গুৱাহাটী
শনিবাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া অসম ভ্ৰমণৰ কথা, য’ত তেওঁ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজহুৱা সভাত ভাষণ দিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে অন্যান্য বিষয়ৰ লগতে গুৱাহাটী বিমানবন্দৰৰ ৪ হাজাৰ কোটি টকাৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিব, যিয়ে অসমৰ আন্তঃগাঁথনিত এক বৃহৎ উত্থান দিব বুলিও তেওঁ কয়।
এই ভ্ৰমণৰ সময়ত তেওঁ ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা ছবছৰীয়া হিংসাত্মক বিদেশী বিৰোধী আন্দোলন অসম আন্দোলনৰ শ্বহীদসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।
"কাইলৈ ২০ ডিচেম্বৰত অসমৰ গুৱাহাটী পাম। বিয়লি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰা হ’ব। ই অসমৰ আন্তঃগাঁথনিৰ বাবে এক বৃহৎ উত্থান। ক্ষমতা বৃদ্ধিৰ অৰ্থ হ’ল উন্নত ‘ইজ অৱ লিভিং (ease of living)’ আৰু বাণিজ্যৰ লগতে পৰ্যটনৰ বাবেও এক উত্থান।" - এক্সত এক পোষ্টত মোদীয়ে এইদৰে কয়।
এই পোষ্টৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমবাসীয়ে তেওঁৰ আগমনৰ লগতে ভাৰতৰ প্ৰথমটো প্ৰকৃতি বিষয়ক বিমানবন্দৰ টাৰ্মিনেল উদ্বোধনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।
"এয়া সম্ভৱ হৈছে কেৱল আপোনাৰ নেতৃত্ব আৰু অসমক এটা মূল উন্নয়নৰ ইঞ্জিন হিচাপে উন্নীত কৰাৰ প্ৰতি দায়বদ্ধতাৰ বাবে," শৰ্মাই কয়।
আন এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে দেওবাৰে তেওঁ অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাব, আৰু তাৰ পিছত এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ ‘ভূমি পূজন’ৰ বাবে ডিব্ৰুগড় জিলাৰ নামৰূপলৈ যাব।
"আসাম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এই প্ৰকল্পই "অসমৰ লগতে অন্যান্য ৰাজ্যৰ সাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব। একে সময়তে ই আমদানি হ্ৰাস কৰিব, যাৰ ফলত আত্মনিৰ্ভৰতা বৃদ্ধি পাব," মোদীয়ে উল্লেখ কৰে।
অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে “ঐতিহাসিকতকৈ কম একো নহ’ব” বুলি উল্লেখ কৰি শৰ্মাই কয় যে এমোনিয়া-ইউৰিয়া প্ৰকল্পও ৰাজ্যখনৰ বাবে এক ডাঙৰ অৰ্থনৈতিক চালক হ’ব আৰু “অসমৰ উন্নয়নৰ বাবে আপোনাৰ (মোদীৰ) দৃষ্টিভংগীক আৰু অধিক ত্বৰান্বিত কৰিবি।"
গোপীনাথ বৰদলৈৰ নামেৰে নামাকৰণ কৰা বিমানবন্দৰটোৰ নতুন টাৰ্মিনেলৰ বাহিৰত প্ৰখ্যাত ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰে গঢ়া অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি ৰাজ্য ভ্ৰমণৰ দুদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিব মোদীয়ে।
বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰাৰ পাছত ভিতৰত প্ৰায় ১৫ মিনিট সময় কটাব।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা পোষ্টত কয়, "উত্তেজনা তুংগত! কাইলৈ আদাৰনিয়া @narendramodi জীক আদৰিবলৈ LGBI বিমানবন্দৰৰ সংহত টাৰ্মিনেল সকলো সজাই তোলা হৈছে! মাত্ৰ কেইঘণ্টামান বাকী!"
শনিবাৰে টাৰ্মিনেল ভৱনৰ ঠিক বাহিৰত এখন ৰাজহুৱা সভাতো ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে।
বৈঠকৰ অন্তত মোদীয়ে ৰোড শ্ব’ কৰি বশিষ্ট অঞ্চলৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ দিশে আগবাঢ়িব, য’ত তেওঁ দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰিব।
শৰ্মাই দাবী কৰে যে ৰাজ্যখনত এজন প্ৰধানমন্ত্ৰীয়ে বিজেপি কাৰ্যালয় ভ্ৰমণ কৰা এইবাৰেই প্ৰথমবাৰৰ হ'ব, আৰু দলটোৰ বাবে এয়া এক “ঐতিহাসিক অনুষ্ঠান”।
মহানগৰীৰ খানাপাৰা অঞ্চলৰ কইনাধোৰাস্থিত ৰাজ্যিক অতিথিশালাত নিশা কটাব প্ৰধানমন্ত্ৰীয়ে।
দেওবাৰে পুৱা মোদীয়ে ব্ৰহ্মপুত্ৰ নদীত ক্ৰুজ জাহাজ ‘চৰাইদেউ’ত উঠি প্ৰায় আধা ঘণ্টা ধৰি বিভিন্ন বিদ্যালয়ৰ ২৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সৈতে তেওঁৰ কাৰ্যসূচী ‘পৰীক্ষা পে চৰচা’ত মত বিনিময় কৰিব।
ক্ৰুজৰ পিছত তেওঁ অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত নৱনিৰ্মিত ‘স্বহীদ স্মাৰক ক্ষেত্ৰ’ পৰিদৰ্শন কৰিব, আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।
আন্দোলনত প্ৰাণ হেৰুওৱা ৮৬০ জন লোকৰ আৱক্ষ মূৰ্তি স্থাপন কৰা শ্বহীদ স্মাৰকত উপস্থিত হৈ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তত্ত মালা পিন্ধাব।
ইয়াৰ পিছত তেওঁ ডিব্ৰুগড়লৈ ৰাওনা হ’ব আৰু তাৰ পৰা নামৰূপলৈ যাব য’ত তেওঁ ১২ হাজাৰ কোটি টকাৰ এমোনিয়া-ইউৰিয়া সাৰ উদ্যোগৰ ‘ভূমি পূজন’ কৰিব যিয়ে ৰাজ্যখনৰ উন্নয়নত যথেষ্ট গতি প্ৰদান কৰিব।
নতুন দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে নামৰূপত এখন ৰাজহুৱা সভাতো ভাষণ দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।