অনিকা মহেশ্বৰী / নতুন দিল্লী
ছলমান খান বলীউডৰ এনে এটা নাম যিটো প্ৰায়ে বিতৰ্কৰ মাজত থকা দেখা পোৱা যায়। তথাপিও এটা সত্য অস্বীকাৰ কৰিব নোৱাৰি, যিটো সত্য তেওঁৰ কঠোৰতম সমালোচকসকলেও নাকচ কৰিব নোৱাৰে। সেইয়া হৈছে দুখীয়া লোকসকলৰ বাবে তেওঁৰ নিঃস্বাৰ্থ সহায়। বছৰ বছৰ ধৰি, ছলমান খানে বাৰে বাৰে দেখুৱাই আহিছে যে, যেতিয়া কাৰোবাৰ চিকিৎসা সহায়ৰ প্ৰয়োজন হয়, আৰ্থিক সহায় বা আৱেগিক শক্তিৰ প্ৰয়োজন হয়, তেতিয়া প্ৰায়ে চলচ্চিত্ৰ উদ্যোগৰ পৰা আগবাঢ়ি অহা প্ৰথম ব্যক্তিসকলৰ ভিতৰত তেওঁ অন্যতম।
ছলমান খানে কেতিয়াও নিজৰ সামাজিক কামৰ প্ৰচাৰ কৰি অহা নাই। তথাপিও সময়ৰ লগে লগে উত্থাপিত হোৱা অসংখ্য কাহিনীয়ে স্পষ্টকৈ প্ৰতিফলিত কৰি আহিছে যে, তেওঁ কেনেকৈ নীৰৱে চিকিৎসালয়ৰ বিল পৰিশোধ কৰিছে, ব্যয়বহুল চিকিৎসাৰ পৃষ্ঠপোষকতা কৰে আৰু বহু লোকক নতুন জীৱন আৰম্ভ কৰাৰ সুযোগ দিয়ে।
বিং হিউমেন: আশা, সহায় আৰু মৰ্যাদাৰ প্ৰতীক
২০০৭ চনৰ ১৪ জানুৱাৰীত ছলমান খানে বিং হিউমেন ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিছিল। আজি ইয়াক ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী চেলিব্ৰিটি অনুপ্ৰাণিত সামাজিক সংস্থাসমূহৰ ভিতৰত গণ্য কৰা হয়। শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই সংস্থাটোৱে হাজাৰ হাজাৰ পৰিয়াল, শিশু আৰু আৰ্তজনৰ বাবে আশাৰ কিৰণ হৈ পৰিছে।
নিজৰ ব্ৰেণ্ড বিয়িং হিওমেনৰ প্ৰচাৰত ছলমান খান
বিং হিউমেনৰ অধীনত দৰিদ্ৰ আৰু যোগ্য শিশুৰ বাবে শিক্ষাৰ খৰচ, গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীৰ বাবে বিনামূলীয়া বা আংশিক চিকিৎসা, প্ৰতিবন্ধী আৰু অসুবিধাগ্ৰস্তসকলৰ বাবে পুনৰ্বাসন আৰু নিয়োগ সাহায্য, দুৰ্যোগৰ সময়ত তাৎক্ষণিক সাহায্য আদি প্ৰদান কৰা হয়। বিয়িং হিউমেন কেৱল এটা এন জি অ’ নহয়, বৰঞ্চ ই এক বহনক্ষম আৰ্হি। ২০০৯ চনত এইচডিআইএল ক্যুট্যুৰ উইকত বিয়িং হিউমেন কাপোৰৰ ব্ৰেণ্ডটো মুকলি কৰা হৈছিল। ইয়াৰ লক্ষ্য আছিল যে, ইয়াৰ পৰা পোৱা ধন প্ৰত্যক্ষভাৱে সামাজিক কামত বিনিয়োগ কৰা হ’ব।
হাড়ৰ মজ্জা দান: এক ঐতিহাসিক পদক্ষেপ
ছলমান খানৰ অন্যতম উল্লেখযোগ্য মানৱীয় পদক্ষেপ হৈছে হাড়ৰ মজ্জা দান। ২০১০ চনত তেওঁ এম ডি আৰ আই (মজ্জা দাতা পঞ্জীয়ন ইণ্ডিয়া)ৰ সৈতে অংশীদাৰিত্ব কৰি ভাৰতৰ প্ৰথম চেলিব্ৰিটি হাড়ৰ মজ্জা দাতা হিচাপে পৰিগণিত হয়। এই পদক্ষেপে হাজাৰ হাজাৰ লোকক সচেতন কৰি তুলিছে যে, হাড়ৰ মজ্জা দান কৰিলে গুৰুতৰ ৰোগত আক্ৰান্ত শিশুৰ জীৱন ৰক্ষা পৰিব পাৰে।
ৰক্তদান কৰি থকা মুহূৰ্তত
বছৰৰ পিছত বছৰ ধৰি সামাজিক পদক্ষেপ
২০১২: মুম্বাইৰ অক্ষৰা হাইস্কুলত ২০০ শিশুৰ শিক্ষাৰ খৰচ
২০১৩: ‘লিটল হাৰ্টছ প্ৰগ্ৰেম’ৰ অধীনত জন্মগত হৃদৰোগী শিশুৰ বিনামূলীয়া চিকিৎসা।
২০১৩: মহাৰাষ্ট্ৰৰ খৰাং প্ৰভাৱিত অঞ্চলত ২৫০০ টা পানীৰ টেংকি
২০১৪: স্বচ্ছ ভাৰত অভিযানৰ অধীনত ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ
২০১৫: কাশ্মীৰৰ বানাক্ৰান্তৰ বাবে ৩০ হাজাৰ উলৰ কম্বল
২০১৭: শ্ৰীনগৰ ফাট কেন্দ্ৰ—মুখৰ বিকৃতি থকা শিশুৰ বাবে বিনামূলীয়া অস্ত্ৰোপচাৰ
২০২০-২১: ক'ভিড-১৯ মহামাৰীৰ সময়ত ২৫ হাজাৰ চলচ্চিত্ৰ উদ্যোগৰ কৰ্মীক আৰ্থিক সাহায্য
২০২৪-২৫: পঞ্জাৱৰ বানপীড়িত গাঁওসমূহৰ বাবে সাহায্য সামগ্ৰী আৰু নাও
আত্মবিশ্বাসৰ সৃষ্টি কৰা পৰিসংখ্যা
১৪৬৬ জনতকৈ অধিক শিশুৰ বাবে বিনামূলীয়া হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ
৪৫ হাজাৰৰো অধিক চকুৰ পৰীক্ষা
১৯০০ৰো অধিক প্ৰতিবন্ধী লোকৰ বাবে প্ৰশিক্ষণ, ১১৯৪ জনৰ বাবে কৰ্মসংস্থাপন
শিক্ষাৰ ক্ষেত্ৰত ৪৫০০ৰো অধিক শিশুক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰা।
শিশুসকলৰ সৈতে ছলমান খান
মূল সম্পত্তি, ব্যৱসায় আৰু সৰলতা
বলীউডৰ অভিনেতাৰ কেৰিয়াৰ উত্থান-পতনেৰে ভৰি থকা। প্ৰতিগৰাকী অভিনেতাৰ প্ৰতিখন ছবি ছুপাৰহিট নহবও পাৰে। সেয়ে বলীউডৰ বহু অভিনেতাৰ উপাৰ্জনৰ বাবে অতিৰিক্ত ব্যৱসায় থাকে। যাৰ পৰা তেওঁলোকে বহুত টকা উপাৰ্জন কৰে। ৬০ বছৰীয়া ছলমান খানৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ প্ৰায় ₹৩০০০ কোটি, যাৰ আধা তেওঁ নিজৰ ব্যৱসায়ৰ পৰা উপাৰ্জন কৰিছে।
বলীউডৰ অন্যতম ডাঙৰ ছুপাৰষ্টাৰ ছলমান খানে অভিনয় কেৰিয়াৰৰ উপৰিও ৰিয়েল এষ্টেট, ফিটনেছ ভেঞ্চাৰ, লাইফষ্টাইল ব্ৰেণ্ডৰ পৰাও বহু টকা উপাৰ্জন কৰি আহিছে। অভিনয়ৰ বাহিৰে আন আন কামত ক’ত সক্ৰিয় হৈ আছে ছলমান খানে জানো আঁহক। ৬০ বছৰ বয়সত ছলমান খানৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ₹৩০০০ কোটি বুলি অনুমান কৰা হৈছে। এই আয়ৰ এটা বৃহৎ অংশ ছবিৰ বাহিৰেও অন্যান্য ব্যৱসায়িক উদ্যোগৰ পৰা আহে। সেইবোৰ হৈছে --
SK-27 জিম আৰু ফিটনেছ সঁজুলি
ফিটনেছ কেৱল ছলমানৰ চখ নহয়, ই তেওঁৰ পৰিচয়। ২০১৯ চনত তেওঁ সমগ্ৰ ভাৰততে জিমৰ শৃংখল SK-27 মুকলি কৰিছে। সি ইয়াতে থমকি ৰ’ল। ইয়াৰ কিছু সময়ৰ পিছতে তেওঁ নিজাকৈ ফিটনেছ সঁজুলিৰ শাৰী মুকলি কৰি নিজৰ আবেগক এক নতুন মাত্ৰালৈ লৈ যায়। ই ব্যৱসায়িক আৰু ব্যক্তিগত দুয়োটা দিশতে, সমগ্ৰ দেশতে স্বাস্থ্য আৰু ফিটনেছক প্ৰসাৰিত কৰি আহিছে।
ইয়াৰ উপৰিও অভিনেতাগৰাকীয়ে ২০১৯ চনত "বিং ষ্ট্ৰং" নামৰ নিজাকৈ ফিটনেছ সঁজুলিৰ ৰেঞ্জ মুকলি কৰিছিল। মুম্বাই, নয়ডা, ইন্দোৰ, আৰু কলকাতাৰ দৰে ডাঙৰ চহৰতো তেওঁৰ কেইবাটাও জিম মুকলি কৰিছে।
শৰীৰচর্চা কৰাৰ সময়ত ছলমান খান
ছলমান খান প্ৰডাকচন হাউচ
ছলমান খানৰ প্ৰডাকচন হাউছ হৈছে ২০১১ চনত প্ৰতিষ্ঠা কৰা ছলমান খান ফিল্মছ (এছ কে এফ)। তেওঁৰ প্ৰডাকচন বেনাৰত চিলাৰ পাৰ্টি আৰু বজৰংগী ভাইজানকে ধৰি কেইবাখনো হিন্দী ছবি প্ৰযোজনা কৰিছে। চিলাৰ পাৰ্টিয়ে শ্ৰেষ্ঠ শিশু ছবিকে ধৰি তিনিটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।
বিং হিউমেন
২০০৭ চনত ছলমান খানে শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত কাম কৰা বিং হিউমেন ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিছিল। ই হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ, ক্ৰেনিঅ’ফেচিয়েল চিকিৎসা, চকুৰ শিবিৰ আৰু কেন্সাৰ ৰোগীক সমৰ্থন কৰে। ব্ৰেণ্ড বিক্ৰীৰ জৰিয়তে ধন আহৰণ কৰা হয়। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল, ফাউণ্ডেশ্যনটোৱে এক অনন্য ৰাজহ মডেলৰ ওপৰত কাম কৰে। অনুদান গ্ৰহণ কৰাৰ পৰিৱৰ্তে বিং হিউমেনৰ কাপোৰ অনলাইন আৰু ষ্ট’ৰত বিক্ৰী কৰি ধন সংগ্ৰহ কৰা হয়। আৰম্ভণিৰে পৰাই ছলমান খানে নিজেই ফাউণ্ডেশ্যনৰ প্ৰচাৰৰ দায়িত্ব লৈ আহিছে।
টিভি শ্ব' হ'ষ্টিং
ছলমান খানে ২০১০ চনৰ পৰা ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ৰিয়েলিটি শ্ব' বিগ বছ আয়োজন কৰি আহিছে। বিগ বছ ১৯ও অতি জনপ্ৰিয় হৈ পৰিছিল, যত আতিথ্য প্ৰদান কৰিছিল ছলমান খানে। সূত্ৰ অনুসৰি অভিনেতাগৰাকীয়ে প্ৰতি সপ্তাহত ৪৫-৫০ কোটি টকা মাচুল আদায় লয়। অৱশ্যে, প্ৰযোজকসকলে আনুষ্ঠানিকভাৱে ছলমান খানৰ মাচুলৰ কথা প্ৰকাশ কৰা নাই, কিয়নো এই চুক্তি পোনপটীয়াকৈ জিঅ’হটষ্টাৰৰ সৈতে কৰা হৈছিল।
বিগ বছৰ আগতে তেওঁ ৰিয়েলিটি গেম শ্ব' "১০ কা ডাম"ও আয়োজন কৰিছিল।
'বিগ বছ'ৰ অনুষ্ঠানত ছলমান খান
চিত্ৰকলা এটা চখ
গান গোৱাৰ উপৰিও ছলমান খান চিত্ৰকলাৰ প্ৰতিও অতি আকৰ্ষণ আছিল। তেওঁ এজন প্ৰখ্যাত চিত্ৰশিল্পী। তেওঁৰ শিল্পকৰ্ম যথেষ্ট সৃষ্টিশীল। তেওঁৰ বিশেষ চিত্ৰসমূহ তেওঁৰ ঘনিষ্ঠসকলক উপহাৰ দিয়ে। তেওঁ নিজৰ ছবিবোৰো বিক্ৰী কৰে আৰু এই ছবিবোৰৰ পৰা যিকোনো লাভ বিং হিউমেন চেৰিটিলৈ যায়।
এটা অস্বাভাৱিক চখ: চাবোন সংগ্ৰহ কৰা
বলীউডৰ ছুপাৰষ্টাৰৰ কথা আহিলে তেওঁলোকৰ চখ আৰু সংগ্ৰহ অস্বাভাৱিক হ’ব বুলি আপুনি আশা কৰিব পাৰে। বহু তাৰকাৰ গাড়ী, বাইক, আৰ্ট পিচ, আৰু বিৰল বস্তুৰ বিস্তৃত সংগ্ৰহ আছে, যদিও ছলমান খানৰ কথা বেলেগ। এই তাৰকা গৰাকীয়ে চাবোন সংগ্ৰহ কৰি ভাল পায়।
ছলমান খানৰ সুগন্ধিৰ প্ৰতি আকৰ্ষণ থকা বুলি জনা যায় আৰু তেওঁ চাবোন সংগ্ৰহ কৰি ভাল পায়। দেখাত এই উদ্যোগটোৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী অভিনেতা গৰাকীৰ হাতত আছে সকলো ধৰণৰ বনৌষধি চাবোনৰ সংকলন। এই সুগন্ধি চাবোনবোৰ সংগ্ৰহ কৰাৰ প্ৰতি তেওঁৰ আবেগ ইমানেই প্ৰবল যে, কোৱা হয় তেওঁ য’তেই যায় তাতেই সদায় চাবোন কিছুমান ক্ৰয় কৰি লয়।
নিজেই প্ৰস্তুত কৰা ছবি এখনৰ সৈতে ছলমান খান
ডাবাং খান একাধিক ব্ৰেণ্ডৰ সৈতে জড়িত
এইবোৰৰ উপৰিও ছলমান খান চুজুকি, ডাবৰ, পেপচি এণ্ড এপি ফিজ, ৰিভাইটেল এইচ, চিংগাৰী: শ্বৰ্ট ভিডিঅ’ এপ, ডিক্সচি স্কট, ৰ’ট’মেক পেনছ, হিৰো হোণ্ডা, ব্ৰিটেইনিয়া টাইগাৰ বিস্কুট, ৰিয়েলম, আৰু আন বহুতো জনপ্ৰিয় ব্ৰেণ্ডৰ সৈতে জড়িত, যাৰ ফলত তেওঁৰ সম্পত্তিত লাখ লাখ টকা যোগ হৈ আহিছে। টি অ’ আইৰ প্ৰতিবেদন অনুসৰি অভিনেতাজনে প্ৰতিটো বিজ্ঞাপনৰ বাবে প্ৰায় ৬ কোটিৰ পৰা ৭ কোটি টকা লয়।
ছলমান খানে নিজৰ উপাৰ্জনৰ এটা বৃহৎ অংশ প্ৰায় ৯০ শতাংশ সমাজ সেৱাৰ বাবে উৎসৰ্গা কৰে বুলি কোৱা হয়। আনহাতে তেওঁ নিজেই সাধাৰণ জীৱন যাপন কৰাটো পছন্দ কৰে। বিতৰ্ক আৰু সমালোচনা যিকোনো ডাঙৰ নামৰ সৈতে জড়িত, কিন্তু ছলমান খানৰ চলি থকা মানৱীয় প্ৰচেষ্টাই প্ৰমাণ কৰে যে, তেওঁৰ মাজত মমতা আৰু দায়িত্ব গভীৰভাৱে শিপাই আছে।
৬০ বছৰীয়া জন্মদিনত ছলমান খান কেৱল ছুপাৰষ্টাৰ হিচাপেই নহয়, সহায় কৰিবলৈ সদায় প্ৰস্তুত হৈ থকা এগৰাকী ব্যক্তি হিচাপেও আত্মপ্ৰকাশ কৰে আৰু সেয়াই হয়তো তেওঁৰ আটাইতকৈ ডাঙৰ পৰিচয়।