ভাৰত এখন হিন্দু ৰাষ্ট্ৰ, ইয়াৰ বাবে সাংবিধানিক অনুমোদনৰ প্ৰয়োজন নাইঃ মোহন ভাগৱত

Story by  atv | Posted by  [email protected] • 3 h ago
ভাৰত এখন হিন্দু ৰাষ্ট্ৰ, ইয়াৰ বাবে সাংবিধানিক অনুমোদনৰ প্ৰয়োজন নাইঃ মোহন ভাগৱত
ভাৰত এখন হিন্দু ৰাষ্ট্ৰ, ইয়াৰ বাবে সাংবিধানিক অনুমোদনৰ প্ৰয়োজন নাইঃ মোহন ভাগৱত
 
কলকাতা
 
ভাৰত এখন "হিন্দু ৰাষ্ট্ৰ" বুলি উল্লেখ কৰি ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ(RSS)ৰ মুৰব্বী মোহন ভাগৱতে কয় যে ইয়াৰ বাবে কোনো সাংবিধানিক অনুমোদনৰ প্রয়োজন নাই। '১০০ ব্যাখ্যান মালা' কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কয়, "ভাৰত এখন হিন্দু ৰাষ্ট্ৰ আৰু ইয়াৰ বাবে কোনো সাংবিধানিক অনুমোদনৰ প্ৰয়োজন নাই, কাৰণ ই সত্য।’’
 
RSSৰ শতবৰ্ষ উপলক্ষে আয়োজিত বিশেষ কাৰ্যসূচীত RSS প্ৰধান ভাগৱতে ভাৰতীয় সংস্কৃতিৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে যিমান দিনলৈকে দেশৰ জনতাই হিন্দু সাংস্কৃতিক ঐতিহ্য আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ গৌৰৱ উদযাপন কৰিব, তেতিয়ালৈকে দেশখন হিন্দু ৰাষ্ট্ৰ হৈয়ে থাকিব। তেওঁ কয়, 'সূৰ্য পূবত উদয় হয়, কিন্তু আমি নাজানো যে এই পৰিঘটনা কেতিয়াৰ পৰা সংঘটিত হৈছে। তেন্তে ইয়াৰ বাবেও কি আমাক সাংবিধানিক অনুমোদনৰ প্ৰয়োজন? হিন্দুস্তান এখন হিন্দু ৰাষ্ট্ৰ। পূৰ্বপুৰুষৰ সনাতন গৌৰৱত বিশ্বাসী আৰু তাক পালন কৰি এজন ব্যক্তি যেতিয়ালৈকে হিন্দুস্তানৰ মাটিত জীয়াই থাকিব, তেতিয়ালৈকে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ হৈয়ে থাকিব।
 
সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ কথা প্ৰত্যক্ষভাৱে উল্লেখ নকৰাকৈ ভাগৱতে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সংসদে আইন সংশোধন কৰিব পাৰে নে নোৱাৰে সেই বিষয়ে তেওঁলোকে চিন্তাৰ কৰাৰ প্ৰয়োজন অনুভৱ নকৰে বুলি স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে RSS-এ হিন্দুত্ববাদৰ আদৰ্শত বিশ্বাস কৰে। যদি সংসদে সংবিধান সংশোধন কৰি এই শব্দটো অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লয়, তেন্তে তেওঁলোকে সেয়া কৰিব পাৰে। কিন্তু সংসদে কৰক বা নকৰক, আমি এই শব্দটোক লৈ মূৰ গৰম নকৰো, কাৰণ আমি হিন্দু আৰু আমাৰ দেশ হিন্দু। জন্মৰ ওপৰত ভিত্তি কৰি কৰা বর্ণবাদ হিন্দুত্বৰ বৈশিষ্ট্য নহয়। তেওঁ লগতে বিদেশী ভাষাৰ পৰিৱৰ্তে মাতৃভাষাৰ ব্যৱহাৰৰ ওপৰত জোৰ দিয়াৰ পৰামৰ্শ দিয়ে।
 
ভাগৱতে ৰাইজক সংগঠনটোৰ কাৰ্যালয় আৰু 'শখাসমূহ' ভ্ৰমণ কৰি ইয়াৰ কাম-কাজৰ বুজ ল’বলৈ আহ্বান জনায়, যাতে সংগঠনটোক "মুছলমান বিৰোধী" বুলি ভবা ভুৱা ধাৰণা দূৰ কৰিব পৰা যায়।