গুৱাহাটী
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ২৮ এপ্ৰিলত ঘোষণা কৰা হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ফলাফলৰ তাৰিখ সামাজিক মাধ্যমযোগে ঘোষণা কৰে৷ এক্স হেণ্ডেলত এক পোষ্টত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি অহা ২৮ এপ্ৰিলত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ শিক্ষাৰ্থীসকলক আগতীয়াকৈ শুভেচ্ছাও জনালে মুখ্যমন্ত্ৰীয়ে৷
উল্লেখ্য যে, চলিত বৰ্ষত ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। সময়সূচী অনুসৰি দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈকে পৰীক্ষা অনুষ্ঠিত হৈছিল। ১৬ মাৰ্চত অন্ত পৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।
এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল। পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে বলৱৎ কৰা হৈছিল ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা৷ পৰীক্ষা গৃহত স্থাপন কৰা হৈছিল চিচিটিভি কেমেৰা আৰু নিয়োগ কৰা হৈছিল ফ্লায়িং স্কোৱাড৷
সমগ্ৰ ৰাজ্যৰ ৮২১ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা৷ এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষত কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাত মুঠ ৩,৩০,৭৪৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। কলা শাখাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ২,৪৭,৮৬৫ গৰাকী৷ ইয়াৰ ভিতৰত ১,০২,৬৪৮ গৰাকী ছাত্ৰ, ১,৪৫,২১৬ গৰাকী ছাত্ৰী আৰু তৃতীয় লিংগৰ পৰীক্ষাৰ্থী আছিল ১ জন৷
ইফালে বিজ্ঞান শাখাত মুঠ ৬১,৫৬৮ পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। ইয়াৰ ভিতৰত ৩৪,৮০১ ছাত্ৰ, ২৬,৭৬৬ ছাত্ৰী আৰু তৃতীয় লিংগৰ পৰীক্ষাৰ্থী আছিল এগৰাকী। আনহাতে বাণিজ্য শাখাত এইবাৰ মুঠ ১৯, ৮০৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। ইয়াৰ ভিতৰত ১৩,৭৮২ গৰাকী ছাত্ৰ আৰু ৬,০২৪ গৰাকী ছাত্ৰী। বৃত্তিমুখী শাখাত ১,৫০৫ পৰীক্ষাৰ্থী পৰীক্ষাত অৱৰ্তীণ হৈছে। ইয়াৰ ভিতৰত ৮৮৭ গৰাকী ছাত্ৰ আৰু ৬১৮ গৰাকী ছাত্ৰী।
পূৰ্বতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই পৰীক্ষা অনুষ্ঠিত কৰিছিল যদিও বিগত বৰ্ষৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অনুষ্ঠিত কৰিছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷ একেদৰে পূৰ্বতে ছেবাই অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাও অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অনুষ্ঠিত কৰিছে৷ পূৰ্বৰ দুয়োখন পৰিষদৰ বিলুপ্তি ঘটাই চৰকাৰে নতুনকৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন কৰে৷