২০২৫ঃ এক বৃহৎ শক্তি হিচাপে ভাৰতৰ উত্থান

Story by  atv | Posted by  Munni Begum • 4 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
প্ৰমোদ যোশী
 
২০২৫ বৰ্ষটোত ভাৰতৰ বৈদেশিক নীতিয়ে আমেৰিকা, চীন আৰু ৰাছিয়াৰ দৰে প্ৰধান শক্তিসমূহৰ সৈতে সম্পৰ্কৰ ভাৰসাম্য বজাই ৰখা, দক্ষিণ এছিয়াত নিজৰ উপস্থিতি শক্তিশালী কৰা আৰু 'গ্লোবেল ছাউথ’ৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
 
পুটিনৰ ভ্ৰমণৰ সময়ত ভাৰতে ৰাছিয়াৰ কাষত থিয় হৈ নিজৰ স্বাধীন নীতি প্ৰদৰ্শন কৰাৰ লগতে ধৈৰ্যৰে আমেৰিকাৰ সৈতে এক বাণিজ্যিক চুক্তিৰ ভিত্তি তৈয়াৰ কৰি বাস্তৱসন্মত কূটনীতিও প্ৰদৰ্শন কৰিছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
যদিও ইউক্ৰেইন যুদ্ধত ভাৰতে ৰাছিয়াক মুকলিভাৱে সমালোচনা কৰা নাছিল, তথাপি "এয়া যুদ্ধৰ সময় নহয়" বুলি ভাৰতে এটা সূক্ষ্ম বাৰ্তা প্ৰেৰণ কৰাতো পলম কৰা নাছিল। পুটিনৰ ভাৰত ভ্ৰমণৰ পিছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ আছিল এই ভাৰসাম্যৰ প্ৰতিফলন। চলিত বৰ্ষত চীনৰ সৈতেও সম্পৰ্ক নৰম হোৱা পৰিলক্ষিত হয়।
 
বৈশ্বিক ৰাজনীতিত ভাৰসাম্য বজাই ৰখাৰ লগতে ভাৰতে কঠোৰ কূটনীতি, অৰ্থনৈতিক নমনীয়তা আৰু কৌশলগত শক্তি বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ২০২৫ চনত ভাৰত বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিত পৰিণত হয়।
 
ভাৰতে 'গ্ল'বেল ছাউথ'ৰ এজেণ্ডাক সক্ৰিয়ভাৱে আগবঢ়াই নিয়াৰ লগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সংস্কাৰৰ পোষকতাও কৰি আহিছে। ভাৰতে নিজৰ বৈশ্বিক স্থিতি উন্নত কৰিবলৈ G20, BRICS আৰু SCOৰ দৰে মঞ্চসমূহ ব্যৱহাৰ কৰিছে।
 
কৌশলগত শক্তি
 
পাকিস্তান আৰু চীনৰ সমন্বিত দ্বৈত ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে নিজৰ সামৰিক কৌশল পুননিৰ্ধাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন আৰু প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতিৰ বাবেও প্ৰচেষ্টা চলায়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
অষ্ট্ৰেলিয়ান থিংক টেংক লোয়ি ইনষ্টিটিউটৰ এছিয়া পাৱাৰ ইনডেক্স ২০২৫ সংস্কৰণৰ মতে, আমেৰিকা আৰু চীনৰ পিছত ভাৰত এছিয়াৰ তৃতীয় বৃহৎ শক্তি হিচাপে স্থান লাভ কৰিছে। বিগত বৰ্ষতো যদিও ভাৰতে তৃতীয় স্থান দখল কৰিছিল, তথাপি প্ৰথমবাৰৰ বাবে ভাৰতক 'বৃহৎ শক্তি' হিচাপে স্বীকৃতি দিয়া হৈছে। এই সময়ছোৱাত ভাৰতে নিজকে এক আগশাৰীৰ শক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে পশ্চিম এছিয়া আৰু ইউক্ৰেইনৰ দৰে আঞ্চলিক সংঘাতসমূহত শান্তি স্থাপনৰ প্ৰচেষ্টাত অংশগ্ৰহণ কৰে।
 
২০২৫ বৰ্ষটোৱে সমগ্ৰ বিশ্বক জোকাৰি পেলায় আৰু পৰৱৰ্তী ৭৫ বছৰৰ বাবে ভিত্তি স্থাপন কৰে। এই বৰ্ষটোত ভাৰত বিশ্বব্যাপী সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ দৰে গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। ৰাজনৈতিক, কৌশলগত, অৰ্থনৈতিক আৰু প্ৰযুক্তিগতভাৱে ২০২৫ বৰ্ষই বহু সাফল্য কঢ়িয়াই আনে। ২০২৪ৰ শেষৰ ফালে ভাৰতৰ অৰ্থনৈতিক উত্থান নতুন শক্তি হিচাপে ইতিমধ্যে স্পষ্ট হৈ পৰিছিল।
 
ট্ৰাম্পৰ আঘাত
 
অৱশ্যে বছৰটো আৰম্ভ হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ "মেইক আমেৰিকা গ্ৰেট এগেইন" ঘোষণাৰ জৰিয়তে দিয়া এক আঘাতেৰে। ২০ জানুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁ আক্ৰমণাত্মক হৈ পৰিছিল।
 
ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত ভাৰত-আমেৰিকাৰ সম্পৰ্কত যেন পৰিৱৰ্তন আহিব, তেনে ইংগিত পোৱা গৈছিল। এই ভ্ৰমণৰ সময়ছোৱাত এক নতুন পদক্ষেপৰ কথা ঘোষণা কৰা হয়ঃ একবিংশ শতিকাৰ বাবে ভাৰত-আমেৰিকা চুক্তি, যিয়ে সামৰিক অংশীদাৰিত্ব, উন্নত বাণিজ্য আৰু প্ৰযুক্তিগত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
 
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প
 
এই পদক্ষেপৰ অধীনত দুয়োখন দেশৰ মাজত ২০৩০ চনৰ ভিতৰত বাণিজ্যৰ পৰিমাণ ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। বছৰটোৰ শেষলৈ এখন অন্তৱৰ্তীকালীন বাণিজ্যিক চুক্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল, যিটো এতিয়া বাস্তৱ ৰূপায়ণ হোৱা দেখিবলৈ পোৱা গৈছে।
 
শুল্ক ইচ্ছ্যু
 
মাৰ্চ মাহত আমেৰিকাৰ কংগ্ৰেছৰ এখন যুটীয়া অধিৱেশনত ভাষণ দি ট্ৰাম্পে কৈছিল যে ভাৰতে ১০০ শতাংশ শুল্ক আৰোপ কৰে; এই ব্যৱস্থাটো আমেৰিকাৰ প্ৰতি অন্যায় আৰু কেতিয়াও ই ন্যায়সংগত নহয়।
 
ইয়াৰ পিছৰ ঘটনাপ্ৰবাহ শুল্ক ইচ্ছ্যু(tariff issue) কেন্দ্ৰিক হৈ পৰে, য’ত ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো অন্যতম বুলি বিবেচিত হয়। যদি ট্ৰাম্পৰ শুল্ক ঘোষণাসমূহ সীমিত হৈ থাকিলহেঁতেন, তেন্তে ই অসুবিধাৰ সৃষ্টি নকৰিলেহেঁতেন। কিন্তু মে' মাহত 'অপাৰেচন সিন্ধুৰ'ৰ পিছত তেওঁৰ বক্তব্যই আমেৰিকাৰ নীতিৰ পৰিৱৰ্তন ঘটোৱাৰ ইংগিত দিয়ে। এই পৰিৱৰ্তনৰ মাত্ৰা আৰু দিশ বৰ্তমানো স্পষ্ট হোৱা নাই।
 
অৱশ্যে ভাৰত-আমেৰিকাৰ সম্পৰ্ক বৰ্তমানো শক্তিশালী হৈয়ে আছে। ভাৰতে 'অপাৰেচন সিন্ধুৰ'ৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে ৬ মে'ত ভাৰত আৰু ব্ৰিটেইনে এখন ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি (FTA) স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই চুক্তিখনক এক ঐতিহাসিক মাইলৰ খুঁটি আখ্যা দিয়ে। এই চুক্তিৰ জৰিয়তে ভাৰতে সকলো ঔদ্যোগিক সামগ্ৰীৰ ওপৰত শূন্য শুল্ক আৰোপৰ সুযোগ লাভ কৰিব। ইফালে, ভাৰত আৰু ইউৰোপীয় সংঘেও এখন মুক্ত বাণিজ্য চুক্তিৰ বাবে প্ৰস্তুতি চলাইছে।
 
ভাৰত-ৰাছিয়া
 
আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ লক্ষ্য আমেৰিকাৰ বিশ্ব আধিপত্য পুনৰ প্ৰতিষ্ঠা কৰা। তেওঁ বিশ্বাস কৰে যে জি-২০ আৰু BRICSৰ দৰে উন্নয়নশীল দেশ আৰু গোটসমূহে এই লক্ষ্যক প্ৰত্যাহ্বান জনাইছে। BRICSত ৰাছিয়া, চীন, ভাৰত, ব্ৰাজিল, দক্ষিণ আফ্ৰিকাৰ উপৰি ইণ্ডোনেছিয়া, ইৰান আৰু তুৰ্কীৰ দৰে দেশসমূহো অন্তৰ্ভুক্ত আছে।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
 
সাম্প্ৰতিক বছৰবোৰত ৰাছিয়া আৰু চীনে আমেৰিকাৰ আধিপত্যক প্ৰত্যাহ্বান জনাইছে। ভাৰত নিৰপেক্ষ হৈ আছে যদিও বিগত দুটা দশকত আমেৰিকাৰ সৈতে ইয়াৰ সম্পৰ্কত কিছু বিঘ্নিত হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ এটা শেহতীয়া কাৰণ আছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ।
 
বছৰৰ শেষৰ ফালে ভাৰতত QUAD শীৰ্ষ সন্মিলন অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে ইয়াত অংশগ্ৰহণ কৰাৰ কথা আছিল। অৱশ্যে শীৰ্ষ সন্মিলন আৰু তেওঁৰ ভ্ৰমণ স্থগিত ৰখা হয়। পুটিনৰ ভ্ৰমণ আৰু ট্ৰাম্পৰ ভ্ৰমণ স্থগিতকৰণৰ ঘটনাই এটা ৰাজনৈতিক বাৰ্তা দিছিল, যাক সহজভাৱে লোৱা হৈছিল।
 
ভাৰত-চীন
 
যোৱা বছৰৰ ২১ অক্টোবৰত ভাৰত আৰু চীনে LAC ৰ দুটাকৈ স্থানঃ ডেপছাং সমভূমি আৰু ডেমচকত পেট্ৰ'লিং ব্যৱস্থাৰ ক্ষেত্ৰত এক বুজাবুজিত উপনীত হয়। পৰিস্থিতি পুনৰ ২০২০ চনৰ এপ্ৰিল মাহৰ আগৰ অৱস্থালৈ পৰ্যবেসিত হয়। 
 
ইয়াৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ কাজানত ব্ৰিকছ সন্মিলনৰ সময়ত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক সাক্ষাৎ কৰে। আগষ্ট মাহত প্ৰধানমন্ত্ৰী মোদীয়ে চীনৰ তিয়ানজিনত অনুষ্ঠিত SCO সন্মিলনত অংশগ্ৰহণ কৰে, যি এক ইতিবাচক ঘটনা আছিল।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং
 
২০২৪ চনৰ ১৮ ডিচেম্বৰত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে বেইজিঙত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িক সাক্ষাৎ কৰে। এই বৈঠকে ইংগিত দিয়ে যে চাৰি বছৰীয়া অচলাৱস্থা সমাধানৰ বাবে দুয়োখন দেশে সহযোগিতাৰ নতুন পথ বিচাৰিবলৈ সন্মত হৈছে। ২০০৩ চনত আৰম্ভ হোৱা ভাৰত-চীনৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ সমাধানৰ বাবে বিশেষ প্ৰতিনিধিসকলৰ এয়া আছিল ২৩ সংখ্যক আনুষ্ঠানিক বৈঠক।
 
এই সময়ছোৱাত ভাৰত আৰু চীনৰ মাজত বিমান সেৱা পুনৰ আৰম্ভ হয় আৰু অৰ্থনৈতিক কাৰ্যকলাপে গতি লাভ কৰে।
 
মুছলমান দেশসমূহ
 
ভাৰতৰ বাবে পশ্চিম এছিয়া এক প্ৰত্যাহ্বানমূলক অঞ্চল হৈয়ে আছে, য'ত আৰৱ দেশসমূহ, ইৰান আৰু ইজৰাইলৰ সৈতে সম্পৰ্ক সংবেদনশীল আৰু সাৱধানে পৰিচালনা কৰাৰ প্ৰয়োজন। এই বছৰ ছৌদি আৰৱ আৰু পাকিস্তানৰ মাজত এক নিৰাপত্তা চুক্তিৰ পিছত ইয়াৰ প্ৰভাৱক লৈ কিছু অনিশ্চয়তাই দেখা দিয়ে। ইজৰাইলৰ কাটাৰ আক্ৰমণৰ এসপ্তাহৰ পিছতে এই ঘোষণা কৰা হয়।
 
ইফালে, আফগানিস্তানৰ ফালেও দৃষ্টি ৰখা হৈছে, য'ত আমেৰিকাই তালিবানক বগ্ৰাম বিমানঘাটিত প্ৰৱেশৰ অনুমতি দিব বিচাৰে। বৰ্তমান পাকিস্তান আৰু আফগানিস্তানৰ মাজত সংঘাত চলি আছে। চলিত বৰ্ষত ভাৰতে আফগানিস্তানৰ সৈতে অনানুষ্ঠানিক কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছে।
 
ছৌদি আৰৱ আৰু UAE-এ ভাৰতত বিলিয়ন বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে আৰু ভৱিষ্যতে অধিক বিনিয়োগৰ সম্ভাৱনা আছে। এই দেশসমূহে ভাৰতৰ সুৰক্ষা অগ্ৰাধিকাৰসমূহ বুজি উঠিছে। ছৌদি আৰৱ ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আৰু সামগ্ৰিক বাণিজ্যৰ ক্ষেত্ৰত পঞ্চম স্থানত আছে। ২২ এপ্ৰিলত পহেলগাম আক্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী ছৌদি আৰৱত আছিল আৰু ছৌদি প্ৰশাসনে তাৎক্ষণিকভাৱে এই আক্ৰমণক নিন্দা কৰিছিল।
 
উপসাগৰীয় অঞ্চলত ৯৭ লাখ ভাৰতীয় বাস কৰে। ২০২৪ চনত ভাৰতে উপসাগৰীয় দেশসমূহৰ পৰা ৪.৭ বিলিয়ন ডলাৰ বৈদেশিক মুদ্ৰা লাভ কৰিছিল। ভাৰতে আমেৰিকাৰ সহায়ত ছৌদি আৰৱ আৰু UAEৰ মাজেৰে ইউৰোপলৈ এটা কৰিডৰ স্থাপনৰ পৰিকল্পনা কৰিছিল, কিন্তু গাজাৰ সংঘৰ্ষই এই পৰিকল্পনা বিঘ্নিত কৰে।
 
মুছলমান দেশৰ নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
বছৰৰ শেষত প্ৰধানমন্ত্ৰী মোদীয়ে ওমান আৰু জৰ্দান ভ্ৰমণ কৰে, য'ত ভাৰতে ওমানৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰে। ওমান এই অঞ্চলৰ এক গুৰুত্বপূৰ্ণ বন্ধু দেশ, যিয়ে ভাৰতীয় বায়ু সেনা আৰু নৌ সেনা বাহিনীক বিভিন্ন সুবিধা প্ৰদান কৰে।
 
চুবুৰীয়া দেশসমূহ
 
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ভাৰতৰ চুবুৰীয়া দেশসমূহৰ পৰিস্থিতি এতিয়াও সংঘাতপূৰ্ণ, যাৰ ফলত সহযোগিতা কৰাটো কঠিন হৈ পৰিছে। এই বছৰ ভাৰত-পাকিস্তানৰ সম্পৰ্কত কোনো ইতিবাচক পৰিৱৰ্তন হোৱা নাই। ২০১৯ৰ আগষ্টৰ পৰা দুয়োখন দেশৰ উচ্চ আয়োগ অন্তৱৰ্তীকালীন ব্যৱস্থাৰ অধীনত পৰিচালিত হৈ আছে।
 
বিগত বৰ্ষৰ শেষৰ ফালে পাকিস্তানৰ বিত্ত মন্ত্ৰী মহম্মদ ঔৰংজেৱে ৱাশ্বিংটনত এখন সংবাদমেলত মন্তব্য কৰে যে চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্য নকৰাটো বুদ্ধিমানৰ কাম নহয়। যদিও এই মন্তব্যই তেওঁৰ দেশৰ ৰাজনৈতিক বুজাবুজি প্ৰতিফলিত কৰে, তেওঁ ভালদৰে জানে যে ভাৰতৰ সৈতে জড়িত সিদ্ধান্ত পাকিস্তানৰ অসামৰিক চৰকাৰে নলয়।
 
পাকিস্তানৰ উপৰি বাংলাদেশ দক্ষিণ এছিয়াৰ আন এক গুৰুত্বপূৰ্ণ চুবুৰীয়া দেশ। যোৱা বছৰৰ আগষ্টত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ কাৰ্যকালৰ অন্তত অন্তৱৰ্তীকালীন চৰকাৰে কাৰ্যভাৰ গ্ৰহণৰ পাছৰ পৰাই দেশখনে পৰোক্ষভাৱে ভাৰতৰ বিৰুদ্ধে কাম কৰি আছে। ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনে ভাৰত-বাংলাদেশ সম্পৰ্কৰ ভৱিষ্যত স্পষ্ট কৰিব। নেপালতো অহা বছৰৰ মাৰ্চ মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব, য’ত Gen-Zi ৰ সৈতে জড়িত ৰাজনৈতিক অস্থিৰতাই দেখা দিছিল। ভাৰতে নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিছে।
 
বাকী দক্ষিণ এছিয়াৰ চুবুৰীয়া দেশসমূহ হৈছে ভূটান, শ্ৰীলংকা আৰু মালদ্বীপ। এই তিনিওখন দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক যথেষ্ট ভাল। যদিও মালদ্বীপৰ সৈতে কিছু উদ্বেগৰ সৃষ্টি হৈছিল, এতিয়া সম্পৰ্কৰ উন্নত হৈছে। জুলাই মাহত প্ৰধানমন্ত্ৰী মোদীয়েও মালদ্বীপ ভ্ৰমণ কৰিছিল।
 
(লেখক হিন্দী দৈনিক হিন্দুস্তানৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে)