প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ দেহাৱসান, মহাৰাষ্ট্ৰৰ লাটুৰত শেষ নিশ্বাস ত্যাগ
নতুন দিল্লী
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ দেহাৱসান। প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে শুকুৰবাৰে পুৱা মহাৰাষ্ট্ৰৰ লাটুৰৰ বাসগৃহ ‘দেৱঘৰ’ত শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালৰ সূত্ৰ অনুসৰি, শেহতীয়াকৈ অসুস্থতাৰ বাবে তেওঁৰ শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতি ঘটিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ।
মৃত্যুৰ সময়ত তেওঁ পুত্ৰ শৈলেশ পাটিল, বোৱাৰী তথা বিজেপি নেত্ৰী অৰ্চনা পাটিলৰ লগতে দুই নাতিনীক এৰি থৈ যায়।
২০০৪ চনৰ পৰা ২০০৮ চনলৈ দেশৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা পাটিল ইয়াৰ পূৰ্বে ১৯৯১-৯৬ চনলৈ লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। পিছলৈ তেওঁ পঞ্জাৱৰ ৰাজ্যপাল আৰু চণ্ডীগড়ৰ প্ৰশাসক হিচাপে দায়িত্ব পালন কৰে।
লাটুৰ পৌৰসভাৰ মুৰব্বী হিচাপে তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। সত্তৰৰ দশকত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত লাটুৰ লোকসভাৰ পৰা তেওঁ সাতবাৰ জয়ী হয় যদিও ২০০৪ চনত বিজেপিৰ এজন প্ৰাৰ্থীৰ হাতত পৰাস্ত হয়।
সংবিধানৰ গভীৰ জ্ঞান, বক্তা হিচাপে সুনাম আৰু মাৰাঠী, ইংৰাজী, হিন্দী তিনিওটা ভাষাতে তেওঁৰ সমান দক্ষতা আছিল। বিশাল শিক্ষা, তথ্যসমৃদ্ধ আলোচনা আৰু শান্ত ৰাজনৈতিক ব্যক্তিত্ব আছিল তেওঁৰ বিশেষত্ব, যিটো আজিৰ প্ৰজন্মৰ বাবে এক আদৰ্শ হৈ থাকিব। তেওঁৰ মৃত্যুত দেশৰ ৰাজনীতিয়ে এজন অভিজ্ঞ, নম্ৰ আৰু আদৰ্শৱান নেতাক হেৰুৱায়। তেওঁৰ মৃত্যুত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্নজনে শোক প্ৰকাশ কৰিছে।