বিশ্বকাপ বিজয়ী অন্ধ ক্ৰিকেটাৰক শাৰীৰিক প্ৰশিক্ষক হিচাপে নিযুক্তি দিবলৈ অসম কেবিনেটৰ অনুমোদন

Story by  atv | Posted by   Imtiaz Ahmed • 2 h ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছিমু দাসক আৰ্থিক পুৰস্কাৰ প্ৰদান কৰাৰ সময়ত
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছিমু দাসক আৰ্থিক পুৰস্কাৰ প্ৰদান কৰাৰ সময়ত

গুৱাহাটী

অসমৰ কেবিনেটে মহিলা টি-২০ অন্ধ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ সদস্য ছিমু দাসক ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অধীনত শাৰীৰিক প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে।

শেহতীয়াকৈ কলম্বোত অনুষ্ঠিত অন্ধ মহিলা টি-২০ বিশ্বকাপত ভাৰতৰ বৃহৎ জয়ৰ ক্ষেত্ৰত নগাঁও জিলাৰ দাসে নিৰ্ণায়ক ভূমিকা পালন কৰি নেপালৰ বিৰুদ্ধে ফাইনেলত ৮৬ ৰান সংগ্ৰহ কৰি গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। তেওঁৰ অল ৰাউণ্ড প্ৰদৰ্শনৰ বাবে তেওঁক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হৈছিল।

বৃহস্পতিবাৰে কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমক মুখ্যমন্ত্রী শৰ্মাই কয় যে দাসৰ নিযুক্তিৰ লগতে ২১ ডিচেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া এমোনিয়া-ইউৰিয়া প্রকল্পৰ বাবে প্রয়োজনীয় ভূমি আবণ্টনতো চৰকাৰে অনুমোদন জনাইছে৷

মন্ত্ৰী পৰিষদে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে চৰকাৰী অগ্ৰাধিকাৰ উন্নয়ন পুঁজি (গ্ৰাম্য)ৰ অধীনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)লৈ ২৫০ কোটি টকা মুকলি কৰাৰ বাবেও অনুমোদন প্ৰদান কৰে বুলি তেওঁ কয়।

জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্ব বিবেচনা কৰি মন্ত্ৰীসভাই গোৱালপাৰা জিলাৰ কুমাৰী বিল (২৭০ হেক্টৰ) আৰু ধমৰ বিল (৩৩৭ হেক্টৰ) দুয়োখনকে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ বাবে দ্য আছাম ফৰেষ্ট ৰেগুলেচন, ১৮৯১ৰ বিধানৰ অধীনত অনুমোদন জনায়

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ নতুন গ্ৰুপ চেণ্টাৰ নিৰ্মাণৰ বাবে ধেমাজি জিলাৰ কাৰেং চাপৰিস্থিত ৬০৭ বিঘা চৰকাৰী ভূমি হস্তান্তৰ কৰাৰ প্ৰস্তাৱো কেবিনেটে গ্ৰহণ কৰে।

মিছন বসুন্ধৰাৰ অন্তৰ্গত মুঠ ৩০৮টা পৰিয়ালক ভূমি আবণ্টনতো মন্ত্ৰীসভাই অনুমোদন জনাইছে বুলি শৰ্মাই কয়।