মুম্বাই
জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ৷ কিছুদিন পূৰ্বে স্বাস্থ্যৰ অৱনতি ঘটাত মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেতাগৰাকী।
শেহতীয়া তথ্য অনুসৰি, সম্প্ৰতি ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক আৰু তেওঁক ভেণ্টিলেটৰৰ সহায়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে৷ বিগত ৩১ অক্টোবৰত প্ৰবীণ অভিনেতাগৰাকীক মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালৰ জ্যেষ্ঠ চিকিৎসকসকলে কঠোৰ নিৰিক্ষণৰ মাজেৰে চিকিৎসা আগবঢ়াই আছে।
বৰ্ষীয়ান অভিনেতাগৰাকীৰ অসুস্থতাৰ সঠিক কাৰণ স্পষ্ট নহয় যদিও সূত্ৰৰ মতে, প্ৰবীণ তাৰকাগৰাকী নিয়মীয়া পৰীক্ষাৰ বাবে চিকিৎসালয়খনলৈ গৈছিল৷ তেতিয়াৰ পৰাই অতিৰিক্ত কিছু পৰীক্ষা-নিৰীক্ষাৰ বাবে তেওঁ হাস্পতালত ভৰ্তি হৈছিল৷ ছুপাৰষ্টাৰগৰাকীয়ে ৮ ডিচেম্বৰত ৯০ বছৰত ভৰি দিব৷
পেছাদাৰী ক্ষেত্ৰত ধৰ্মেন্দ্ৰক শেষবাৰৰ বাবে ২০২৪ চনত "তেৰী বাতো মে এইছা উলঝা জিয়া" ছবিত দেখা গৈছিল। চিনেমাখনত অভিনয় কৰিছিল শ্বাহিদ কাপুৰ আৰু কৃতি সেননে। ইয়াৰ পিছত অভিনেতাগৰাকীক শ্ৰীৰাম ৰাঘৱনৰ পৰিচালনাৰে নিৰ্মিত ‘ইক্কিছ’ চিনেমাত অভিনয় কৰা দেখিবলৈ পোৱা যাব। চিনেমাখনত অভিনয় কৰিছে অগস্ত্য নন্দা আৰু ছিমাৰ ভাটিয়াই।
পৰমবীৰ চক্ৰ লাভ কৰা কনিষ্ঠতম ব্যক্তি অৰুণ খেতাৰপালৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন। জয়দীপ আহলাৱত আৰু ছিকন্দৰ খেৰে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা ছবিখন ডিচেম্বৰ মাহত মুক্তি পোৱাৰ সম্ভাৱনা আছে।
ভাৰতীয় চিনেমাৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ, সুদৰ্শন আৰু ব্যৱসায়িকভাৱে সফল চলচ্চিত্ৰ তাৰকা হিচাপে পৰিগণিত ধৰ্মেন্দ্ৰ ছয় দশকৰো অধিক সময়জুৰি ছবিজগতত সক্ৰিয় হৈ আছিল৷ তেওঁ ৩০০ ৰো অধিক ছবিত কাম কৰিছে।
হিন্দী চিনেমাত সৰ্বাধিক হিট ছবিত অভিনয় কৰাৰ অভিলেখ আছে ধৰ্মেন্দ্ৰৰ। ২০১২ চনত পদ্মভূষণেৰে সন্মানিত হৈছিল অভিনেতাগৰাকী। ১৯৬০ চনত "দিল ভি তেৰা হম ভী তেৰে" ছবিখনেৰে ছ্বি জগতত ধৰ্মেন্দ্ৰৰ অভিষেক ঘটে। ১৯৬০ চনৰ মাজভাগত তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল 'আয়ে মিলন কি বেলা', 'ফুল ঔৰ পত্থৰ', 'আয়ে দীন বাহৰ কে' আদি ছবিৰ বাবে।
তেওঁ ষাঠিৰ দশকৰ শেষৰ ফালৰ পৰা আশীৰ দশকলৈকে আখে, চিকাৰ, আয়া চাৱন ঝুম কে, জীৱন মৃত্যু, মেৰা গাঁও মেৰা দেশ, সীতা ঔৰ গীতা, ৰাজা জনী, জুগনু, য়াদো কি বাৰাত, দোষ্ট, শ্বোলে, প্ৰতিজ্ঞা, চৰাচ, ধৰমবীৰ, চাচা ভটিজা, গুলামী, হুকুমত, আগ হি আগ, ইলান-ই-জং, তেহেলকা, অনপঢ়, বন্দিনী, হকীকত, অনুপমা, মমতা, মাঝলি দিদি, সত্যকাম, নয়া জামানা, সমাধি, ৰেছম কি ডোৰী, চুপকে চুপকে, দিল্লাগী, দ্য বাৰ্ণিং ট্ৰেইন, গজব, দো দিশায়ে আৰু হাথিয়াৰ আদিকে ধৰি বহু চিনেমাত অভিনয় কৰিছিল।
নব্বৈৰ দশকৰ শেষৰফালে তেওঁ কেইবাখনো সফল আৰু প্ৰশংসিত ছবিত অভিনয় কৰিছিল, যেনে- পিয়াৰ কিয়া তো ডৰনা কিয়া, লাইফ ইন এ... মেট্ৰ’, অপনে, জনী গদ্দাৰ, য়মলা পগলা দীৱানা, ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী আৰু তেৰী বাতো মে এইছা উলঝা জিয়া ৷