে নিজৰ যাত্ৰাৰ সামৰণি মাৰিবলগীয়া হয়।  
 
ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৪ বিজয়ীগৰাকীয়ে ভিয়েটনামত অনুষ্ঠিত ফাইনেলত শীৰ্ষ ২০ ৰ ভিতৰত স্থান লাভ কৰাত ব্যৰ্থ হয়। এই সন্দৰ্ভত সামাজিক মাধ্য়মত মিছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনে কৰা এটা পোষ্টত লিখিছে, "বিশ্ব সুন্দৰী প্ৰতিযোগিতাৰ উপৰ্যুপৰি পাঁচটা সংস্কৰণত স্থান লাভৰ ভাৰতৰ উল্লেখযোগ্য ধাৰা অব্যাহত ৰাখি শীৰ্ষ ৪০ ৰ ভিতৰত ৭৩ সংখ্যক মিছ ৱৰ্ল্ড যাত্ৰাৰ সামৰণি মাৰে।"
 
এইবাৰ ভিয়েটনামৰ খান হোয়াৰ নহা ট্ৰঙত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখনি। এই অনুষ্ঠানটোৱে মিছ ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিও উদযাপন কৰে।