কেন্দ্ৰীয় পাঠ্যপুথিত ন্যায়ালয়ৰ ভূমিকা বিষয়ত হোৱা বিবাদক লৈ ৰাজহুৱা ক্ষমা NCERT ৰ

Story by  atv | Posted by  [email protected] • 4 h ago
NCERT
NCERT
 
নতুন দিল্লী
 
সমাজত ন্যায়ালয়ৰ ভূমিকা শীৰ্ষক এক অধ্যায় কেন্দ্ৰীয় পাঠ্যপুথিত অন্তৰ্ভুক্তি হোৱাক লৈ দেশজুৰি চলা প্ৰতিবাদৰ পিছত সেয়া বিলুপ্ত কৰিবলৈ কেন্দ্ৰীয় 'শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় পৰিষদ', চমুকৈ এনচিইআৰটিয়ে মঙলবাৰে সামাজিক মাধ্য়মযোগে ক্ষমাপ্ৰাৰ্থী হৈ এটা পোষ্ট কৰিছে ৷
 
সামাজিক মাধ্য়ম এক্সত 'শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় পৰিষদ', চমুকৈ এনচিইআৰটিয়ে উল্লেখ কৰিছে, "অলপতে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ নতুন পাঠ্য়পুথি “Exploring Society: India and Beyond"ত প্ৰকাশ পোৱা এটা অধ্য়য় 'সমাজত ন্য়ায়ালয়ৰ ভূমিকা' শীৰ্ষক অধ্য়ায়টোত থকা ভুলৰ বাবে প্ৰতিষ্ঠানটোৰ নিৰ্দেশকসহ সকলো সদস্য়ই নিঃচৰ্ত ক্ষমা বিচৰাৰ লগতে পূৰ্ণ ক্ষমাপ্ৰাৰ্থী ৷ উক্ত কিতাপখন সম্পূৰ্ণৰূপে বিলুপ্ত কৰা হৈছে আৰু ক'তো পাবলৈ নাই ৷ এই সন্দৰ্ভত ইতিমধ্য়ে হৈ যোৱা অসুবিধাৰ বাবে আমি ক্ষমাপাৰ্থী ৷ দেশত শৈক্ষিক পৰিৱেশ সুস্থ কৰি ৰখাৰ স্বাৰ্থত এনচিইআৰটি শুদ্ধ, দায়িত্বসম্পন্ন, সংবেদশীল হৈ থকাৰ পণত অটল আছে আৰু থাকিব ৷"
উল্লেখযোগ্য যে এই ৰাজহুৱা ক্ষমা উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত ১১ মাৰ্চত ল'বলগীয়া শুনানীৰ এটা দিন আগত আহিছে ৷ বিগত ২৬ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে এই গোচৰত শুনানী গ্ৰহণ কৰি এনচিইআৰটিৰ নিৰ্দেশক তথা কেন্দ্ৰীয় স্কুল শিক্ষা বিভাগৰ সচিবলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল৷
 
কেন্দ্ৰীয় পাঠ্যপুথিৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ এটা অধ্যায়ত ন্যায় ব্যৱস্থা দুৰ্নীতি সন্দৰ্ভত তথা ন্যায় ব্যৱস্থা লেহেমীয়া হৈ পৰা গোচৰ নিস্পত্তি বিষয়ত কথা সন্নিৱিষ্ট কৰা সেয়া প্ৰকাশ হোৱাৰ পাছত দেশজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷
 
এই বিষয়টো প্ৰকাশ হোৱাৰ পাছত দেশৰ ন্যায় ব্যৱস্থাই ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিল৷ এই বিষয়ত সৰ্বোচ্চ ন্য়ায়ালয়ে নিজাকৈ গোচৰ ৰজু কৰি পাঠ্যপুথি খনৰ প্ৰকাশ আৰু বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছিল৷ এনচিইআৰটিয়েও প্ৰকাশিত পাঠ্য়পুথিৰ বিতৰিত কিতাপবোৰ ঘূৰাই দিবলৈ নিৰ্দেশনাও জাৰি কৰিছিল৷
 
ন্যায়ালয়ত দুৰ্নীতি আৰু ন্যায়ালয়ত নিস্পত্তি নোহোৱাকৈ পৰি ৰোৱা গোচৰবোৰৰ সন্দৰ্ভত কেন্দ্ৰীয় পাঠ্যপুথিত বিষয় সংয়োজন হোৱা বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিছিল। এই বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল।