ভাৰতে বন্ধ কৰি দিলে ঢাকাৰ ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ

Story by  atv | Posted by  [email protected] • 11 h ago
ভাৰতে বন্ধ কৰি দিলে ঢাকাৰ ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ
ভাৰতে বন্ধ কৰি দিলে ঢাকাৰ ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ
 
নতুন দিল্লী
 
বাংলাদেশী নেতাৰ উচটনিমূলক মন্তব্যকে ধৰি নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ঢাকাত ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ বন্ধ কৰি দিয়া হৈছে। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ জাননীৰ জৰিয়তে বাংলাদেশৰ ৰাজধানী ঢাকাত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ (IVAC) বন্ধ কৰি দিয়ে। 
 
জানিব পৰা মতে, ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তক দিয়া ভাবুকি আৰু বাংলাদেশৰ ৰাজনৈতিক নেতাৰ উচটনিমূলক ভাৰত বিৰোধী বক্তব্যক লৈ ভাৰতে নতুন দিল্লীত বাংলাদেশৰ উচ্চায়ুক্ত মহম্মদ ৰিয়াজ হামিদুল্লাক চমন জাৰি কৰাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰে। ভাৰতে ঢাকাত ভাৰতীয় উচ্চায়ুক্তৰ নিৰাপত্তাক লৈও গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে। 
 
উল্লেখ্য যে, IVACৰ মূল কেন্দ্ৰটো ঢাকাৰ যমুনা ফিউচাৰ পাৰ্কত অৱস্থিত। কেন্দ্ৰটোৱে জাননী জাৰি কৰি সদৰী কৰে যে, আজি ২ বজাৰ পৰা কেন্দ্ৰটো বন্ধ থাকিব। ইয়াৰ ফলত পূৰ্বৰ পৰা ভিছাৰ বাবে আবেদন কৰা আবেদনকাৰীসকল প্ৰভাৱিত হৈছে। বাংলাদেশত ভাৰতৰ মুঠ ১৬টা ভিছা কেন্দ্ৰ আছে, যাৰ জৰিয়তে প্ৰতি বছৰে প্ৰায় ২২ লাখ আবেদন প্ৰক্ৰিয়াকৰণ কৰা হয়।
 
উল্লেখ্য যে কিছুদিন পূৰ্বে বাংলাদেশৰ নেচনেল চিটিজেন পাৰ্টিৰ নেতা হাছনত আব্দুল্লাই ভাৰতক মুকলি ভাবুকি দিছিল। ১৫ ডিচেম্বৰত এক সমাৱেশত তেওঁ ঘোষণা কৰিছিল যে, বাংলাদেশ অস্থিৰ হ’লে সীমান্তৰ সিপাৰে প্ৰতিৰোধৰ জুই বিয়পিব। তেওঁ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ (সাত ভগ্নী) পৃথক কৰি বিচ্ছিন্নতাবাদীক আশ্ৰয় দিয়াৰ হুংকাৰ প্ৰদান কৰিছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে এই পদক্ষেপ।