নতুন দিল্লী
নতুন দিল্লীত শেহতীয়াকৈ বৃদ্ধি পোৱা বায়ু প্ৰদূষণ ৰোধৰ বাবে চৰকাৰে হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। বিষাক্ত ধোঁৱাৰে আবৃত দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে আজিৰে পৰা দিল্লীৰ বাহিৰত পঞ্জীয়নভুক্ত নন-বিএছ VI বাহন নিষিদ্ধ কৰা হৈছে।
লগতে, বৈধ প্ৰদূষণৰ প্ৰমাণ পত্ৰ (পিইউচি) নথকা বাহনসমূহক ইন্ধন প্ৰদান বন্ধ কৰাৰ দৰে প্ৰদূষণ বিৰোধী পদক্ষেপ হাতত লৈছে চৰকাৰে।
চৰকাৰে স্পষ্ট কৰি দিয়ে যে, দিল্লীৰ বাহিৰত পঞ্জীয়নভুক্ত নন-বিএছ VI বাহনৰ প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা GRAP-IV চলি থকালৈকে বলবৎ থাকিব। আজিৰে পৰা বাহন পৰীক্ষাৰ বাবে ৫৮০ জন আৰক্ষী জোৱান নিয়োগ কৰা হৈছে, আৰু ১২৬টা চেকপইণ্টত ৩৭খন ভ্যান স্থাপন কৰা হৈছে। পৰিবহণ বিভাগ, পৌৰ নিগম, খাদ্য বিভাগৰ কৰ্মীক পেট্ৰ’ল পাম্পত নিয়োগ কৰা হৈছে।
ইতিমধ্যে, দিল্লীয়ে পেট্ৰ’ল পাম্পত অটোমেটিক নম্বৰ প্লেট চিনাক্তকৰণ কেমেৰা স্থাপন কৰিছে, যাৰ দ্বাৰা বৈধ পিইউচি প্ৰমাণপত্ৰ নথকা বাহন চিনাক্ত কৰিব পৰা যাব।
উল্লেখযোগ্য যে, বহু পাম্পত পি ইউ চি মেচিনৰ চাৰ্ভাৰ ডাউন হোৱাৰ বাবে পৰীক্ষা বন্ধ হৈ পৰিছে যাৰবাবে বহু লোক ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিও হতাশ হৈ উভতি লগা হৈছে। চালকসকলে নিয়ম মানি চলিব বিচাৰিছে যদিও চাৰ্ভাৰ ডাউন হোৱাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। দিল্লী চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰভাৱ কন’ট প্লেচ, বাবা খৰক সিং মাৰ্গ, জনপথ, বাৰাখাম্বা, ধৌলা কুয়ানকে ধৰি বহুতো ডাঙৰ পেট্ৰ’ল পাম্পত দেখা পোৱা গৈছে।