গুৱাহাটী
গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা মহীয়সী শিল্পী, হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি পুণ্যতিথি। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২০০২ চনৰ ২৭ ডিচেম্বৰত মহাপ্ৰয়াণ ঘটে। আজি তেওঁৰ মৃত্যু দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।
এই বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি সদৌ অসম ছাত্ৰ সন্থাই (আছু) প্ৰতিবছৰে প্ৰদান কৰি অহা সন্মানীয় 'প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা' আজি প্ৰদান কৰা হ’ব। এই বৰ্ষত এই বিশেষ সন্মানৰ বাবে নিৰ্বাচিত কৰা হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ বৰমেচাই শিমলুগুৰি নিবাসী বিশিষ্ট লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণক। উল্লেখ্য যে, প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি চিৰস্থায়ী কৰাৰ লগতে ৰাজ্যখনৰ লোকসংস্কৃতিৰ নিৰলস সাধকসকলক উৎসাহিত কৰাৰ মানসেৰে আছুৱে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি আহিছে।
অসমৰ লোককৃষ্টিৰ সংৰক্ষণ, চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে মৰাণক এই বঁটাৰে বিভূষিত কৰা হৈছে। আজি গুৱাহাটীৰ চানমাৰিস্থিত শ্বহীদ উদ্যানত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এক কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে লোকশিল্পীগৰাকীক আনুষ্ঠানিকভাৱে এই স্মাৰক বঁটা প্ৰদান কৰা হ’ব। আজিৰ এই অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা সাংস্কৃতিক কৰ্মী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।