ভোটদানৰ অন্তত সামাজিক ভাতৃত্ববোধৰ নিদৰ্শনঃ ধৰ্মনগৰত হজযাত্ৰীৰ সৈতে কুশল বিনিময় বিজেপি প্ৰাৰ্থী জহৰ চক্ৰৱৰ্তীৰ

Story by  atv | Posted by  Munni Begum • 5 h ago
ধৰ্মনগৰত হজযাত্ৰীৰ সৈতে কুশল বিনিময় বিজেপি প্ৰাৰ্থী জহৰ চক্ৰৱৰ্তীৰ
ধৰ্মনগৰত হজযাত্ৰীৰ সৈতে কুশল বিনিময় বিজেপি প্ৰাৰ্থী জহৰ চক্ৰৱৰ্তীৰ
 
নুৰুল হক / আগৰতলা
 
নিৰ্বাচনৰ ধামখুমীয়া শেষ, এতিয়া কেৱল ফলাফললৈ অপেক্ষা। কিন্তু ৰাজনৈতিক ব্যস্ততাৰ অন্ত পৰিলেও সামাজিক দায়বদ্ধতা আৰু ভাতৃত্ববোধৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ধৰ্মনগৰৰ বিজেপি প্ৰাৰ্থী জহৰ চক্ৰৱৰ্তীয়ে। নিৰ্বাচনী যুঁজৰ অন্তত জয়-পৰাজয়ৰ অংকৰ উৰ্ধলৈ গৈ তেওঁ যিদৰে মুছলমান হজযাত্ৰীসকলক সম্বৰ্ধনা জনালে, সেয়া এতিয়া সমগ্ৰ অঞ্চলটোতে এক ইতিবাচক চৰ্চাৰ বিষয় হৈ পৰিছে।
 
বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈছে যদিও এতিয়াও ফলাফল ঘোষণা হোৱা নাই। সাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া অনুসৰি শাসকীয় দল বিজেপিৰ জয় প্ৰায় নিশ্চিত বুলিয়েই ধাৰণা কৰা হৈছে। অৱশ্যে ফলাফল প্ৰকাশ নোহোৱাৰ বাবে ধৰ্মনগৰৰ বিশিষ্ট সমাজসেৱক তথা উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী জহৰ চক্ৰৱৰ্তী আনুষ্ঠানিকভাৱে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা নাই। কিন্তু পদবীৰ মোহ ত্যাগ কৰি সামাজিক আৰু ধৰ্মীয় সম্প্ৰীতিৰ ক্ষেত্ৰত তেওঁ নিজৰ সৌজন্যমূলক স্থিতি অটুট ৰাখিছে। দেওবাৰে ধৰ্মনগৰত হজযাত্ৰীসকলৰ সৈতে এক বিশেষ সৌজন্যমূলক সাক্ষাৎকাৰ, কুশল বিনিময় আৰু সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত স্থানীয় নাগৰিক সমাজেও তেওঁৰ এই কাৰ্যক উচ্চ প্ৰশংসা কৰিছে।
 
 
সেইদিনা ধৰ্মনগৰৰ পৰা কেইগৰাকীমান হজযাত্ৰী পৱিত্ৰ মক্কালৈ বুলি ৰাওনা হয়। তেওঁলোকে ৰে’লযোগে আগৰতলালৈ আহে। ধৰ্মনগৰ ৰে’লৱে ষ্টেচনত উপস্থিত হৈ জহৰ চক্ৰৱৰ্তীয়ে এই হজযাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। পৱিত্ৰ মক্কাত উপস্থিত হৈ তেওঁৰ আগন্তুক জীৱন পৰিক্ৰমাৰ বাবে আল্লাহৰ ওচৰত দোৱা (প্ৰাৰ্থনা) কৰিবলৈকো তেওঁ যাত্ৰীসকলক অনুৰোধ জনায়। ভোটগ্ৰহণ শেষ হোৱাৰ পিছতো বিজেপি প্ৰাৰ্থীগৰাকীৰ এনে আন্তৰিকতাপূৰ্ণ আচৰণে মুছলমান সমাজৰ মাজত এক সুন্দৰ প্ৰভাৱ পেলাইছে।
 
আনহাতে, প্ৰতি বছৰৰ দৰে এইবাৰো ত্ৰিপুৰাৰ পৰা চৰকাৰীভাৱে হজযাত্ৰীসকল মক্কালৈ ৰাওনা হৈছে। সোমবাৰে ত্ৰিপুৰাৰ পৰা চৰকাৰী ব্যৱস্থাপনাত ৭৫ গৰাকী হজযাত্ৰীয়ে মক্কালৈ যাত্ৰা কৰে। ইয়াৰ পূৰ্বে দেওবাৰে সন্ধিয়া আগৰতলাৰ মেলাৰমাঠত অৱস্থিত হজ ভৱনত এক অনাড়ম্বৰ অনুষ্ঠানৰ জৰিয়তে ৰাজ্যখনৰ হজযাত্ৰীসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত ত্ৰিপুৰা সংখ্যালঘু সমবায় উন্নয়ন নিগমৰ অধ্যক্ষ জছিম উদ্দিন, ত্ৰিপুৰা ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ মুবাশ্বৰ আলী আৰু ত্ৰিপুৰা সংখ্যালঘু কল্যাণ বিভাগৰ বিশেষ সচিব তথা সঞ্চালক নিৰ্মল অধিকাৰী উপস্থিত থাকে। অনুষ্ঠানটিত সভাপতিত্ব কৰে ত্ৰিপুৰা ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষ শ্বাহ আলমে।
 
ধৰ্মনগৰৰ হজযাত্ৰীসকল
 
ত্ৰিপুৰা ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষ শ্বাহ আলমে এই পৱিত্ৰ আৰু মহৎ যাত্ৰাক সৰ্বাংগীনভাৱে সফল কৰি তুলিবলৈ হজযাত্ৰী, হজ কমিটী আৰু হজ ভৱনৰ সকলো বিষয়ববীয়াৰ আন্তৰিক সহযোগিতা কামনা কৰে। জানিব পৰা মতে, যাত্ৰীসকলে প্ৰথমে বিমানযোগে কলকাতালৈ যাব আৰু তাৰ পৰাই তেওঁলোকে পৱিত্ৰ মক্কা অভিমুখে ৰাওনা হ'ব। উল্লেখ্য যে, এইবাৰ ত্ৰিপুৰাৰ পৰা চৰকাৰীভাৱে যোৱা এই ৭৫ গৰাকী যাত্ৰীৰ (এগৰাকী চৰকাৰী প্ৰতিনিধিসহ) মাজত ৫৫ গৰাকী পুৰুষ আৰু ১৯ গৰাকী মহিলা আছে। এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আৰম্ভ হোৱা এই পৱিত্ৰ যাত্ৰাই সমাজলৈ কেৱল শান্তিৰ বাৰ্তাই নহয়, বৰং মানৱতা আৰু সম্প্ৰীতিৰ এক সুদৃঢ় এনাজৰীও কঢ়িয়াই আনিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।