ড° জাফৰ দাৰিক কাছমী
ডঃ জাকিৰ হুছেইনে যেতিয়া ভাৰতৰ প্ৰথমগৰাকী মুছলমান ৰাষ্ট্ৰপতি হৈছিল, তেতিয়া একাংশ লোকে তেওঁক সমালোচনা কৰিছিল। কিন্তু তেওঁ কেতিয়াও এই সমালোচনাৰ প্ৰতিক্ৰিয়া ক্ষোভেৰে প্ৰকাশ কৰা নাছিল। তেওঁ সদায় শান্ত আৰু সন্মানীয় হৈ থাকিবলৈ প্ৰয়াস কৰিছিল। এবাৰ এখন বাতৰি কাকতে তেওঁৰ বিৰূপ সমালোচনা কৰিছিল। তেতিয়া তেওঁৰ সহকৰ্মীসকলে তেওঁক পৰামৰ্শ দিছিল যে, তেওঁ প্ৰকাশন গোষ্ঠীটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিব লাগে। কিন্তু ডাঃ জাকিৰ হুছেইনে হাঁহি হাঁহি কৈছিল যে, "সময়ে নিজে নিজে সত্য প্ৰকাশ কৰে; সেয়ে আমাৰ হুলস্থুল কৰাৰ কোনো প্ৰয়োজন নাই।"
প্রতি বছৰে ১৬ নৱেম্বৰত পালন কৰা 'আন্তঃৰাষ্ট্ৰীয় সহনশীলতা দিৱস'ত এনে ব্যক্তিত্বক স্মৰণ কৰাটো স্বাভাৱিক। এই দিৱসটোৱে মানৱ অধিকাৰক প্ৰসাৰ কৰাৰ লগতে বিভিন্ন ধৰ্ম, সংস্কৃতি আৰু পটভূমিৰ লোকসকলৰ মাজত শান্তিপূৰ্ণ সহাৱস্থানক উৎসাহিত কৰি আহিছে। আজি বহু দেশে ক্ৰমবৰ্ধমান ঘৃণা, কুসংস্কাৰ আৰু উগ্ৰবাদৰ সন্মুখীন হ’বলগীয়া হৈছে। এই সমস্যাসমূহে সহনশীলতাৰ বাৰ্তাক আৰু অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। এই দিৱসৰ লক্ষ্য হৈছে মতানৈক্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা আৰু সংঘৰ্ষৰ পৰিৱৰ্তে আলোচনাক বাছনি কৰা।
প্ৰয়াত পোপ ফ্ৰান্সিছ আৰু ইজিপ্তৰ আল-আজহাৰ মছজিদৰ গ্ৰেণ্ড ইমাম শ্বেইক আহমদ এল-তায়েবে আলিংগন কৰাৰ এক দৃশ্য
সহনশীলতা মানেই কেৱল আনক গ্ৰহণ কৰাই নহয়; ই এনে এক নৈতিক মূল্যবোধ, যিয়ে মানুহৰ মাজত সংযোগ স্থাপন কৰে, অন্তৰক কোমল কৰে আৰু শত্ৰুতাৰ ঠাইত বুজাবুজিৰ সৃষ্টি কৰে। ই আমাক মতানৈক্যৰ উৰ্দ্ধত গৈ চাবলৈ আৰু প্ৰতিজন মানুহৰ মৰ্য্যদাক স্বীকাৰ কৰাত সহায় কৰে।
ইছলামে সহনশীলতাৰ গুণগত মানৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে। ১৪ শতিকাৰো অধিককাল পূৰ্বে সহনশীলতাৰ নীতি প্ৰৱৰ্তন কৰা হৈছিল। এই নীতিসমূহে এতিয়াও লাখ লাখ লোকক নৈতিক আৰু সন্মানজনক আচৰণৰ দিশত পথ প্ৰদৰ্শন কৰি আহিছে। ইছলামত সহনশীলতাৰ অৰ্থ হ'ল পৃথিৱীত বিদ্যমান বিভিন্ন ধৰ্ম, ধাৰণা, ভাষা আৰু ৰীতি-নীতিক স্বীকাৰ কৰা আৰু সন্মান কৰা। ই বহল মনোভাৱ আৰু আৱেগিক পৰিপক্কতাক প্ৰতিফলিত কৰে।
যিকোনো সমাজতে মতৰ পাৰ্থক্য থকাটো স্বাভাৱিক। সমস্যাবোৰ তেতিয়াহে উদ্ভৱ হয় যেতিয়া মতভেদবোৰ ঘৃণাত পৰিণত হয়। যিখন পৃথিৱীত ধৰ্মীয় উগ্ৰবাদ আৰু কুসংস্কাৰে সম্প্ৰদায়সমূহক বিভাজিত কৰি ৰাখিছে, সেইখন পৃথিৱীত সহনশীলতাৰ ওপৰত ইছলামৰ শিক্ষাই সমন্বয়ৰ বাবে এক শক্তিশালী আৰ্হি প্ৰদান কৰে।
ইছলামৰ বাৰ্তাত মানৱ মৰ্যাদাৰ প্ৰতি সন্মান দৃঢ়ভাৱে শিপাই আছে। কোৰাণ আৰু হজৰত মহম্মদৰ জীৱন দুয়োটাই আনৰ সৈতে কেনেকৈ ন্যায় আৰু দয়াৰে ব্যৱহাৰ কৰিব লাগে তাৰ স্পষ্ট আৰু ব্যৱহাৰিক নিৰ্দেশনা আগবঢ়ায়। কোৰাণে ধৰ্মৰ স্বাধীনতাৰ কঠোৰ পৰামৰ্শ দিয়ে। আল্লাহে কৈছে: “ধৰ্মত কোনো বাধ্যবাধকতা নাই।” (ছূৰা আল-বাকাৰাহ: ২৫৬)। এই আয়াতটোৱে দৃঢ়তাৰে কয় যে, ধৰ্ম ব্যক্তিগত পছন্দ হ’ব লাগিব।
আল্লাহে লগতে কৈছে, “যি ইচ্ছা কৰে, তেওঁ বিশ্বাস কৰক, আৰু যিয়ে ইচ্ছা কৰে, তেওঁ বিশ্বাস নকৰিলে হ'ল।” (ছূৰা আল-কাহফ:২৯) ইয়াৰদ্বাৰা মানুহৰ স্বাধীন ইচ্ছাৰ প্ৰতি সম্পূৰ্ণ সন্মান প্ৰকাশ কৰা হয় আৰু ধৰ্মীয় স্বাধীনতাৰ প্ৰতি ইছলামে সমৰ্থন কৰা বুলি প্ৰকাশ কৰা হয়।
কোৰাণে মুছলমানসকলক আন ধৰ্মৰ দেৱতা বা পবিত্ৰ প্ৰতীকক অপমান নকৰিবলৈ আদেশ দিছে: “আল্লাহৰ বাহিৰে তেওঁলোকে যিসকলক পূজা কৰে তেওঁলোকক অপমান নকৰিব।” (ছূৰা আল-আন'আম: ১০৮)। এই নিৰ্দেশনাৰ উদ্দেশ্য হৈছে সকলো সম্প্ৰদায়ৰ অনুভৱক সুৰক্ষিত কৰা আৰু অপ্ৰয়োজনীয় সংঘাত ৰোধ কৰা।
ইছলামৰ আন এটা মূল নীতি হ'ল প্ৰতিজন মানুহৰ মৰ্যাদা: "আৰু আমি আদমৰ সন্তানসকলক সন্মান জনাইছো।" (ছূৰা আল-ইছৰা:৭০)। এই সন্মান বিশ্বাস, জাতি বা পটভূমি নিৰ্বিশেষে সকলো মানুহৰ বাবে প্ৰযোজ্য। হজৰত মহম্মদে বিভিন্ন ধৰ্মৰ লোকৰ লগত তেওঁৰ আচৰণ, সিদ্ধান্ত আৰু আদান-প্ৰদানৰ জৰিয়তে সহনশীলতা প্ৰদৰ্শন কৰিছিল। তেওঁৰ জীৱনে দেখুৱাইছে যে, সহনশীলতা কেৱল এটা ধাৰণা নহয় বৰঞ্চ আনৰ লগত জীয়াই থকাৰ এক ব্যৱহাৰিক পন্থা।
এগৰাকী মহিলাই খাদ্য বিতৰণ কৰাৰ এক দৃশ্য
প্ৰাথমিক ইছলামিক ইতিহাসত সহনশীলতাৰ অন্যতম ডাঙৰ উদাহৰণ হ’ল মদীনাৰ চনদ। যেতিয়া নবী মদীনাত উপস্থিত হৈছিল, তেতিয়া তেওঁ ইহুদী, খ্ৰীষ্টান আৰু অন্যান্য অমুছলমান গোটৰ বাবে সম অধিকাৰ নিশ্চিত কৰা সংবিধান সৃষ্টি কৰিছিল। যেতিয়া নজৰানৰ পৰা খ্ৰীষ্টান প্ৰতিনিধি দল মদীনা ভ্ৰমণ কৰিছিল, তেতিয়া নবীয়ে তেওঁলোকক সন্মানেৰে আদৰণি জনাইছিল। যেতিয়া তেওঁলোকৰ নামাজৰ সময় আহিল, তেতিয়া ধৰ্মীয় স্বাধীনতাৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰি মছজিদ আল-নবৱীৰ ভিতৰত ইবাদত কৰিবলৈ অনুমতি দিলে। (তাৰিখ আল-তাবাৰী, খণ্ড ১, পৃষ্ঠা ২৮৪)
এই উদাহৰণসমূহৰ যোগেদি নবীয়ে শিকাইছিল যে, পাৰ্থক্য নিৰ্বিশেষে সহনশীলতাত ন্যায়পৰায়ণতা, দয়া আৰু আনৰ অধিকাৰৰ প্ৰতি সন্মান অন্তৰ্ভুক্ত কৰা হৈছে। ইছলামিক সহনশীলতাৰ অৰ্থ এইটো নহয় যে, নিজৰ ধৰ্মক পৰিত্যাগ কৰা বা ভুলক গ্ৰহণ কৰা। বৰঞ্চ ইয়াৰ অৰ্থ হৈছে মতানৈক্য থাকিলেও আনৰ লগত ধৈৰ্য্য, ন্যায় আৰু সন্মানেৰে ব্যৱহাৰ কৰা। যিয়ে মধ্যমীয়াতাক প্ৰসাৰিত কৰে আৰু সমাজখনক ঘৃণা আৰু উগ্ৰবাদৰ মাজত পৰিবলৈ বাধা দিয়ে।
“আন্তঃৰাষ্ট্ৰীয় সহনশীলতা দিৱস”ত আমি বুজাবুজি গঢ়ি তোলা, পক্ষপাতিত্ব হ্ৰাস কৰা, আৰু মানৱ সংযোগ শক্তিশালী কৰাৰ বাবে প্ৰকৃত প্ৰচেষ্টাক উৎসাহিত কৰা উচিত।
(লেখক এগৰাকী ইছলামিক পণ্ডিত)