লুইত ফেল' ২০২৬ৰ বাবে আবেদনৰ আহ্বান

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী 
 
বিগত ১০ বছৰ ধৰি চৰকাৰী বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষার্থীক আর্থিক সহায়ৰ লগতে আদর্শ ব্যক্তি হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বর্তমানলৈ অধ্যায়ে ১১৫ গৰাকী শিক্ষার্থীক "লুইট ফেলশ্বিপ" প্ৰদান কৰি আহিছে। 
 
বিগত বছৰৰ বহু 'লুইত ফেল' বর্তমান ভাৰতৰ বিভিন্ন খ্যাতনামা শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছে আৰু কেইবাজনো সফলভাৱে চৰকাৰী আৰু বেচৰকাৰী খণ্ডত কৰ্মসংস্থাপন লাভ কৰিছে। 
 
সফলতাৰে এক দশক সম্পূর্ণ কৰি এইবছৰো "লুইত ফেল” আঁচনিৰ জৰিয়তে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ মেধাৱী শিক্ষার্থীৰ পৰা ফেল'শ্বিপৰ বাবে আবেদন আহ্বান কৰা হৈছে। 
 
আবেদনকাৰীয়ে চৰকাৰী বিদ্যালয়ৰ পৰা নূন্যতম ৮৫% নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা আৰু আর্থিকভাৱে পিছপৰা পৰিয়ালৰ হ'ব লাগিব। আবেদনৰ প-পত্ৰ পূৰণৰ বাবে ৯৩৯৫৭১৮১৫৬ নম্বৰত যোগাযোগ কৰিব অথবা https://apply.luitfellows.org জৰিয়তে অনলাইন যোগে আবেদন কৰিব পাৰিব। আবেদনৰ জমা দিয়াৰ অন্তিম তাৰিখ ২০২৬ চনৰ ২০ মে।