গুৱাহাটী
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অসমৰ প্ৰথমগৰাকী মহিলা তথা কনিষ্ঠ মহিলা শ্বহীদ কনকলতা বৰুৱাৰ আজি জন্মবাৰ্ষিকী৷ স্বাধীনতা সংগ্ৰামৰ এইগৰাকী মহান শ্বহীদক আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিছে।
‘৪২ৰ অমৰ শ্বহীদ কনকলতা বৰুৱাৰ মহান ত্যাগে বহু প্ৰজন্ম ধৰি যুৱপ্ৰজন্মক দেশসেৱাত আত্মনিয়োগ কৰিবলৈ প্ৰেৰণা যোগাই আহিছে। নিচেই কম বয়সতে স্বদেশ প্রেম আৰু দেশৰ স্বাধীনতাৰ হকে আত্ম বলিদান দিয়া মহান শ্বহীদগৰাকীৰ স্মৃতিক যুগমীয়া কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ উদ্যোগ গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ এই বিশ্ববিদ্যালয়ৰ ভূমি পূজন সম্পন্ন কৰে।
১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। ইয়াৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত 'মৃত্যু বাহিনী' গঠন কৰা হৈছিল। অসমত গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যুপণ বাহিনীৰ সন্মুখত থকা মূল সেনানীগৰাকী আছিল কনকলতা বৰুৱা।
থানাৰ দ্বাৰৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সেনানীৰ লগতে কনকলতাৰো পুলিচৰ লগত টনা-আজোৰা লাগে। এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলি এৰে। পুলিচ বাহিনীৰ গুলীত আহত কনকলতা মাটিত বাগৰি পৰি থানাৰ সন্মুখতে মৃত্যুবৰণ কৰে।
কনকলতা বাগৰি পৰাৰ পিছতে মুকুন্দ কাকতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন তুলি ল'বলৈ চেষ্টা কৰোঁতে পুলিচৰ গুলীত তেওঁ একে স্থানতে শ্বহীদ হয়। কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হোৱা স্থানত তথা বৰ্তমানৰ গহপুৰ নগৰৰ মাজমজিয়াস্থিত গহপুৰ আৰক্ষী থানাৰ সন্মুখৰ বৰপুখুৰীৰ পাৰত তেওঁলোকৰ স্মৃতিত ব্ৰঞ্জেৰে নিৰ্মিত পূৰ্ণাবয়ব প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হয়৷ এই স্থানত শ্বহীদগৰাকীৰ জন্মদিনটো ব্যাপক কাৰ্যসূচীৰে উদযাপন কৰা হয়।