নেপাল: বিস্ফোৰক ‘জেনেৰেচন জি’ (Gen Z)ৰ আকাংক্ষাৰ মাজত ৰেপাৰ আৰু আৰ.জে.ৰ শাসন

Story by  atv | Posted by  Munni Begum • 10 h ago
নেপালৰ প্ৰধানমন্ত্ৰী বালন্দ্ৰ শ্বাহ আৰু তেওঁৰ নৱগঠিত মন্ত্ৰীসভা
নেপালৰ প্ৰধানমন্ত্ৰী বালন্দ্ৰ শ্বাহ আৰু তেওঁৰ নৱগঠিত মন্ত্ৰীসভা
 
বিদুশী গৌৰ / নতুন দিল্লী
 
ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ নেপালৰ উত্তৰণ এক আমোদজনক পৰিৱেশৰ সৃষ্টি হৈছে। বাওঁপন্থী চৰকাৰক পৰাস্ত কৰি এতিয়া হিমালয়ৰ দেশখনৰ শাসনৰ বাঘজৰী ধৰিছে জনপ্ৰিয় ৰেপাৰ তথা বিশ্বৰ অন্যতম কনিষ্ঠ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে। তেওঁৰ মন্ত্ৰীসভাখনো সমানেই ব্যতিক্ৰমী আৰু ই দেশখনৰ উচ্চাকাংক্ষী যুৱ প্ৰজন্মক প্ৰকৃত প্ৰতিনিধিত্ব কৰিছে।
 
ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ নেতা বালেন শ্বাহ এজন প্ৰশিক্ষিত ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ আৰু কাঠমাণ্ডুৰ প্ৰাক্তন মেয়ৰ। তেওঁৰ কেবিনেটখনে ইয়াৰ যুৱ পৰিচয়, বৃত্তিমূলক বিশেষজ্ঞতা আৰু বৈচিত্ৰময় সামাজিক পটভূমিৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
 
 
কেৱল পেছাদাৰী ৰাজনীতিবিদৰ দ্বাৰা পৰিচালিত পৰম্পৰাগত মন্ত্ৰীসভাৰ বিপৰীতে বালেন শ্বাহৰ চৰকাৰে এক নতুন আৰ্হি প্ৰদৰ্শন কৰিছে: ইয়াত আছে কাৰিকৰী বিশেষজ্ঞ (টেকনোক্ৰেট), পেছাদাৰী ব্যক্তি, অৰ্থনীতিবিদ, শিক্ষাবিদ, যুৱ নেতা আৰু সংস্কাৰমুখী জনসাধাৰণ। বিভিন্ন অঞ্চল, সম্প্ৰদায় আৰু বৃত্তিৰ পৰা অহা এই মন্ত্ৰীসকলে এখন অন্তৰ্ভুক্তিমূলক আৰু আধুনিক চৰকাৰ গঠনৰ প্ৰচেষ্টাক সূচাইছে।
 
এই চৰকাৰৰ কেন্দ্ৰবিন্দু হৈছে প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ নিজেই, যিয়ে প্ৰতিৰক্ষা দপ্তৰৰো দায়িত্ব পালন কৰিছে। সংগীত আৰু পৰৱৰ্তী সময়ত ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ অভিযান্ত্ৰিক বিদ্যাৰ শৈক্ষিক অৰ্হতা অৰ্জন কৰিছিল। এজন চিভিল ইঞ্জিনিয়াৰৰ পৰা এগৰাকী প্ৰতিষ্ঠা-বিৰোধী মেয়ৰ আৰু তাৰ পিছত প্ৰধানমন্ত্ৰী হোৱা তেওঁৰ যাত্ৰাই পুৰণি ৰাজনৈতিক গাঁথনিৰ বিকল্প বিচৰা নেপালৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিছে।
 
বিত্তমন্ত্ৰী স্বৰ্ণিম ৱাগলেক কেবিনেটৰ অন্যতম উচ্চশিক্ষিত সদস্য হিচাপে গণ্য কৰা হয়। আন্তঃৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণৰ অভিজ্ঞতা থকা এইগৰাকী অৰ্থনীতিবিদে ৰাষ্ট্ৰসংঘৰ দৰে প্ৰতিষ্ঠানৰ সৈতে কাম কৰিছে আৰু নেপালৰ অৰ্থনৈতিক সংস্কাৰৰ সৈতে জড়িত হৈ আছে। তেওঁৰ উপস্থিতিয়ে বজাৰখনক এই আশ্বাস দিছে যে এই যুৱ চৰকাৰখনে অৰ্থনৈতিক দক্ষতাকো গুৰুত্ব দিব।
 
বিত্তমন্ত্ৰী স্বৰ্ণিম ৱাগলে আৰু নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহ
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শিশিৰ খানালে নীতি-আধাৰিত নেতৃত্বৰ নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে। সাংগঠনিক আৰু প্ৰশাসনিক দক্ষতাৰ বাবে পৰিচিত খানালে ভাৰত আৰু চীনৰ দৰে চুবুৰীয়া দেশসমূহৰ সৈতে নেপালৰ কূটনৈতিক ভাৰসাম্য ৰক্ষাৰ দৰে জটিল দায়িত্ব চম্ভালিব।
 
শক্তি, জলসম্পদ আৰু জলসিঞ্চন মন্ত্ৰী বিৰাজ ভক্ত শ্ৰেষ্ঠৰ পটভূমি উন্নয়ন আৰু ৰাজহুৱা ব্যৱস্থাৰ সৈতে জড়িত। জলবিদ্যুৎ শক্তিৰ সম্ভাৱনাৰে চহকী দেশ এখনত তেওঁৰ এই বিভাগটো অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁৰ অন্তৰ্ভুক্তিয়ে চৰকাৰৰ আন্তঃগাঁথনি আৰু ব্যৱহাৰিক শাসনৰ ওপৰত থকা মনোযোগক প্ৰকাশ কৰিছে।
 
গৃহমন্ত্ৰী সুদান গুৰুঙে নেপালৰ জনগোষ্ঠীয় বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। এজন উদ্যমী আৰু সংস্কাৰমুখী নেতা হিচাপে পৰিচিত গুৰুঙক আভ্যন্তৰীণ নিৰাপত্তা আৰু আইন বলৱৎ কৰাৰ দায়িত্ব দিয়া হৈছে। ৩৮ বছৰীয়া গুৰুং এজন প্ৰাক্তন ৰেডিঅ' জকী (RJ) আছিল।
 
বৈদেশিক মন্ত্ৰী শিশিৰ খানাল আৰু শক্তি, জলসম্পদ আৰু জলসিঞ্চন মন্ত্ৰী বিৰাজ ভক্ত শ্ৰেষ্ঠ
 
আন্তঃগাঁথনি আৰু পৰিবহণ মন্ত্ৰী সুনীল লামচালে গুৰুত্বপূৰ্ণ বিভাগসমূহৰ এটা চম্ভালিছে। নেপালৰ বিকাশৰ বাবে পথ আৰু সংযোগ ব্যৱস্থা আজিও অতি প্ৰয়োজনীয় আৰু লামচালৰ নিযুক্তিই চৰকাৰৰ কাৰিকৰী দৃষ্টিভংগীক স্পষ্ট কৰিছে। আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী হিচাপে চবিতা গৌতম কেবিনেটৰ এগৰাকী অন্যতম শক্তিশালী মহিলা মুখ হিচাপে আত্মপ্ৰকাশ কৰিছে। উচ্চশিক্ষিত আৰু স্পষ্টবাদী গৌতমে শাসন ব্যৱস্থাত যুৱ মহিলাৰ বৰ্ধিত অংশগ্ৰহণক প্ৰতিনিধিত্ব কৰিছে।
 
মহিলা, শিশু আৰু জ্যেষ্ঠ নাগৰিক দপ্তৰৰ মন্ত্ৰী সীতা বাদীয়ে সমাজৰ সেইটো অংশৰ প্ৰতিনিধিত্ব কৰিছে যিটো প্ৰায়ে আগৰ চৰকাৰবোৰত অনুপস্থিত আছিল। তেওঁৰ নিযুক্তিৰ জৰিয়তে সকলো সম্প্ৰদায় আৰু শ্ৰেণীৰ লোকক চৰকাৰত সামৰি লোৱাৰ এক প্ৰয়াস কৰা হৈছে। ফেডাৰেল পৰিক্ৰমা আৰু সাধাৰণ প্ৰশাসন মন্ত্ৰী প্ৰতিভা ৰাৱাল আন এগৰাকী উল্লেখযোগ্য মহিলা মন্ত্ৰী। প্ৰশাসনীয় সমন্বয়ৰ দায়িত্বত থকা ৰাৱালে দক্ষিণ এছিয়াৰ শাসন ব্যৱস্থাত বৃদ্ধি পোৱা শিক্ষিত মহিলা নেতৃত্বৰ ছবিখন ডাঙি ধৰিছে।
 
স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰী নিশা মেহতাক এগৰাকী পেছাদাৰী ভাৱে যোগ্য মন্ত্ৰী হিচাপে গণ্য কৰা হৈছে। মহামাৰীৰ পৰৱৰ্তী সময়ত স্বাস্থ্য খণ্ডত নীতিগত জ্ঞান আৰু প্ৰশাসনিক অনুশাসনৰ প্ৰয়োজন আৰু নতুন দিল্লীৰ এইমছ (AIIMS)ৰ প্ৰাক্তন ছাত্ৰী মেহতাৰ নিযুক্তি সেয়েহে আদৰণীয় হৈছে। শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী শস্মিত পোখৰেল চৰকাৰৰ যুৱ সংস্কাৰপন্থী গোটৰ অন্তৰ্ভুক্ত। শিক্ষাৰ সংস্কাৰ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু নিয়োগৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ’ব।
 
আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী সবিতা গৌতম আৰু গৃহমন্ত্ৰী চুডান গুৰুং
 
যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী বিক্ৰম তিমিলচিনাই নতুন চৰকাৰৰ ডিজিটেল আকাংক্ষাক প্ৰতিনিধিত্ব কৰিছে। যিহেতু বালেন শ্বাহ নিজেই ডিজিটেল যুগৰ ৰাজনীতিৰ জৰিয়তে উত্থান ঘটিছে, সেয়েহে এই বিভাগে চৰকাৰী যোগাযোগ আৰু প্ৰযুক্তি সেৱাক আধুনিক কৰি তুলিব বুলি আশা কৰা হৈছে। কৃষি আৰু পশুপালন বিকাশ মন্ত্ৰী গীতা চৌধুৰীয়ে দলটোত আঞ্চলিক আৰু লিংগ বৈচিত্ৰ্য বৃদ্ধি কৰিছে। নেপালৰ বহু পৰিয়ালৰ বাবে কৃষিয়েই মূল জীৱিকা, গতিকে গ্ৰাম্য অৰ্থনীতিৰ বাবে তেওঁৰ ভূমিকা হ’ব অতি গুৰুত্বপূৰ্ণ।
 
শ্ৰম আৰু নিয়োগ মন্ত্ৰী ৰামজী যাদৱ আৰু উদ্যোগ মন্ত্ৰী গৌৰী কুমাৰী যাদৱৰ নিযুক্তিয়ে মধেছী আৰু পিছপৰা সম্প্ৰদায়সমূহৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে নিযুক্তি আৰু উদ্যোগৰ পুনৰুজ্জীৱনত গুৰুত্ব দিছে। এই কেবিনেটখন কেৱল কম বয়সৰ বাবেই নহয়, বৰঞ্চ ইয়াৰ দৃষ্টিভংগীৰ বাবেহে ব্যতিক্ৰমী। ইয়াৰ বেছিভাগ সদস্যই পৰম্পৰাগত ক্ষমতাৰ দালাল হোৱাৰ পৰিৱৰ্তে শিক্ষিত পেছাদাৰী ব্যক্তি। বহুসংখ্যক মহিলা আৰু প্ৰথম প্ৰজন্মৰ জাতীয় নেতাৰ এই দলে নেপালৰ পৰিৱৰ্তিত আকাংক্ষাক প্ৰতিনিধিত্ব কৰিছে: বংশবাদৰ পৰিৱৰ্তে যোগ্যতা, বাগাড়ম্বৰৰ পৰিৱৰ্তে কাম আৰু স্থবিৰতাৰ পৰিৱৰ্তে যৌৱন।
 
অৱশ্যে, এই অনুন্নত দেশখনৰ বিশাল প্ৰত্যাহ্বানসমূহৰ প্ৰতি লক্ষ্য ৰাখিলে বালেন শ্বাহৰ সন্মুখত এক কঠিন দায়িত্ব আছে। এটা পুৰণি ব্যৱস্থা ভংগ কৰাৰ পিছত আৰু জ্যেষ্ঠ ৰাজনীতিবিদসকলক চেৰ পেলাই যি ‘জেনেৰেচন জি’ চৰকাৰ গঠন হৈছে, সেই চৰকাৰে জনসাধাৰণৰ প্ৰত্যাশা পূৰণ কৰিব পাৰিব নে নাই, সেয়া সময়ত লক্ষণীয় হ’ব।