জুবিন গাৰ্গক মৰণোত্তৰভাৱে ডি. লীট সন্মান প্ৰদান কটন বিশ্ববিদ্যালয়ৰ

Story by  atv | Posted by  [email protected] • 2 Months ago
জুবিন গাৰ্গক মৰণোত্তৰভাৱে ডি. লীট সন্মান প্ৰদান কটন বিশ্ববিদ্যালয়ৰ
জুবিন গাৰ্গক মৰণোত্তৰভাৱে ডি. লীট সন্মান প্ৰদান কটন বিশ্ববিদ্যালয়ৰ
 
গুৱাহাটী
 
অসমৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ডি. লিট সন্মান প্ৰদান কৰে৷ আজি কটন বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত জনতাৰ শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্রদান কৰা হয়। 
 
আজি কলাক্ষেত্ৰত অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ চতুৰ্থ দীক্ষান্ত সমাৰোহত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্রদান কৰে৷ জুবিন গাৰ্গৰ ভগ্নী ড০ পামী বৰঠাকুৰে গ্ৰহণ কৰে এই সন্মান। 
 
উল্লেখ্য যে যে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জুবিন গাৰ্গক তেওঁৰ কলা, সংস্কৃতি আৰু সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ডি. লীট সন্মান প্ৰদান কৰে। অসমৰ সংগীত, সংস্কৃতি আৰু সমাজলৈ জুবিন গাৰ্গে আগবঢ়োৱা অতুলনীয় অৱদানক স্বীকৃতি জনাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই বিশেষ সন্মান প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল।