স্পন্দন আৰু নিৰ্বাকৰ ব্যতিক্ৰমী প্ৰয়াসঃ চিত্ৰকলা, কবিতা আৰু মুকাভিনয়ৰে কবি জোনমণি দাসলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি
নিকুঞ্জ নাথ / গুৱাহাটী
কবিতাৰ মৃত্যু নাই আৰু মৃত্যু নাই তাৰ স্ৰষ্টাৰ। মানুহৰ জীৱনৰ আৱেগ, অনুভূতি, সপোন আৰু বাস্তৱৰ নিৰ্মম সত্যক অতি সুনিপুণভাৱে শব্দৰ মাজেৰে সজাই তোলা অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰতিভাশালী স্ৰষ্টা আছিল কবি জোনমণি দাস। তেওঁৰ অকাল বিয়োগে সাহিত্য সমাজক ব্যথিত কৰিলেও, তেওঁৰ সৃষ্টিৰাজি আজিও প্ৰতিজন সাহিত্য অনুৰাগীৰ হৃদয়ত সজীৱ হৈ আছে। দেওবাৰে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ কটন এললমনাই ভৱনত এইগৰাকী প্ৰয়াত শব্দশিল্পীৰ পুণ্য স্মৃতিত এক আৱেগিক আৰু গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ‘স্বপ্নবাক শব্দমালা- শব্দশিল্পী জোনমণি দাস স্মৰণ’ শীৰ্ষক এক ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উত্তৰণ তথা নীৰৱচ্ছিন্ন সেৱাত উছৰ্গিত অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন... শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত এই বিশেষ অনুষ্ঠানটি সুচাৰুৰূপে সম্পন্ন হয়। উল্লেখযোগ্য যে, সমাজ আৰু সাহিত্যৰ প্ৰতি দায়বদ্ধ প্ৰয়াত জোনমণি দাস নিজেও আছিল 'স্পন্দন... শব্দৰ পৰা হৃদয়লৈ'ৰ কাৰ্যনিৰ্বাহক সমিতিৰ এগৰাকী সক্ৰিয় আৰু অন্যতম গুৰুত্বপূৰ্ণ সদস্য।
অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত গুণমুগ্ধ ৰাইজে প্ৰয়াত কবিগৰাকীৰ প্ৰতিচ্ছবিত সশ্ৰদ্ধ পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা আৰু সশ্ৰদ্ধ প্ৰণাম নিবেদন কৰে। ইয়াৰ পিছতেই শুভাৰম্ভ হয় মূল সাংস্কৃতিক আৰু সাহিত্যিক কাৰ্যসূচীৰ। কবিগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই গুণমুগ্ধ আৰু সাহিত্য অনুৰাগীসকলে গীত আৰু কবিতাৰ এক অপূৰ্ব আৱেগময় পৰিৱেশৰ সৃষ্টি কৰে। জোনমণি দাসৰ কবিতাৰ অন্যতম বৈশিষ্ট্য আছিল শব্দৰ মিতব্যয়িতা আৰু ভাৱৰ গভীৰতা; য’ত প্ৰতিধ্বনিত হৈছিল মানৱীয় যন্ত্ৰণা আৰু জীৱনৰ আশাৰ বতৰা। গুণমুগ্ধসকলে পাঠ কৰা সেই কবিতাবোৰৰ আৱেগ আৰু গভীৰতাক কেনভাছত ৰং আৰু তুলিকাৰ মাজেৰে জীৱন্ত ৰূপ দিয়াৰ এক অভিনৱ প্ৰয়াস কৰে ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট চিত্ৰশিল্পী ক্ৰমে আমিনুল হক, মনোজ চক্ৰৱৰ্তী আৰু সুৰঞ্জনা বৰগোহাঁয়ে।
কবিতাৰ সুৰ আৰু চিত্ৰকলাৰ এই অপূৰ্ব সংমিশ্ৰণত অনন্য মাত্ৰা প্ৰদান কৰে বিশিষ্ট বাঁহীবাদক ভূপেন ৰাজবংশীৰ সুমধুৰ বাঁহীৰ লহৰে। শিল্পীকেইগৰাকীৰ নিপুণ হাতৰ পৰশ, কবিতাৰ পংক্তি আৰু বাঁহীৰ কৰুণ অথচ প্ৰাণৱন্ত সুৰে সমগ্ৰ কটনৰ এলমনাই ভৱনৰ পৰিৱেশটোক এক স্বৰ্গীয় অনুভূতিকেন্দ্ৰলৈ ৰূপান্তৰিত কৰে।
বিশিষ্ট চিত্ৰশিল্পী আমিনুল হক
অনুষ্ঠানৰ শেষৰ ফালে সমগ্ৰ আয়োজন সন্দৰ্ভত সংবাদমাধ্যমৰ আগত বক্তব্য ৰাখি ‘স্পন্দন’ৰ সভানেত্ৰী ময়ূৰী দত্তই এক আৱেগিক ভাষ্য প্ৰদান কৰে। তেওঁ কয়, "কবি জোনমণি দাস আমাৰ 'স্পন্দন... শব্দৰ পৰা হৃদয়লৈ’ৰ কাৰ্যকৰী সমিতিৰ সক্ৰিয় সদস্য আছিল। তেওঁৰ অকাল বিয়োগত আমি সকলোৱে গভীৰভাৱে মৰ্মাহত আৰু ব্যথিত। তথাপি তেওঁৰ সাহিত্য কৃতি আৰু সৃষ্টিৰাজিক আজি আমি সকলোৱে একেলগ হৈ স্মৰণ কৰিছোঁ। দৰাচলতে, তেওঁ বিচৰা ধৰণেই আজি আমি এই অনুষ্ঠানটি সজাই তুলিছোঁ।"
সভানেত্ৰীগৰাকীয়ে লগতে জনায় যে স্পন্দনৰ বহুকেইটা সফল অনুষ্ঠানৰ আঁৰত আছিল প্ৰয়াত জোনমণি দাসৰ সুনিপুণ পৰিকল্পনা। তেওঁৰ এক আধৰুৱা পৰিকল্পনা আছিল যে বাঁহীৰ সুৰ আৰু ৰং-তুলিকাৰ মাজেৰে কবিয়ে কবিতা পাঠ কৰিব আৰু দৰ্শক-শ্ৰোতাই তাক এক সুকীয়া আমেজেৰে শ্ৰৱণ কৰিব। ময়ূৰী দত্তই কয়, "আমি বহুকেইটা অনুষ্ঠান তেওঁৰ পৰিকল্পনাতে অনুষ্ঠিত কৰিছিলোঁ যদিও এই বিশেষ পৰিকল্পনাটো আধৰুৱা হৈ থাকি গৈছিল। অনাগত দিনত ইয়াক বাস্তৱায়িত কৰাৰ আমাৰ পৰিকল্পনা আছিল। আজি তেওঁৰ অবৰ্তমানত, তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই জোনমণি দাসৰ সেই পৰিকল্পনা মতেই 'স্পন্দন... শব্দৰ পৰা হৃদয়লৈ’ আৰু 'নিৰ্বাক’-এ যুটীয়াভাৱে এই অনুষ্ঠানটিৰ আয়োজন কৰিছে।" তেওঁ উল্লেখ কৰে যে বিশিষ্ট চিত্ৰশিল্পী আমিনুল হক, মনোজ চক্ৰৱৰ্তী আৰু সুৰঞ্জনা বৰগোহাঁয়ে অনুষ্ঠানটিৰ গোটেই সময়ছোৱাৰ ভিতৰত সুন্দৰকৈ তিনিখন চিত্ৰ আঁকি উলিয়ায়।
স্মৃতিচাৰণ অনুষ্ঠানৰ এটি দৃশ্য
এই স্মৃতিচাৰণ অনুষ্ঠানৰ আন এক ব্যতিক্ৰমী আৰু মোহনীয় সংযোজন আছিল শিশুসকলৰ সক্ৰিয় অংশগ্ৰহণ। জোনমণি দাসে কেৱল প্ৰাপ্তবয়স্কৰ বাবেই নহয়, শিশুসকলৰ মানসিকতা বিকাশৰ বাবেও সমানেই সুন্দৰ শিশু কবিতা ৰচনা কৰি থৈ গৈছে। 'নিৰ্বাক'ৰ কণ কণ শিশু শিল্পীসকলে কবিগৰাকীৰ এটি শিশু কবিতাৰ আধাৰত এক সুন্দৰ মুকাভিনয় প্ৰদৰ্শন কৰি তেওঁৰ প্ৰতি নিৰ্মল শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ লগতে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই কণমানি শিশু শিল্পী অদৃতা গগৈ (গুণগুণ), আয়ুস্মান বৰুৱা আৰু কহিনুৰ অলংকৃত ভড়ালীয়ে কবি জোনমণি দাসৰ দ্বাৰা ৰচিত কেইবাটাও শিশু কবিতা অতি সুন্দৰ আৰু সাৱলীলভাৱে পাঠ কৰি উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে।
'স্পন্দন'ৰ সভানেত্ৰী ময়ূৰী দত্তই অতি সুচাৰুৰূপে আঁত ধৰা এই অনুষ্ঠানটিত উপস্থিত থকা বিভিন্নজনে কবি জোনমণি দাসৰ জনপ্ৰিয় কবিতাসমূহ পাঠ কৰে। ইয়াৰ লগতে উপস্থিত কেইবাগৰাকীও কবিয়ে নিজৰ স্বৰচিত কবিতা পাঠেৰে প্ৰয়াত শব্দশিল্পীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
স্মৃতিচাৰণ অনুষ্ঠানত উপস্থিত ৰাইজৰ একাংশ
এই গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত অসমৰ সাহিত্য আৰু সুকুমাৰ কলা জগতৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতি আছিল লক্ষণীয়। অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অনুবাদক তথা সাহিত্যিক বিপুল দেউৰী, কবি নীলিমা ঠাকুৰীয়া হক, বিজয় শংকৰ বৰ্মন, হিমাংশু প্ৰসাদ দাস, মঞ্জু দেৱী পেগু, নীলাক্ষী গোস্বামী, পলি বনিক্য, দীপাঞ্জলি দাস পাঠক, নিবেদিতা হাজৰিকা, পূৰ্বালী শৰ্মা, ডলি তালুকদাৰ, আইমণি শৰ্মা, মিণ্টুল হাজৰিকা, দ্বীপৰাজ, জংকী শৰ্মা, ৰঞ্জিত পাটগিৰি, মৃদুল কুমাৰ বৰ্মন, দেৱব্ৰত বৰা, নিকুঞ্জ নাথ, ৰূপম সাউদ, হিমাংশু ভাগৱতী, শচীন্দ্ৰ ফুকন, সীমান্ত শইকীয়া, ভাস্বতী ভূঞা, মনালিছা শৰ্মা, জোনালী মজুমদাৰ, দীপালী দেৱী চৌধুৰী, মধুমিতা বৰুৱা শইকীয়া, দিগন্ত কলিতা, মিনাংক ডেকা, বৰ্ণালী বৰগোহাঁই, অৰুণা শইকীয়া বৰা, বিজুনাথ শৰ্মা, নিলাক্ষী গোস্বামী, ডাঃ ৰঞ্জন দাস, মীনাক্ষী ঠাকুৰীয়া, দত্ৰিমা প্ৰীতম, অনামিকা নাথ, আদ্ৰি হৰিপ্ৰিয়া, ইমন, পলি বাণিক্য, হিৰণ্য লয়, ভাস্কৰ প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।
মানুহ গুচি যায়, কিন্তু থাকি যায় তেওঁৰ সৃষ্টি আৰু কৰ্মৰ সুবাস। শব্দ, সুৰ আৰু তুলিকাৰ এক অপূৰ্ব সমন্বয়েৰে জোনমণি দাসক স্মৰণ কৰা এই 'স্বপ্নবাক শব্দমালা' অনুষ্ঠানটিয়ে উপস্থিত প্ৰতিগৰাকী ব্যক্তিৰ মনত এক গভীৰ ৰেখাপাত কৰিবলৈ সক্ষম হয়।