আম্না ফাৰুক
ভাৰতীয় ক্ৰীড়াৰ বাবে ২০২৫ বৰ্ষটো স্মৰণীয় হৈ ৰ'ব, কিয়নো এই বৰ্ষটোত বিশেষকৈ দলীয় প্ৰতিযোগিতাত ভাৰতৰ সফলতাই ক্ৰীড়া ক্ষেত্ৰত এক নতুন উৎসাহ আৰু আৱেগৰ সৃষ্টি কৰে। এই বছৰটোত উত্থান-পতন আৰু বিভিন্ন বিতৰ্কৰ মাজতো কিছুমান সফলতা আৰু মাইলৰ খুঁটিয়ে দেশবাসীক গৌৰৱেৰে উদযাপন কৰিবলৈ উদ্বুদ্ধ কৰে। ক্ৰিকেট, এথলেটিকছ, দবা, কাবাডী আৰু হকীৰ লগতে স্কোৱাছেও ২০২৫ চনত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হয়।
বিশ্ব মঞ্চত ঐতিহাসিক জয়ৰ পৰা আৰম্ভ কৰি লাখ লাখ লোকক অনুপ্ৰাণিত কৰা ব্যক্তিগত মাইলৰ খুঁটিলৈকে এই বৰ্ষটোৱে দেশখনৰ ক্ৰমবৰ্ধমান শক্তি আৰু বিভিন্ন ক্ৰীড়াৰ মাজেৰে নিৰন্তৰ অগ্ৰগতিৰ প্ৰমাণ দাঙি ধৰে। প্ৰশাসনিক পৰ্যায়তো ভাৰতৰ প্ৰতিভাক স্বীকৃতি দি দেশখনে ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজক হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰে। আমি ক'ব পাৰো যে ২০২৫ বৰ্ষটো ক্ৰীড়া জগতৰ বাবে নিৰাশজনক নাছিল।
ভাৰতীয় খেলুৱৈ
ক্ৰিকেটত ভাৰতীয় ত্ৰিৰংগাৰ নাচোন
ক্ৰিকেটত পুৰুষেই হওক বা মহিলা, সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰখনত ভাৰতৰ বিজয় ধ্বজ্জা উত্তোলন কৰিছিল, যাৰ ফলত ব্লাইণ্ড ক্ৰিকেটতো ভাৰতৰ আধিপত্য সুস্পষ্ট হৈ পৰিছিল।
টীম ইণ্ডিয়াৰ ICC চেম্পিয়নছ ট্ৰফী
২০২৫ চনত পুৰুষৰ ক্ৰিকেট দলে তৃতীয়বাৰৰ বাবে ICC চেম্পিয়নছ ট্ৰফী জয় কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত পাকিস্তান আৰু UAEত অনুষ্ঠিত ICC চেম্পিয়নছ ট্ৰফীত ভাৰতৰ পুৰুষ দলটোৱে অসাধাৰণ প্ৰদৰ্শন আগবঢ়ায়। ৰোহিত শৰ্মাৰ নেতৃত্বত দলটোৱে গ্ৰুপ পৰ্যায়ত অপৰাজিত হৈ থাকি আপাৰ হেণ্ড অৰ্জন কৰে আৰু ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত নিউজিলেণ্ডক চাৰি উইকেটত পৰাস্ত কৰে।
ভাৰতৰ এই যাত্ৰা বাংলাদেশ আৰু পৰম্পৰাগত প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে চমকপ্ৰদ বিজয়ৰে ভৰি পৰিছিল, যিয়ে সীমিত অভাৰৰ ক্ৰিকেটত তেওঁলোকৰ আধিপত্যক আৰু অধিক শক্তিশালী কৰিছিল। এয়া আছিল ভাৰতৰ তৃতীয় চেম্পিয়নছ ট্ৰফী জয়। ইয়াৰ পূৰ্বে ভাৰতে ২০০২ আৰু ২০১৩ চনত এই খিতাপ লাভ কৰিছিল। এই প্ৰতিযোগিতাৰ সময়ছোৱাত ভাৰতে কেইবাটাও মাইলৰ খুঁটি অৰ্জন কৰে। কোহলি ১৪,০০০ ODI ৰান সম্পূৰ্ণ কৰা দ্ৰুততম খেলুৱৈ হিচাপে পৰিগণিত হয়। মহম্মদ শ্বামীয়ে ২০০টা এদিনীয়া উইকেট সম্পূৰ্ণ কৰে আৰু ৰোহিত শৰ্মাই ICC এদিনীয়া ইভেণ্টত সৰ্বাধিক ছয় সংগ্ৰহ কৰাৰ অভিলেখ সৃষ্টি কৰে।
প্ৰতিনিধিত্বমুলক ফটো
এছিয়া কাপ বিজয়
২০২৫ চনত টীম ইণ্ডিয়াৰ দ্বিতীয় বৃহৎ সফলতা আছিল এছিয়া কাপ বিজয়। এছিয়া কাপ ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰ ২০২৫ লৈ সংযুক্ত আৰব এমিৰেটছত অনুষ্ঠিত হৈছিল। ফাইনেলত ভাৰতে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি নৱমটো খিতাপ অৰ্জন কৰে।
ছোৱালীৰ নিয়ন্ত্ৰণত মহিলাৰ বিশ্বকাপ
ভাৰতৰ মহিলা ক্ৰিকেট দলে ২০২৫ চনত প্ৰথমবাৰৰ বাবে আইচিচি মহিলা বিশ্বকাপ জয় কৰে। এয়া ভাৰতীয় মহিলা ক্ৰীড়াৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়। অৱশ্যে এই সফলতা ৰাতিটোৰ ভিতৰতে অহা নাছিল, বৰঞ্চ মহিলা ক্ৰিকেটৰ দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ ফলশ্ৰুতিহে আহিছিল। এই কৃতিত্ব কেৱল এটা ট্ৰফীয়েই নাছিল, মহিলা ক্ৰিকেটত দশকজোৰা প্ৰচেষ্টাৰ পুৰস্কাৰ আছিল। প্ৰতিযোগিতাখন ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল। নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত মহিলা বিশ্বকাপৰ ফাইনেল খেলত হৰমনপ্ৰীত কৌৰৰ দলে দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰে। লীগ পৰ্যায়ত ভাৰতে চতুৰ্থ স্থান লাভ কৰে যদিও নকআউট ৰাউণ্ডত চমকপ্ৰদভাৱে আগবাঢ়ি ফাইনেলত প্ৰৱেশ কৰে আৰু ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে।
ভাৰতৰ ঐতিহাসিক বিজয়ৰ পাছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে দলটোক ৫১ কোটি টকাৰ নগদ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে। ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ৪৫ লাখ আমেৰিকান ডলাৰ অৰ্থাৎ ৩৯.৭৮ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে। ইয়াৰ ফলত ভাৰতীয় মহিলা দলটোৱে মুঠ ১২৩ কোটি টকাৰ পুৰস্কাৰ লাভ কৰে।
হকীত হিৰো এছিয়া কাপ জয় কৰাৰ পিছত ভাৰতীয় দল
ব্লাইণ্ড ৱৰ্ল্ডকাপত চেম্পিয়ন
ভাৰতীয় ক্ৰিকেট দলে প্ৰথমখন ব্লাইণ্ড ৱমেন টি-২০ বিশ্বকাপ জয় কৰাৰ লগে লগে ব্লাইণ্ড ক্ৰিকেটতো এক বৃহৎ সফলতা অৰ্জন কৰে। ভাৰত, নেপাল, পাকিস্তান, শ্ৰীলংকা, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দলসমূহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। দৃষ্টিশক্তিহীন খেলুৱৈসকলৰ বাবে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ব্লাইণ্ড ৱমেন টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়া, পাকিস্তান, শ্ৰীলংকা, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নেপালকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ দলে অংশগ্ৰহণ কৰিছিল। সমগ্ৰ টুৰ্ণামেণ্টত অপৰাজিত হৈ থকা ভাৰতে অপৰাজিত চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰিছিল। ভাৰতৰ মহিলা দলটোৱে শ্ৰীলংকা, অষ্ট্ৰেলিয়া আৰু পাকিস্তানক পৰাস্ত কৰাৰ পিছত ফাইনেলত নেপালক পৰাস্ত কৰে।
এছিয়াৰ হকী খেলৰ ৰজা ভাৰত
২০২৫ চনৰ ছেপ্টেম্বৰত যেতিয়া ভাৰতীয় হকী দলে ফাইনেলত দক্ষিণ কোৰিয়াক ৪-১ গলৰ ব্যৱধানত পৰাস্ত কৰি এছিয়া কাপ জয় কৰে, তেতিয়া হকী খেলৰ অনুৰাগীসকলে দীৰ্ঘদিনৰ পিছত সফলতা উদযাপনৰ সুযোগ লাভ কৰে। এই বিজয়ৰ জৰিয়তে ৮ বছৰৰ পিছত এছিয়া কাপৰ খিতাপ ভাৰতলৈ উভতি আহে আৰু দলটোৱে পৰৱৰ্তী বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। এই প্ৰতিযোগিতাখন আগষ্ট আৰু ছেপ্টেম্বৰ মাহত বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হৈছিল, য'ত আয়োজক দল হিচাপে ভাৰতে গ্ৰুপ পৰ্যায়ত অপৰাজিত হৈ আছিল আৰু ইয়াৰ পিছত ফাইনেলত দক্ষিণ কোৰিয়াক পৰাস্ত কৰি খিতাপ অৰ্জন কৰিছিল। ছুপাৰ ফ’ৰ পৰ্যায়ত ভাৰতে বৃহৎ সফলতা লাভ কৰে, য'ত যুৱ আৰু অভিজ্ঞ খেলুৱৈসকলে অধিনায়ক হৰমনপ্ৰীত সিঙৰ নেতৃত্বত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়ায়। এই জয় আছিল বিগত কেইবছৰমানৰ দুৰ্বলতাৰ পিছত এক প্ৰকাৰৰ প্ৰত্যাৱৰ্তন, যিয়ে উন্নত কৌশল আৰু শক্তিশালী প্ৰতিৰক্ষাক আলোকপাত কৰিছিল।
পেৰালিম্পিকতো ত্ৰিৰংগাৰ নাচোন
ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত ২৭ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ দ্বাদশবাৰৰ বাবে অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে প্ৰথমবাৰৰ বাবে স্থান লাভ কৰিবলৈ সক্ষম হয়। আয়োজক ভাৰতে দশম স্থান লাভ কৰি ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়ায়। সামগ্ৰিকভাৱে ভাৰতে ৬টা সোণ, ৯টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদকসহ ২২টা পদক লাভ কৰে। ইয়াৰ পূৰ্বে ২০২৪ চনত জাপানৰ কোবেত অনুষ্ঠিত হোৱা চেম্পিয়নশ্বিপত ভাৰতে ৬টা সোণ, ৫টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদকসহ ১৭টা পদক লাভ কৰিছিল। ভাৰতীয় দলটোত ৭৩ গৰাকী খেলুৱৈ আছিল, য'ত ৫৪ জন পুৰুষ আৰু ১৯ গৰাকী মহিলা আছিল। এই চেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈসকলে ৩টা চেম্পিয়নশ্বিপ অভিলেখ, ৭টা এছিয়ান অভিলেখ আৰু ৩০টাতকৈও অধিক ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে। বিশ্বব্যাপী প্ৰতিযোগিতাখনত ১০৪খন দেশৰ ২০০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।
বিশ্ব চেম্পিয়নশ্বিপ জয়ী হোৱা অন্ধ মহিলা দল
ব্যক্তিগত সাফল্য
ক্ৰিকেটৰ পৰা হকীলৈ টীম ইণ্ডিয়াৰ বেনাৰত ভাৰতে বিজয় ধ্বজ্জা উৰুৱাবলৈ সক্ষম হয়। আনহাতে, ভাৰতীয় খেলুৱৈসকলৰ ব্যক্তিগত সফলতা আৰু কৃতিত্বৰ এক দীঘলীয়া তালিকাও আছে। প্ৰথমতে জেবলিনৰ ক্ষেত্ৰত নীৰজ চোপ্ৰাৰ কথা উল্লেখ কৰিব লাগিব, যিয়ে ৯০ মিটাৰৰো অধিক থ্ৰ কৰি এক মাইলৰ খুঁটি স্থাপন কৰিছিল। তেওঁৰ এই কৃতিত্বই ভাৰতৰ এথলেটিকছৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰে। ইয়াৰ সমান্তৰালভাৱে দবা খেলত ডি গুকেশে বিশ্ব দাবা চেম্পিয়ন হৈ এক বৃহৎ সফলতা অৰ্জন কৰে। শ্বুটিঙত মনু ভাকেৰে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা লাভ কৰে। সম্ৰাট ৰানা ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত বিশ্ব চেম্পিয়ন হয়।
আৰ্চাৰীত জ্যোতি সুৰেখা ভেন্নম বিশ্বকাপৰ ফাইনেলত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। তেওঁ কম্পাউণ্ড আৰ্চাৰীত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। ২০২৫ বৰ্ষটো ভাৰতীয় ক্ৰীড়াৰ বাবে এক নতুন বৰ্ষ হিচাপে পৰিগণিত হয়। এই সাফল্যসমূহ সাহস, উদ্ভাৱন আৰু সামূহিক আনন্দৰ প্ৰতীক হৈ পৰিছে। ২০২৬ বৰ্ষৰ বাবে যি ভিত্তি স্থাপন কৰা হৈছে, সিয়ে আৰু অধিক সাফল্যৰ আশা জগাই তুলিছে। আশা কৰা হৈছে যে নতুন বছৰটোৱে অধিক পদক, খিতাপ আৰু স্মৰণীয় কাহিনী কঢ়িয়াই আনিব।