গুৱাহাটী
বিশিষ্ট সাংবাদিক পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ আৰু নাই। দেওবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত 'দ্য আছাম ট্ৰিবিউন'ৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে।
ৰাধা গোবিন্দ বৰুৱাৰ সুযোগ্য সন্তান আছিল প্ৰফুল্ল গোবিন্দ বৰুৱা। বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সংবাদ ক্ষেত্ৰত গভীৰ শোকৰ ছাঁ পৰিছে।
উল্লেখযোগ্য যে, ১৯৩২ চনৰ ২৬ জুলাইত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা বৰুৱাই দীৰ্ঘ আৰু বৰ্ণিল জীৱনকালত অসমীয়া সংবাদ মাধ্যমৰ ভেঁটি সবল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সাংবাদিকতা ক্ষেত্ৰ খনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০১৮ চনত ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল।
অসমত শিক্ষা, সাহিত্য আৰু সাংবাদিকতাৰ বিকাশৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হৈছিল। তেওঁ দ্য আছাম ট্ৰিবিউন কাকতৰ প্ৰতিষ্ঠাপক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ। ফেব্ৰুৱাৰী মাহৰ ৩ তাৰিখে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন উৎসৱত প্ৰফুল্ল গোবিন্দ বৰুৱাক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল।
প্ৰফুল্ল গোবিন্দ বৰুৱাই দশম মানলৈ ডিব্ৰুগড়ত পঢ়ি তাৰ পৰৱৰ্তী সময়ত কটন কলেজত ৰয়াসন বিজ্ঞানৰ ছাত্ৰ হিচাপে দক্ষতাৰ পৰিচয় দিছিল। অৱশ্যে ৰসায়ন বিজ্ঞান এৰি কলিকতা বিশ্ববিদ্যালয়ত অর্থনীতি আৰু আইন বিষয়ত অধ্যয়ন কৰে।
ন'বেল বঁটা বিজয়ী অমর্ত্য সেনৰ ঘনিষ্ঠ বন্ধু আৰু একেটা শ্ৰেণীৰ প্ৰথম বেঞ্চত একেলগে বহা বৰুৱাই পৰৱৰ্তী সময়ত অৰ্থনীতিত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী আৰু এল এল বিত কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি সুখ্যাতিৰে মেডেল অর্জন কৰিছিল। কলিকতাত বি এ পৰীক্ষা দি উঠিয়েই ‘দ্য ষ্টেটছমেন' কাকতৰ সম্পাদকীয় পৃষ্ঠাত কাম কৰি থাকোতে বৰুৱাই 'দ্য আছাম ট্ৰিবিউন'ৰ বাবে বা-বাতৰি প্ৰেৰণ কৰাৰ লগতে নিয়মীয়াকৈ সম্পাদকীয় লিখিছিল।
লণ্ডন স্কুল অব ইক'নমিক্সৰ পৰা অধ্যয়নৰ বাবে আমন্ত্ৰণ পায়ো পিতৃৰ অনুৰোধ আৰু ইচ্ছা অনুসৰি ‘আছাম ট্ৰিবিউন'ৰ নেতৃত্ব দিয়াৰ বাবে কলিকতাত অধ্যয়ন, কাম-কাজ সমাপ্ত কৰি গুৱাহাটীলৈ উভতি আহিছিল। উভতি আহি ‘আছাম ট্ৰিবিউন'ৰ সম্পাদনাত নিজকে সম্পূর্ণকৈ নিয়োগ কৰিছিল।
বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুত ৰাজ্যৰ সংবাদ জগতত শোকৰ ছাঁ পৰিছে। ইফালে বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।