উত্তৰ-পূৰ্বাঞ্চলৰ বৰদিন: ভাৰতৰ অন্যতম সজীৱ সাংস্কৃতিক সম্পদ

Story by  Munni Begum | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
মুন্নী বেগম / গুৱাহাটী 
 
সাধাৰনতে ভাৰতত বৰদিন প্ৰায়ে গোৱাৰ সাগৰৰ তীৰ বা কেৰালাৰ ৰং বিৰঙি লাইটৰে সজাই তোলা গীৰ্জাৰ ছবিৰ জৰিয়তে কল্পনা কৰা হয়। কিন্তু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত শুকুলা কুৱলীয়ে আৱৰি থকা উপত্যকাৰ ঢৌ খেলা পাহাৰবোৰত অত্যাধুনিক সৌন্দৰ্য্যৰে বৰদিন উদযাপন কৰি অহা হৈছে। যি সম্প্ৰতিও দেশৰ অন্যতম অসাধাৰণ অথচ অকথিত কাহিনী হৈয়েই আছে।  
 
উত্তৰ-পূৰ্বাঞ্চলৰ বৰদিন কেৱল এক উৎসৱ নহয়, বৰং ই হৈছে পৰিচয়, সম্প্ৰদায়, সংগীত আৰু স্মৃতি আদি সকলোৰে সংমিশ্ৰিত সমাহাৰ। বৃহত্তম খ্ৰীষ্টান সম্প্ৰদায়ৰ কিছুলোকে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ নাগালেণ্ড, মিজোৰাম, মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশ বসবাস কৰি আহিছে। ইয়াৰ বহু জনগোষ্ঠীৰ বাবে খ্ৰীষ্টান ধৰ্ম কেৱল এটা ধৰ্ম হিচাপেই নহয়, বৰং ই সামাজিক পৰিৱৰ্তন, শিক্ষা, লিপি প্ৰণালী আৰু সাংস্কৃতিক বিৱৰ্তন হিচাপেও আহিছিল। আৰু সেইবাবেই ইয়াত আধ্যাত্মিক আৰু সাম্প্ৰদায়িক দুয়োটা দিশতে বৰদিনক এক প্ৰকাৰৰ আন্তৰিকতাৰে উদযাপন কৰা হয়।  
 
শ্বিলংৰ বৰদিনৰ প্ৰস্তুতিৰ এক দৃশ্য
 
উত্তৰ-পূৰ্বাঞ্চলৰ গাঁওবোৰে কেইবাসপ্তাহ ধৰি বৰদিনৰ বাবে প্ৰস্তুতি চলায়। প্ৰতিদিনে সন্ধিয়া গীৰ্জাঘৰত সংগীত পৰিবেশনৰ বাবে গায়কৰ দলবোৰে অনুশীলন কৰে। কিয়নো সংগীত হৈছে উত্তৰ-পূবৰ বৰদিনৰ হৃদস্পন্দন। উত্তৰ-পূর্বাঞ্চলে যদি বিশ্বক এটা বস্তু দিয়ে, সেয়া হৈছে সংগীত৷ বৰদিনৰ সময়ত সংগীত ইয়াৰ এক জীৱন্ত সত্তা হৈ পৰে। যুৱক-যুৱতীৰ দলবোৰে বৃদ্ধ আৰু অসুস্থ লোকসকলক সাক্ষাৎ কৰে। সম্প্ৰদায়বোৰে সমগ্ৰ চুবুৰীটো পৰিষ্কাৰ কৰি সজাই-পৰাই তোলে। কিয়নো বৰদিন জনসাধাৰণৰ উৎসৱ, ই বাণিজ্যৰদ্বাৰা পৰিচালিত নহয়।     
 
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য নাগালেণ্ডত সমন্বয়ৰে ভৰা পাহাৰীয়া গাঁওবোৰত কোৰেল গীত, গীটাৰ ষ্ট্ৰম আৰু অনুৰণিত সমন্বয়ৰ ধ্বনি প্ৰতিধ্বনিত হয়। প্ৰতিটো ঘৰতে কোৰেলৰ বাবে প্ৰস্তুতি চলোৱা হয়, য'ত গীৰ্জাৰ দলবোৰে ঘৰে ঘৰে খোজকাঢ়ি গৈ শীতৰ গভীৰ নিশালৈকে কোৰেল পৰিবেশন কৰে। 
 
মিজোৰামৰ বৰদিনৰ এক দৃশ্য
 
একেদৰে মেঘালয়ত বৰদিনত ইউৰোপৰ দৰে সংগীত সংস্কৃতি দেখিবলৈ পোৱা যায়। প্ৰায়ে ভাৰতৰ সংগীতৰ ৰাজধানী বুলি কোৱা শ্বিলংখন বৰ্তমান লাইভ কনচাৰ্টৰ মঞ্চলৈ ৰূপান্তৰিত হৈছে। ইয়াত গীৰ্জা আৰু যুৱ গোটসমূহে বহুস্তৰীয় সমন্বয়, ভায়লিন, কিবৰ্ড সংগীত ব্যৱস্থাপনাৰে কোৰেল পৰিৱেশন কৰি পশ্চিমীয়া ধ্ৰুপদী পৰম্পৰাক প্ৰতিফলিত কৰি আহিছে।  
 
আনহাতে বৰদিনৰ দিনা মিজোৰামৰ প্ৰত্যেকটো অঞ্চলত নিজস্ব সংগীতানুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ বৰদিনৰ অনুষ্ঠানবোৰত শক্তিশালী গায়ন-বায়নৰ মণ্ডলী জড়িত হৈ থাকে, য'ত হাজাৰ হাজাৰ কণ্ঠ একেলগে হৃদস্পন্দনৰ দৰে উত্থিত হৈ গীত পৰিবেশন কৰে।    
 
নাগালেণ্ডত বৰদিন উদযাপনৰ এক দৃশ্য
 
তদুপৰি উত্তৰ-পূবত বৰদিনৰ খাদ্য কেৱল মাত্ৰ ৰেষ্টুৰেণ্টৰ খাদ্যৰ তালিকা নহয়, বৰং ই জনজাতীয় খাদ্য হয়। যি ধীৰে ধীৰে ৰন্ধা বহুলভাৱে ভাগ কৰা শতিকা পুৰণি খাদ্য পৰম্পৰাত ওপৰত আধাৰিত।   
 
নাগালেণ্ডত বাঁহৰ সৈতে পোৰা গাহৰিৰ মাংস, কিম্বন কৰা চয়াবিনৰ ব্যঞ্জন, বৰা চাউল (sticky rice)  আৰু সতেজ বনৌষধি ডাঙৰ ডাঙৰ কাঠৰ বাচনত ৰন্ধা হয়। যি সমগ্ৰ গাঁৱৰ মানুহে একেলগে গ্ৰহণ কৰে। মিজোৰামত সতেজ গাহৰিৰ মাংসৰ ষ্টু, সিজোৱা শাক-পাচলি, বাই নামৰ পৰম্পৰাগত আঠাযুক্ত চাউল (sticky rice) আদিৰ আয়োজন কৰি পৰিয়ালসমূহে বৰদিনৰ গোটেই দিনটো অতিথিৰ বাবে নিজৰ ঘৰৰ দুৱাৰ মুকলি কৰি ৰাখে। আনাহাতে, মেঘালয়ত চহকী গৰুৰ মাংসৰে প্ৰস্তুতি ৰঙালাউৰ ষ্টু, কাঠৰ জুইত প্ৰস্তুত কৰা চাউলৰ গুড়িৰ পিঠাৰ লগতে প্ৰতিখন ঘৰে গৰম গৰম খাদ্য আৰু উষ্ম হাঁহিৰে দৰ্শনাৰ্থীক আদৰণি জনায়। খাদ্যৰ এই ভাগ-বতৰা কৰাটো নৈমিত্তিক নহয়, ই হৈছে সাংস্কৃতিৰ এক অংশ। ই সমতা, পৰিয়াল আৰু এই বিশ্বাসৰ প্ৰতিনিধিত্ব কৰে যে, বৰদিনত কোনো ব্যক্তিয়ে যেন অকলে থাকিব নালাগে। 
 
নগা থলুৱা আঠাযুক্ত চাউলৰ পিঠা
 
বৰদিনত ভাৰতৰ ডাঙৰ চহৰবোৰে প্লাষ্টিকৰে প্ৰস্তুত সজ্জাৰ সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায়, যদিও উত্তৰ-পূবৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে বৰদিন উদযাপন কৰা হয়। ইয়াত বৰদিনৰ দিনা হাবিৰ পৰা সংগ্ৰহ কৰা পাইন গছ, হাতেৰে বনোৱা বাঁহৰ তৰা, কাঁচৰ জাৰত সৰু সৰু মমবাতি, শিশুৰ হাতেৰে অংকন কৰা শিল্পকৰ্ম, ৰঙীন ফুল আদি ব্যৱহাৰ কৰা হয়। গীৰ্জাবোৰ প্ৰতিদিনে ৰং-বিৰঙি লাইটেৰে আটকধুনীয়াকৈ সজাই তোলা হয়।
 
ইয়াত মাজনিশা প্ৰদান কৰা সেৱা বৰদিনৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদিও অন্য ঠাইতকৈ ই পৃথক হয়, তথাপিও এই সমাগমসমূহ এক বৃহৎ সামূহিক অনুষ্ঠানৰ দৰে অনুভৱ হয়। য'ত সাংস্কৃতিক পৰিবেশন, কোৰেল প্ৰতিযোগিতা, বাইবেলৰ নাটক, যুৱক-যুৱতীৰ নেতৃত্বত ৰাজপথৰ পেৰেড আদি অনুষ্ঠিত কৰা হয়। স্থানীয় জনজাতীয় ভাষাত বিশেষ ধৰ্মধ্বনি দিয়া হয়, আইতাসকলে চাদৰ পৰিধান কৰি ওলাই আহে, ল’ৰা-ছোৱালীয়ে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰে, আৰু ডেকা-গাভৰুসকলে গভীৰ নিশালৈকে গীত গাই ৰাজপথ ভিৰ কৰি থাকে।    
 
পাইন গছ
 
ইয়াত বিশ্বাস কঠিন বা আনুষ্ঠানিক নহয় বৰং ই আনন্দময় আৰু গভীৰভাৱে সাম্প্ৰদায়িক হয়। বৰদিনত ইয়াত বজাৰ কৰা নহয়, ইয়াত দিয়া পৰম্পৰা বিৰাজমান। উত্তৰ-পূৰ্বাঞ্চলত বৰদিনৰ আটাইতকৈ পুৰণি ধাৰণাটো 'দান' কৰাটোক উদযাপন কৰি অহা হৈছে। যুৱক-যুৱতী গোটে অনাথ আশ্ৰম পৰিদৰ্শন কৰে। গীৰ্জাসমূহে কম্বল আৰু খাদ্য বিতৰণ কৰে। চুবুৰীয়াই হাতেৰে বনোৱা মিঠাই বিতৰণ কৰে। যুৱ ছাত্ৰ-ছাত্ৰীয়ে বৃদ্ধসকলৰ ঘৰ সজাই তোলাত সহায় কৰে। বৰদিনত কোনো ব্ৰেণ্ডৰ কথা আহি নপৰে, ইয়াৰ মূল বিষয় হৈছে সকলোকে নিজৰ বুলি ভবা।  
 
বৰফ নথকাকৈও উত্তৰ-পূৰ্বাঞ্চলৰ বৰদিনৰ মনোভাৱটো শীতকালীন সাধুকথাৰ দৰে অনুভৱ হয়। য'ত পাহাৰৰ শীতল বতাহ, পাইন গছৰ ওপৰত কুঁৱলীয়ে থিতাপি লোৱা, নিস্তব্ধ উপত্যকাৰ ওপৰত জিলিকি থকা তৰা, নিৰৱতাই আৱৰি থকা এটি নিশা দূৰৈত কোনোৱে গুণ গুণাই গীত গাই থকা। ইয়াত এনে এক শান্তি বিচাৰি পোৱা যায়, যিয়ে বানিজ্যিক কোলাহলৰ পৰা আঁতৰাই বৰদিনক বিশুদ্ধ কৰি তোলে। 
 
হাতেৰে বনোৱা বাঁহৰ তৰা, সৰু সৰু মমবাতিৰ কাঁচ জাৰ
 
উত্তৰ-পূবৰ বৰদিন হৈছে ভাৰতৰ অন্যতম সজীৱ সাংস্কৃতিক সম্পদ। যিয়ে আমাক শিকাইছে যে, উৎসৱে সম্প্ৰদায়, সংগীত, সৰলতা, দয়া, একেলগে থকাটোক বুজায়। প্ৰতিটো আলোকিত গীৰ্জাত, প্ৰতিখন প্লেটত থকা ব্যঞ্জন, তৰাৰে জিলিকা মুকলি আকাশৰ তলত গোৱা প্ৰতিটো সমন্বয়ৰ গীতে আমাক এই কথাকে সোঁৱৰাই দিয়ে যে, বৰদিনৰ মূলতে মানৱতা অন্তৰ্নিহিত হৈ আছে।  
 
উত্তৰ-পূৰ্বাঞ্চলৰ বৰদিন এনে এক উৎসৱ য’ত বিশ্বাসে সংস্কৃতিৰ সৈতে, পৰম্পৰাই প্ৰেমৰ সৈতে মিলি যায়। আৰু য’ত ডেকা আৰু বৃদ্ধ প্ৰত্যেকৰ কণ্ঠই সমন্বয়ৰ গীতৰ অংশ হৈ পৰে।