ভাৰতত প্ৰথমবাৰৰ বাবে উপস্থিত আইৰিছ পপ-ৰক বেণ্ড ‘দ্য স্ক্ৰিপ্ট’

Story by  atv | Posted by  [email protected] • 3 h ago
ভাৰতত প্ৰথমবাৰৰ বাবে উপস্থিত আইৰিছ পপ-ৰক বেণ্ড ‘দ্য স্ক্ৰিপ্ট’
ভাৰতত প্ৰথমবাৰৰ বাবে উপস্থিত আইৰিছ পপ-ৰক বেণ্ড ‘দ্য স্ক্ৰিপ্ট’
 
নতুন দিল্লী
 
ভাৰতত প্ৰথমবাৰৰ বাবে উপস্থিত হৈছে আইৰিছ পপ-ৰক বেণ্ড ‘দ্য স্ক্ৰিপ্ট’। শ্বিলঙত অনুষ্ঠিত হ'বলগীয়া শ্বিলং চেৰী ব্লজ'ম ফেষ্টিভেলৰ বাবে আইৰিছ পপ-ৰক বেণ্ডটো মঙলবাৰে শ্বিলঙত উপস্থিত হয়।
 
মঙলবাৰে আবেলি শ্বিলং বিমানবন্দৰত তেওঁলোকে অৱতৰণ কৰাৰ পাছতেই উষ্ম আদৰণি জনোৱা হয়। বেণ্ডটোৱে বৰ্তমান শ্বিলঙৰ পঞ্চতাৰকা হোটেল মেৰিয়টত বাহৰ পাতিছে।
 
বিশ্বজুৰি গীত পৰিৱেশন আৰু অনুষ্ঠানেৰে অনুৰাগীৰ হৃদয় জয় কৰি অহা বেণ্ডটো শ্বিলং চেৰী ব্লজ'ম ফেষ্টিভেলৰ পূৰ্বেই শ্বিলঙত উপস্থিত হোৱাত অনুৰাগী মাজত উৎসাহ বৃদ্ধি পাইছে। চেৰী ব্লজ'ম ফেষ্টিভেলত তেওঁলোকে ভাৰতত প্ৰথমবাৰৰ বাবে লাইভ অনুষ্ঠান পৰিৱেশন কৰিব।
 
Danny O'donoghue ৰ নেতৃত্বত বেণ্ডটোৱে ১৪ নৱেম্বৰত শ্বিলঙত শ্বিলং চেৰী ব্লজ'ম ফেষ্টিভেলৰ প্ৰথম দিনা অনুষ্ঠান পৰিৱেশন কৰি অনুৰাগীক মুগ্ধ কৰিবলৈ সাজু হৈছে। চেৰী ফুলেৰে শ্বিলঙৰ শোভিত পৰিৱেশৰ মাজত অনুষ্ঠিত এই উৎসৱত দেশৰ লগতে বিদেশৰ হাজাৰ হাজাৰ অনুৰাগীৰ আগমন হ'ব বুলি আশা কৰা হৈছে।
 
উল্লেখ্য যে, মেঘালয় চৰকাৰে আগন্তুক ১৪- ১৫ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে ‘শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেল’। এই ফেষ্টিভেলত ভাৰতত প্ৰথমবাৰৰ বাবে বিশ্ববিখ্যাত আইৰিছ ৰক বেণ্ড দ্য স্ক্ৰিপ্টে অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰিও জেছন ডেৰুলো, ডি জে ডিপ্লো প'প আৰু বলীউড অভিনেত্ৰী নোৰা ফাতেহীয়ে অংশগ্ৰহণ কৰিব। এই কথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সদৰী কৰিছে।
 
তেওঁ কয়, "এইবাৰ ১৪-১৫ নৱেম্বৰত দুদিনীয়া বৃস্তিত কাৰ্যসূচীৰে চেৰী ব্ল’ছম ফেষ্টিভেলৰ আয়োজন কৰা হৈছে। এই ফেষ্টিভেলত দুদিনীয়া কাৰ্যসূচীত বিশ্ববিখ্যাত আইৰিছ ৰক বেণ্ড দ্য স্ক্ৰিপ্ট, জেছন ডেৰুলো, বলীউড অভিনেত্ৰী নোৰা ফাতেহী, জনপ্ৰিয় বেণ্ড একুৱা, ৰেপ পপ টাইগাই, বিশ্ব বিখ্যাত ডি জে ডিপ্লোৱে অনুষ্ঠান পৰিৱেশন কৰিব।” এই উৎসৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ঘনিষ্ঠ শিল্পীৰ দ্বাৰা পৰিৱেশিত অনুষ্ঠানেৰে জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব।