বিশ্বমানৰ ঐতিহ্য সংগ্ৰহালয় স্থাপনৰ বাবে অসম চৰকাৰ আৰু JSWৰ চুক্তিত স্বাক্ষৰ

Story by  atv | Posted by  Munni Begum • 3 h ago
ব্ৰিটিছ মিউজিয়ামৰ প্ৰাক্তন সংৰক্ষক ৰিচাৰ্ড ব্লাৰ্টন আৰু JSW ফাউণ্ডেচনৰ অধ্যক্ষ সংগীতা জিন্দাল
ব্ৰিটিছ মিউজিয়ামৰ প্ৰাক্তন সংৰক্ষক ৰিচাৰ্ড ব্লাৰ্টন আৰু JSW ফাউণ্ডেচনৰ অধ্যক্ষ সংগীতা জিন্দাল

গুৱাহাটী

অসম চৰকাৰ আৰু JSW গ্ৰুপে গুৱাহাটী মহানগৰত এক বিশ্বমানৰ ঐতিহ্য সংগ্ৰহালয় স্থাপনৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰে। এই সংগ্ৰহালয়টোত ১৭ শতিকাৰ ভক্তিমূলক বস্ত্ৰ 'বন্দাবনী বস্ত্ৰ' প্ৰদৰ্শন কৰা হ'ব। শিল্প, সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে উৎসৰ্গিত এই সংগ্ৰহালয়টো খানাপাৰাত ৪৫,০০০ বৰ্গফুট এলেকাত স্থাপন কৰা হ'ব বুলি মঙলবাৰে এক চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে।
 
অসম চৰকাৰে ইতিমধ্যে সংগ্ৰহালয়টোৰ বাবে ভূমি আবণ্টন দিছে। এই সংগ্ৰহালয়টো নিৰ্মাণৰ বাবে JSW গ্ৰুপে সম্পূৰ্ণৰূপে পুঁজি যোগান ধৰিব। সংগ্ৰহালয়টোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পকলা, ভ্ৰাম্যমাণ প্ৰদৰ্শনী আৰু সাংস্কৃতিক প্ৰদৰ্শনীৰ কেন্দ্ৰ হিচাপে কাম কৰিব।
 
উদ্বোধনী প্ৰদৰ্শনীত শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক নিৰ্দেশনাত বোৱা; বৰ্তমান লণ্ডনৰ ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা পৱিত্ৰ 'বৃন্দাবনী বস্ত্ৰ’ প্ৰদৰ্শন কৰা হ'ব। 
 
এই সংগ্ৰহালয়টো ৰাজ্যখনৰ বাবে এক গৌৰৱৰ বিষয় হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। তেওঁ কয় যে সংগ্ৰহালয়টোৱে কেৱল পৱিত্ৰ বৃন্দাবনী বস্ত্ৰক ঘৰলৈ ঘূৰাই অনাই নহয়, বৈশ্বিক প্ৰদৰ্শনীৰ সমান্তৰালভাৱে অসমৰ কলা আৰু ঐতিহ্য প্ৰদৰ্শনৰ বাবেও অত্যাধুনিক সুবিধা প্ৰদান কৰিব।
 
JSW ফাউণ্ডেচনৰ অধ্যক্ষ সংগীতা জিন্দালে কয় যে অসম চৰকাৰৰ সহযোগিতাৰ বাবে JSW-এ ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰিব পৰা আৰু বিশ্বব্যাপী সাংস্কৃতিক সম্পৰ্কৰ বাবে এক মঞ্চ প্ৰদান কৰিব পৰা সংগ্ৰহালয় নিৰ্মাণত আগভাগ ল’বলৈ সক্ষম হৈছে।
'এই সংগ্ৰহালয়টো আমাৰ অভিন্ন ঐতিহ্য আৰু কলা-কুশলীৰ প্ৰতি আমাৰ সমৰ্পণৰ এক নিদৰ্শন হ'ব, কিয়নো আমি বিশ্বাস কৰো যে কলা আৰু সংস্কৃতিয়ে সমাজক অনুপ্ৰাণিত কৰিব পাৰে।’- তেওঁ কয়।
 
বিশ্বমানৰ পৰম্পৰাগত সংগ্ৰহালয়টোত অত্যাধুনিক জলবায়ু নিয়ন্ত্ৰণ ব্যৱস্থা আৰু নিৰাপত্তা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হ'ব বুলি চৰকাৰী বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।