আচলতে, মহিলা সংৰক্ষণৰ ইতিহাস দশকজোৰা সংগ্ৰাম আৰু স্থগিত হৈ থকা সিদ্ধান্তৰে ভৰপূৰ। ইয়াৰ আৰম্ভণি ঘটিছিল ১৯৮৯ চনত ৰাজীৱ গান্ধী চৰকাৰৰ দিনত, যি লোকসভাত গৃহীত হোৱাৰ পিছতো ৰাজ্যসভাত আৱদ্ধ হৈ ৰৈছিল। অৱশেষত, ১৯৯৩ চনত পি ভি নৰসিংহ ৰাও চৰকাৰে ইয়াক গৃহীত কৰাবলৈ সক্ষম হয়, যাৰ ফলস্বৰূপে পঞ্চায়ত আৰু পৌৰ নিগমসমূহত মহিলাৰ অংশগ্ৰহণ সুনিশ্চিত হৈছিল।
সংসদ আৰু বিধানসভাসমূহৰ বাবে এই দাবী ১৯৯৬ চনত এইচ ডি দেৱগৌড়া চৰকাৰৰ সময়ত উত্থাপিত হৈছিল আৰু ২০০৮ চনত ইউপিএ চৰকাৰৰ দ্বাৰা পুনৰ দাখিল কৰা হৈছিল। ২০১০ চনত ৰাজ্যসভাৰ পৰা গৃহীত হোৱাৰ পিছতো ৰাজনৈতিক অন্তৰ্বিৰোধৰ বাবে লোকসভাত ই আইনত পৰিণত হোৱাত ব্যৰ্থ হয়।
মহিলা সংৰক্ষণক প্ৰায়েই "মহিলাৰ অধিকাৰ" হিচাপে চোৱা হয়, কিন্তু ইয়াৰ আঁৰত এক প্ৰাথমিক প্ৰশ্ন লুকাই আছে- এই ৩৩% আসনলৈ প্ৰকৃততে কোন শ্ৰেণীৰ মহিলা নিৰ্বাচিত হৈ আহিব? ঠিক এইখিনিতেই অ'বিচি (অন্যান্য পিছপৰা শ্ৰেণী)ৰ বাবে উপ-সংৰক্ষণৰ দাবীটোৱে গা কৰি উঠে। বিৰোধী দলৰ নেতাসকলে ধাৰাবাহিকভাৱে দাবী কৰি আহিছে যে মহিলা সংৰক্ষণৰ ভিতৰতো অ'বিচি মহিলাৰ বাবে সুকীয়া কোটা থাকিব লাগে।
তেওঁলোকৰ যুক্তি অনুসৰি, যদি এনে কৰা নহয়, তেন্তে এই সংৰক্ষণৰ সুবিধা মূলতঃ উচ্চ বৰ্ণ আৰু সমাজৰ আগতেই সৱলীকৃত শ্ৰেণীৰ মহিলাসকলৰ মাজতেই সীমাবদ্ধ হৈ ৰ'ব। ভাৰতীয় সমাজৰ বাস্তৱতালৈ লক্ষ্য কৰিলে এই উদ্বেগ অমূলক নহয়, কাৰণ মহিলাসকলৰ মাজতো গভীৰ সামাজিক আৰু অৰ্থনৈতিক বৈষম্য বিদ্যমান।
মহিলা সংৰক্ষণৰ চৰ্চাৰ সময়ত প্ৰায়েই এই দাবী উত্থাপন হয় যে মুছলমান মহিলাসকলকো সুকীয়াকৈ সংৰক্ষণ দিয়া উচিত। কিন্তু এই দাবী দেখাত যিমান সৰল, প্ৰকৃততে সিমানেই জটিল আৰু সমস্যাময়। প্ৰথম কথাটো হ'ল, মুছলমানসকল কোনো এটা একেৰূপী সামাজিক গোট নহয়।
প্ৰতিনিধিত্বমুলক ফটো
মুছলমান সমাজৰ ভিতৰতো 'আশ্ৰাফ' আৰু 'পাছমাণ্ডা' (মুছলমান ধৰ্মাৱলম্বী জনজাতি, দলিত আৰু পিছপৰা শ্ৰেণী) আদি জাতিগত বিভাজন আছে। এনে প্ৰেক্ষাপটত "মুছলমান মহিলা"ক এটা একক শ্ৰেণী বুলি ধৰি লোৱাটোৱে সামাজিক বাস্তৱতাক আওকাণ কৰাকে বুজায়।
দ্বিতীয় কথাটো হ'ল, ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ দাবী সাংবিধানিকভাৱেও বৈধ নহয় আৰু ই সামাজিক ন্যায়ৰ নীতিৰ সৈতেও সামঞ্জস্যপূৰ্ণ নহয়। উচ্চতম ন্যায়ালয়েও বাৰে বাৰে এই কথা স্পষ্ট কৰি দিছে যে সংৰক্ষণ কেৱল সামাজিক বঞ্চনাৰ ভিত্তিতহে প্ৰদান কৰিব পাৰি, ধৰ্মৰ ভিত্তিত নহয়।
ধৰ্মভিত্তিক সংৰক্ষণে কেৱল সমাজখনক ধৰ্মীয় গোটৰ মাজত অধিক বিভাজিত কৰাই নহয়, মহিলা সংৰক্ষণৰ পৰিসৰৰ ভিতৰত থকা অ'বিচি, অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST) আদি পিছপৰা শ্ৰেণীৰ মহিলাসকলৰ সমকক্ষ পাছমাণ্ডা মহিলাসকলৰ ৰাজনৈতিক প্ৰতিনিধিত্বৰ ধাৰণাটোকো ক্ষতিগ্ৰস্ত কৰিব।
সেয়েহে বিৰোধিতা এইটো নহয় যে মুছলমান মহিলাসকল বঞ্চনাৰ বলি হোৱা নাই; বৰং মূল কথাটো হ'ল তেওঁলোকৰ এই বঞ্চনাক জাতিগত অনগ্ৰসৰতা, বৈষম্য, অস্পৃশ্যতা আৰু অৰ্থনৈতিক অনগ্ৰসৰতাৰ গাঁথনিৰ মাজেৰেই সম্বোধন কৰা উচিত, ধৰ্মৰ নামত পৃথক শ্ৰেণী গঠন কৰি নহয়।
এই বিতৰ্কত পাছমাণ্ডা দৰ্শনে এক সুপষ্ট আৰু ব্যৱহাৰিক পথ প্ৰদৰ্শন কৰে। ইয়াৰ মূল নীতিটোৱেই হ'ল যে সংৰক্ষণৰ ভিত্তি ধৰ্ম নহয়, বৰং সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতাহে হ'ব লাগে। এই দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে, অ'বিচি পটভূমিৰ পাছমাণ্ডা মহিলাসকলে অ'বিচি শ্ৰেণীৰ ভিতৰত প্ৰতিনিধিত্ব পোৱা উচিত; দলিত পটভূমিৰ পাছমাণ্ডা মহিলাৰ বাবে এছ চি (SC) শ্ৰেণীত ন্যায়ৰ দাবী আগবঢ়োৱা উচিত আৰু জনজাতীয় (ST) পটভূমিৰ পাছমাণ্ডা মহিলাক এছ টি (ST) শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা উচিত। অৰ্থাৎ, ইয়াৰ সমাধান "মুছলমান মহিলাৰ সংৰক্ষণ"ত নাই, বৰং এছ চি, এছ টি, অ'বিচিৰ দৰে ধৰ্মনিৰপেক্ষ শ্ৰেণীসমূহৰ ভিতৰত তেওঁলোকৰ উচিত প্ৰতিনিধিত্ব সুনিশ্চিত কৰাটোহে প্ৰকৃত সমাধান।
দুৰ্ভাগ্যৱশত, সংসদত এই বিতৰ্ক যিমান স্পষ্টতা আৰু গুৰুত্বৰে উত্থাপিত হ'ব লাগিছিল, সিমান নহ'ল। মাত মাতিছিল যদিও গঠনমূলক সমাধানৰ দিশটো দুৰ্বল আছিল। মহিলা সংৰক্ষণ বিধেয়ক বাৰে বাৰে ব্যৰ্থ হোৱাটোৱে প্ৰমাণ কৰে যে ই কেৱল এক ৰাজনৈতিক প্ৰস্তাৱ নহয়, বৰং ই সামাজিক ন্যায়ৰ গাঁথনিৰ সৈতে জড়িত এক জটিল প্ৰশ্ন। যেতিয়ালৈকে সংৰক্ষণৰ ভিতৰত বঞ্চিত শ্ৰেণী, বিশেষকৈ অ'বিচি আৰু পাছমাণ্ডা মহিলাসকলৰ প্ৰতিনিধিত্ব কেনেকৈ সুনিশ্চিত কৰা হ'ব সেয়া স্পষ্ট নহ'ব, তেতিয়ালৈকে এক ব্যাপক ঐকমত্যত উপনীত হোৱাটো কঠিন হৈয়েই ৰ'ব।
মহিলা সংৰক্ষণৰ উদ্দেশ্য তেতিয়াহে সাৰ্থক হ'ব, যেতিয়া ই কেৱল প্ৰতীকী হৈ নাথাকি প্ৰকৃত সামাজিক পৰিৱৰ্তনৰ মাধ্যম হৈ পৰিব। ইয়াৰ বাবে প্ৰয়োজন- ৩৩% সংৰক্ষণৰ ভিতৰত অ'বিচি মহিলাৰ বাবে উপ-সংৰক্ষণ সুনিশ্চিত কৰা, জাতিগত পিয়লৰ ভিত্তিত প্ৰতিনিধিত্বৰ গাঁথনি নিৰ্ধাৰণ কৰা আৰু পাছমাণ্ডা মুছলমান মহিলাসকলক তেওঁলোকৰ প্ৰকৃত সামাজিক শ্ৰেণীবিভাজন অনুসৰি উচিত স্থান প্ৰদান কৰা।
মহিলা সংৰক্ষণ বিধেয়ক ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এক সোণালী সুযোগ, কিন্তু এই সুযোগ তেতিয়াহে অৰ্থপূৰ্ণ হ’ব, যেতিয়া ইয়াক সামাজিক ন্যায়ৰ এক বহল আৰু সামগ্ৰিক গাঁথনিৰ মাজেৰে কাৰ্যকৰী কৰা হ’ব। পাছমাণ্ডা দৃষ্টিকোণে আমাক এই গভীৰ সত্যটোৱেই সোঁৱৰাই দিয়ে যে সমতাৰ অৰ্থ কেৱল সকলোৰে বাবে সুযোগ মুকলি কৰাই নহয়, বৰং ঐতিহাসিকভাৱে বঞ্চিত আৰু শোষিত শ্ৰেণীক অগ্ৰাধিকাৰ দি সমাজৰ মূলসুঁতিলৈ লৈ অহাটোহে প্ৰকৃত সমতা। যেতিয়ালৈকে এই মূল নীতিটো মহিলা সংৰক্ষণৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত নহ’ব, তেতিয়ালৈকে নাৰী সৱলীকৰণৰ এই প্ৰয়াস আধৰুৱা হৈ ৰ’ব।
(লেখক এগৰাকী অনুবাদক, স্তম্ভলেখক, মিডিয়া পেনেলিষ্ট আৰু পাছমাণ্ডা সামাজিক কৰ্মী।)