আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি অৰ্থাৎ ২১ জুনত সমগ্ৰ বিশ্বৰ লগতে অসমতো যোগাভ্যাসক কেন্দ্ৰ কৰি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে। কেৱল একদিনীয়া অনুষ্ঠান হিচাপে নহয়, বৰ্তমান বহু লোকে সুস্থ জীৱনশৈলীৰ এক অংশ হিচাপে যোগক নিয়মীয়াকৈ কৰিবলৈ আৰম্ভ কৰিছে। চিকিৎসক, শিক্ষক, প্ৰশিক্ষক আৰু সাধাৰণ নাগৰিক ইত্যাদি সকলোৰে মাজতে যোগাভ্যাসৰ স্বাস্থ্যগত আৰু মানসিক উপকাৰিতাক লৈ সজাগতা বৃদ্ধি পাইছে।
এই সন্দৰ্ভত I AmTheBest Leadership Academyৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া টিনত আতিফা মাছুদে আৱাজ-দ্য ভইচ' অসমক কয় যে, "কেইবছৰমান আগতে মোৰ যোগাভ্যাসৰ সৈতে সম্পৰ্ক আৰম্ভ হৈছিল। ই কোনো বাধ্যবাধকতাৰ অংশ হিচাপে কৰা নিয়মীয়া অনুশীলন নাছিল; বৰঞ্চ ই আছিল নিজৰ জীৱন, শৰীৰ আৰু মনৰ প্ৰতি এক আন্তৰিক সমৰ্পণ। প্ৰতিটো নিশ্বাস যেন মোৰ শৰীৰৰ সৈতে হোৱা এক নীৰৱ আলাপ, আৰু প্ৰতিটো আসন যেন নিজৰ শক্তি আৰু দুৰ্বলতাক সন্মান জনোৱাৰ এক প্ৰতিশ্ৰুতিৰ দৰে আছিল।"
তেওঁ কয়, "সূৰ্য নমস্কাৰৰ শক্তিৰ বিষয়ে মই আগৰে পৰাই অৱগত আছিলোঁ। কিন্তু এই অনুশীলনে মোক একেলগে শৃংখলা, ধৈৰ্য আৰু আনন্দৰ পাঠ শিকাইছে। ২০২৩ চনত মাত্ৰ পঁচিশ মিনিটৰ ভিতৰত ১০৮ বাৰ সূৰ্য নমস্কাৰ সম্পূৰ্ণ কৰাৰ স্মৃতি আজিও মোৰ মনত আছে। সেয়া মোৰ বাবে কোনো কৃতিত্বৰ পদক নহয়, বৰঞ্চ নিষ্ঠা আৰু অধ্যৱসায়ে কিদৰে সহনশীলতা, একাগ্ৰতা আৰু শাৰীৰিক সক্ষমতা গঢ়ি তোলে তাৰ এক জীৱন্ত দলিল।"
তেওঁ কয়, "প্ৰতিদিন সূৰ্য নমস্কাৰ কৰা মোৰ বাবে স্বাস্থ্য, মানসিক স্বচ্ছতা আৰু জীৱনৰ প্ৰতি কৃতজ্ঞতা জনোৱাৰ এক মাধ্যম। বিগত এবছৰ ধৰি মই অনলাইনযোগে প্ৰখ্যাত যোগ শিক্ষক সৌৰভ বোথ্ৰাৰ তত্বাৱধানত যোগাভ্যাস কৰি আহিছোঁ। প্ৰতিটো পুৱা তেওঁৰ ক্লাছত অংশ লওঁতে মোৰ সমগ্ৰ মনোযোগ গভীৰ শ্বাস-প্ৰশ্বাস আৰু আত্ম-অনুসন্ধানৰ দিশে কেন্দ্ৰীভূত হয়। এই অভ্যাসে কেৱল শৰীৰক নমনীয় কৰাই নহয়, মনকো অধিক স্থিৰ, শান্ত আৰু সম্ভাৱনাময় কৰি তোলে।"
প্ৰতিনিধিত্বমূলক ছবি
তেওঁ কয় যে, "নেতৃত্ব বিকাশৰ প্ৰশিক্ষণৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলক প্ৰাণায়াম শিকোৱাৰ সুযোগ লাভ কৰাটো মোৰ বাবে এক বিশেষ সৌভাগ্যৰ কথা। এজন শিক্ষাৰ্থীৰ অস্থিৰ নিশ্বাস কেনেকৈ ধীৰে ধীৰে স্থিৰ হৈ আহে, টান মৰা কান্ধ ঢিলা হোৱা বা মুখত শান্তিৰ আভা দেখা আদি সকলো দৃশ্যই মোক গভীৰভাৱে স্পৰ্শ কৰে। প্ৰাণায়াম হৈছে উদ্বেগ আৰু প্ৰশান্তিৰ মাজৰ এখন সেতু, যিয়ে ব্যস্ত জীৱনৰ চাপ, নিদ্ৰাহীন ৰাতি আৰু নিত্যদিনৰ ব্যস্ততাৰ মাজতো আমাক মানসিক ভাৰসাম্য বজাই ৰাখিবলৈ সহায় কৰে। মই সদায় ছাত্ৰ-ছাত্ৰীসকলক কওঁ যে, যোগৰ সফলতা নিখুঁত আসন আয়ত্ত কৰাত নহয়, বৰঞ্চ নিজৰ নিশ্বাস আৰু বৰ্তমান মুহূৰ্তৰ সৈতে সংযোগ স্থাপন কৰাত। যোগ আৰু শাৰীৰিক ব্যায়াম মোৰ দৃষ্টিত দুটা পৃথক পথ নহয়; ই একেটা যাত্ৰাৰ দুটা দিশ, যাৰ লক্ষ্য হৈছে সুস্থ, সজাগ আৰু শক্তিশালী শৰীৰৰ লগতে সহানুভূতিশীল আৰু সাহসী মন গঢ়ি তোলা। সেয়ে মই সকলোকে যোগাভ্যাসৰ বাবে কিছু সময় উলিয়াবলৈ উৎসাহিত কৰোঁ। ইয়াক শৰীৰক শান্তি দিয়াৰ উপায় হিচাপে নহয়, বৰঞ্চ শৰীৰে আমাক যি অসংখ্য সম্ভাৱনা আৰু সামৰ্থ্য প্ৰদান কৰে, তাৰ এক উদযাপন হিচাপে চাব লাগে। ধীৰে ধীৰে আৰম্ভ কৰক, সাহসেৰে নিশ্বাস লওক, আৰু যোগাভ্যাসে আপোনাক সুন্দৰভাৱে জীৱন যাপনৰ কলা শিকাব।"
ইফালে, গুৱাহাটী মহানগৰীৰ এগৰাকী শিক্ষয়ত্ৰী তাছনিম আনৱাৰীয়ে যোগ সন্দৰ্ভত কয় যে, আজিকালি বহুতে বিভিন্ন ধৰণৰ ব্যায়াম আৰু শৰীৰচৰ্চা কৰিলেও যোগৰ বহুমুখী উপকাৰিতাৰ বিষয়ে বহু মানুহ এতিয়াও সম্পূৰ্ণভাৱে অৱগত নহয়। তেওঁৰ ব্যক্তিগত অভিজ্ঞতা অনুসৰি নিয়মিত যোগাভ্যাসে শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটাই সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
তেওঁৰ মতে, বিদ্যালয় পৰ্যায়ৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক যোগাভ্যাসৰ সৈতে পৰিচয় কৰাই দিয়া উচিত। তেওঁ কয়, “কিছুমান শিশুৰ শৰীৰৰ নমনীয়তা বা ভংগীমাসংক্রান্ত সমস্যা থাকে। নিয়মিত যোগাভ্যাসে সেইবোৰ শুধৰাই তোলাত সহায় কৰে। প্ৰশিক্ষকৰ পৰামৰ্শ অনুসৰি যোগ অনুশীলন কৰিলে বহু স্বাস্থ্যজনিত সমস্যাৰ পৰা উপকৃত হ’ব পাৰি। বিশেষকৈ মূৰৰ বিষ, মাইগ্ৰেইন, মানসিক চাপ আদি সমস্যাৰ ক্ষেত্ৰত যোগাভ্যাসে যথেষ্ট সহায়ক ভূমিকা পালন কৰে। সেয়েহে স্বাস্থ্য ভালে ৰাখিবলৈ যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংশ কৰি লোৱাটো প্ৰয়োজনীয়।"
প্ৰতিনিধিত্বমূলক ছবি
প্ৰায় পোন্ধৰ বছৰ ধৰি যোগাভ্যাসৰ সৈতে জড়িত থকা শিক্ষয়িত্ৰী গৰাকীয়ে কয় যে ,বৰ্তমান তেওঁ বিদ্যালয়তো নিয়মিতভাৱে যোগ ক্লাছ পৰিচালনা কৰে। সৰু সৰু ছাত্ৰ-ছাত্ৰীসকলক বয়স অনুসৰি সহজ যোগাসন, ষ্ট্ৰেচিং আৰু শাৰীৰিক অনুশীলন শিকোৱা হয়। তেওঁ কয়, "সকলো শিশু একেলগে জটিল যোগাসন বুজি নাপায়। সেয়েহে আমি ধীৰে ধীৰে তেওঁলোকক বিভিন্ন আসন আৰু ব্যায়ামৰ সৈতে পৰিচয় কৰাই দিওঁ। নিয়মিত অনুশীলনৰ ফলত তেওঁলোকৰ শৰীৰ অধিক নমনীয় হয়, মনোযোগ বৃদ্ধি পায় আৰু শাৰীৰিকভাৱেও অধিক সক্ৰিয় হৈ উঠে।"
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দৰে বিশেষ দিন উপলক্ষে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে একেলগে অংশগ্ৰহণ কৰি যোগৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰে। তেওঁ জনায় যে, বিদ্যালয়ত সাধাৰণতে প্ৰাৰ্থনাৰ পিছত বিশেষ যোগ ছেছন অনুষ্ঠিত কৰা হয়। ইয়াত ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন যোগাসন শিকোৱাৰ লগতে ইয়াৰ উপকাৰিতাৰ বিষয়েও বুজাই দিয়া হয়।
যোগ আৰু নামাজৰ মাজত কিছুমান শাৰীৰিক ভংগীমাৰ মিল সম্পৰ্কে শিক্ষয়ত্ৰী তাছনিমে কয়, "প্ৰাচীন কালৰে পৰাই যোগ অনুশীলন কৰি অহা হৈছে। যোগ আৰু নামাজ দুয়োটাৰে নিজস্ব উদ্দেশ্য আৰু তাৎপৰ্য আছে। যেনেদৰে যোগৰ পৰা শাৰীৰিক আৰু মানসিক সুস্থতা লাভ কৰিব পাৰি ঠিক তেনেদৰে নামাজ এক ধৰ্মীয় উপাসনাৰ লগতে ই বহু শাৰীৰিক লাভালাভ প্ৰদান কৰি আহিছে। পাৰ্থক্য কেৱল ইমানে যে, আমি যোগ কৰিলে ঔঁম শব্দটি উচ্চৰণ কৰো আৰু নামাজত নকৰো। কিন্তু দুয়োটাই মানুহক শৃংখলাবদ্ধ জীৱন যাপন আৰু আত্মসংযমৰ শিক্ষা দিয়ে।"
শ্বেইখ মহম্মদ ছাবাহ আল-আহমেদে যোগাভ্যাস কৰা এক দৃশ্য
গুৱাহাটীৰ পানবজাৰস্থিত ডন বস্কো স্কুলৰ জ্যেষ্ঠ ইংৰাজী আৰু সমাজ বিজ্ঞানৰ শিক্ষক তথা কবি শ্বেইখ মহম্মদ ছাবাহ আল-আহমেদে কয় যে, যোগৰ সৈতে তেওঁৰ পৰিচয় হৈছিল আজিৰ পৰা প্ৰায় এদশকৰো অধিক সময় আগতে। তেওঁৰ প্ৰথম যোগগুৰু শ্ৰী জে পি মজুমদাৰেই তেওঁক যোগাভ্যাসৰ সূক্ষ্মতা আৰু মূলভিত্তিসমূহৰ সৈতে পৰিচিত কৰাই দিছিল।
তেওঁ কয়, “নিয়মীয়াকৈ তেওঁৰ ক্লাছত অংশ লোৱাৰ মাত্ৰ এমাহ-দুমাহৰ ভিতৰতে মই নিজৰ মাজত এক উল্লেখযোগ্য পৰিবৰ্তন অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। মানসিক, আৱেগিক আৰু আধ্যাত্মিকভাৱে মই যেন পুনৰ সজীৱ হৈ উঠিছিলোঁ। জীৱনটোৱে যেন এক নতুন গতি লাভ কৰিছিল। মই নিজকে প্ৰায় ২০ বছৰ কম বয়সীয়া আৰু অধিক সুস্থ অনুভৱ কৰিছিলোঁ।"
ক'ভিড মহামাৰীৰ সময়ত তেওঁ অনলাইনযোগে যোগাভ্যাস অব্যাহত ৰাখিছিল। পিছত ২০২১ চনত তেওঁৰ দ্বিতীয় যোগগুৰু উজ্জ্বল ভট্টাচাৰ্যই ঘৰতে নিয়মীয়া ক্লাছৰ জৰিয়তে তেওঁক দিক-নিৰ্দেশনা দিবলৈ আৰম্ভ কৰে। বিশেষকৈ প্ৰাণায়ামৰ অনুশীলনে তেওঁৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলায়। তেও কয়, "নিয়মীয়াকৈ প্ৰাণায়াম কৰাৰ ফলত মই উন্নত আৰু গভীৰ নিদ্ৰা লাভ কৰিবলৈ সক্ষম হৈছো। লগতে মনৰ শান্তি আৰু মানসিক স্থিৰতাও বহুগুণে বৃদ্ধি পাইছে।"
প্ৰতিনিধিত্বমূলক ছবি
এজন শিক্ষক হিচাপে ছাবাহ আল-আহমেদে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়াকৈ অন্ততঃ আধা ঘণ্টা সময় যোগাভ্যাসৰ বাবে উলিয়াবলৈ উৎসাহিত কৰে। তেওঁৰ মতে, ঘৰত ইউটিউব বা অন্যান্য মাধ্যমৰ সহায়ত সহজ যোগাভ্যাস কৰিলেও ই ছাত্ৰ-ছাত্ৰীসকলৰ মনোযোগ বৃদ্ধি, স্মৃতিশক্তি উন্নত কৰা আৰু অধ্যয়নত অধিক একাগ্ৰতা আনিবলৈ সহায় কৰে।
৫২ বছৰ বয়সতো সুস্থ আৰু সক্ৰিয় জীৱনধাৰা বজাই ৰখাৰ প্ৰতি বিশেষ আগ্ৰহী ছাবাহ আল-আহমেদে সহকৰ্মী, বন্ধু-বান্ধৱ অথবা যোগৰ বিষয়ে জানিবলৈ আগ্ৰহী যিকোনো ব্যক্তিক এই প্ৰাচীন ভাৰতীয় কলাৰ উপকাৰিতাৰ বিষয়ে পৰামৰ্শ আগবঢ়াই আহিছে। তেওঁৰ বিশ্বাস, যোগ কেৱল এক শাৰীৰিক ব্যায়াম নহয়; ই হৈছে সুস্থ শৰীৰ, শান্ত মন আৰু সুষম জীৱনৰ এক সামগ্ৰিক পথ।
আন এগৰাকী সফল মহিলা উদ্যোগী ৰুনা ৰফিকে যোগাভ্যাসৰ শক্তিত গভীৰভাৱে বিশ্বাস কৰে আৰু বিগত প্ৰায় ২০ বছৰ ধৰি নিয়মীয়াকৈ যোগচৰ্চা কৰি আহিছে। তেওঁৰ মতে, যোগ যদি সঠিক পদ্ধতিৰে আৰু নিয়মিতভাৱে অনুশীলন কৰা যায়, তেন্তে ই কেৱল সুস্থ শৰীৰেই নহয়, ই এক শান্ত, স্থিৰ আৰু ইতিবাচক মনো গঢ়ি তোলে।
তেওঁ কয়, "এজন সুস্থ আৰু মানসিকভাৱে সুষম ব্যক্তিয়ে সমাজত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। সেইদৰে এক সুস্থ সমাজে এখন উন্নত পৃথিৱী গঢ়ি তোলাত সহায় কৰে। সেয়েহে যোগক জীৱনৰ এক অবিচ্ছেদ্য অংশ হিচাপে গ্ৰহণ কৰা উচিত।"
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোগাভ্যাস কৰাৰ এক দৃশ্য
ৰুনা ৰফিকৰ মতে, বৰ্তমানৰ সময়ত মানসিক চাপ আৰু উদ্বেগ সকলো বয়সৰ মানুহৰ জীৱনৰ এক সাধাৰণ অংশ হৈ পৰিছে। যোগাভ্যাসে এই সমস্যাসমূহৰ সৈতে অতি সুন্দৰভাৱে মোকাবিলা কৰিবলৈ শিকায়। তেওঁ কয়, "যোগে আমাক আমাৰ মনটোক নিয়ন্ত্ৰণত ৰাখিবলৈ শিকায়, আৰু ইয়াৰ আৰম্ভণি হয় নিজৰ নিশ্বাস-প্ৰশ্বাসক নিয়ন্ত্ৰণ কৰাৰ জৰিয়তে। বিভিন্ন ধৰণৰ শ্বাস-প্ৰশ্বাসৰ কৌশল আৰু যোগাসনৰ সমন্বয়ে শৰীৰক সুস্থ আৰু মনক চাপমুক্ত কৰি ৰাখে।"
তেওঁৰ মতে, যোগদৰ্শনৰ মূল শিক্ষা হৈছে শৰীৰ আৰু মনৰ মাজত ভাৰসাম্য স্থাপন কৰা। যোগিক জীৱনধাৰাই এই দুয়োটাৰে সমান গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, "শৰীৰ সুস্থ হ’লেই যথেষ্ট নহয়, মনো সমানে সুস্থ আৰু শান্ত হ’ব লাগিব। যোগে আমাক এই ভাৰসাম্য ৰক্ষা কৰাৰ পথ দেখুৱায়।"
ৰুনা ৰফিকে বিশ্বাস কৰে যে, নিয়মীয়া যোগাভ্যাসে ব্যক্তিগত কল্যাণৰ লগতে সমাজৰ সামগ্ৰিক সুস্থতা আৰু সম্প্ৰীতি বৃদ্ধিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
পদ্মশ্ৰী চিকিৎসক ডাঃ ইলিয়াছ আলী
যোগাভ্যাসৰ বিষয়ে পদ্মশ্ৰী চিকিৎসক ডাঃ ইলিয়াছ আলীয়ে কয় যে, তেওঁ এগৰাকী চিকিৎসক হিচাপে যোগাভ্যাসৰ উপকাৰিতাত সম্পূৰ্ণ বিশ্বাস কৰে। অৱশ্যে তেওঁৰ মতে, যোগক কেৱল এটা চলিত ধাৰা বা সামাজিক মাধ্যমত প্ৰচাৰৰ বিষয় হিচাপে গ্ৰহণ কৰা উচিত নহয়। যোগাভ্যাসৰ ক্ষেত্ৰত এক সামগ্ৰিক দৃষ্টিভংগী অৱলম্বন কৰাটো অত্যন্ত প্ৰয়োজনীয়। আজিকালি বহুতে যোগ জনপ্ৰিয় হোৱাৰ বাবে বা সামাজিক মাধ্যমত প্ৰচাৰৰ উদ্দেশ্যে যোগাভ্যাস কৰে। কিন্তু ইয়াৰ প্ৰকৃত স্বাস্থ্যগত আৰু মানসিক সুফল লাভ কৰিব বিচাৰিলে সঠিক নিয়ম, সঠিক পদ্ধতি আৰু উপযুক্ত নিৰ্দেশনাৰ অধীনত অনুশীলন কৰিব লাগিব।”
ডাঃ আলীৰ মতে, সকলো ধৰণৰ যোগাভ্যাস সকলো বয়সৰ লোকৰ বাবে সমানে উপযোগী নহয়। উদাহৰণস্বৰূপে, প্ৰাণায়াম বা গভীৰ শ্বাস-প্ৰশ্বাসৰ কিছুমান বিশেষ অনুশীলন প্ৰাপ্তবয়স্কসকলৰ বাবে উপকাৰী হ’ব পাৰে যদিও সৰু শিশুৰ ক্ষেত্ৰত দৌৰা, খেল-ধেমালি আৰু অন্যান্য শাৰীৰিক কাৰ্যকলাপক অধিক গুৰুত্ব দিব লাগে। যোগাৰ মূল উদ্দেশ্য হৈছে শৰীৰ, মন আৰু জীৱনশৈলীৰ মাজত এক সুসমন্বয় স্থাপন কৰা। বিশেষকৈ সঠিকভাৱে কৰা গভীৰ শ্বাস-প্ৰশ্বাসৰ অনুশীলনে হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে মানসিক চাপ হ্ৰাস আৰু সামগ্ৰিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে।
চিকিৎসক, প্ৰশিক্ষক আৰু শিক্ষাবিদসকলৰ মতে, যোগা কোনো নতুন পদ্ধতি নহয়; ই হাজাৰ হাজাৰ বছৰৰ পৰা চলি অহা এক প্ৰাচীন আৰু বিজ্ঞানসম্মত জীৱনশৈলী। নিয়মিত আৰু সঠিকভাৱে কৰা যোগাভ্যাসে শাৰীৰিক সুস্থ কৰি ৰখাৰ লগতে মানসিক শান্তি, একাগ্ৰতা আৰু জীৱনৰ সামগ্ৰিক মান উন্নত কৰাত সহায় কৰে। সেইবাবেই তেওঁলোকে সকলোকে যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংশ কৰি লোৱাৰ আহ্বান জনাইছে।