গুজৰাটৰ জামনগৰস্থিত বনতাৰাত উপস্থিত লিঅ'নেল মেছি

Story by  atv | Posted by  [email protected] • 2 h ago
জামনগৰস্থিত বনতাৰাত লিঅ'নেল মেছি
জামনগৰস্থিত বনতাৰাত লিঅ'নেল মেছি
 
নতুন দিল্লী
 
৩ দিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ অহা লিঅ'নেল মেছিয়ে ভাৰত ভ্ৰমণ কাৰ্যসূচীৰ অংশস্বৰূপে গুজৰাটৰ জামনগৰস্থিত বনতাৰা ভ্ৰমণ কৰে।  হিন্দু ৰীতি-নীতিৰে ফুটবলৰ মহাতাৰকাগৰাকীক আদৰণি জনায় বনতাৰাৰ প্ৰতিষ্ঠাপক অনন্ত আম্বানীয়ে।
 
উল্লেখযোগ্য যে, বনতাৰা ভ্ৰমণ কাৰ্যসূচীত মেছিৰ সৈতে তেওঁৰ সতীৰ্থ লুইছ ছুৱেৰেজ আৰু ৰড্ৰিগো ডি পলেও সহযোগ কৰে। ইপিনে কিংবদন্তি ফুটবলাৰগৰাকীয়ে অনন্ত আম্বানীৰ সৈতে বনতাৰা ভ্ৰমণ কৰে।
 
তাৰোপৰি, বনতাৰাত থকা সিংহ, নাহৰফুটুকী, ঢেঁকীয়াপতীয়াকে ধৰি বিভিন্ন জীৱ-জন্তুক প্ৰত্যক্ষ কৰে। মেছিয়ে অনন্ত আম্বানী আৰু তেওঁৰ পত্নী ৰাধিকা আম্বানীৰ সৈতে একেলগে বহু সময় ধৰি বন্যপ্ৰাণী চিকিৎসালয়খন ভ্ৰমণ কৰে।
 
উল্লেখযোগ্য যে, লিঅ'নেল মেছিয়ে বনতাৰাৰৰ বন্যপ্ৰাণী চিকিৎসালয়খন ওকাপি, গঁড়, জিৰাফ, হাতীকে ধৰি বিভিন্ন প্ৰাণীক খাদ্য খুৱাই।মেছিয়ে বনতাৰাত অতিবাহিত কৰা সময়খিনিৰ ভূয়সী প্ৰশংসা কৰে। আনপিনে মেছিয়ে উল্লেখ কৰে যে- এটা সুন্দৰ সময় পাৰ কৰিলোঁ বনতাৰাত। এই অভিজ্ঞতা চিৰদিন মনত থাকিব। লগতে বনতাৰাই যি কাম কৰি আছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়।