শব্দৰে মানুহৰ হৃদয় স্পৰ্শ কৰা ড° ফিৰদৌছ খান

Story by  atv | Posted by  Munni Begum • 1 h ago
শব্দৰে মানুহৰ হৃদয় স্পৰ্শ কৰা ড° ফিৰদৌছ খান
শব্দৰে মানুহৰ হৃদয় স্পৰ্শ কৰা ড° ফিৰদৌছ খান
 
ছৰফৰাজ খান 
 
শব্দ, আধ্যাত্মিকতা আৰু সাহিত্যৰ অনন্য সংমিশ্ৰণেৰে নিজৰ স্বকীয় পৰিচয় গঢ়ি তোলা ড° ফিৰদৌছ খান ভাৰতীয় সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ। কবিতা, সাংবাদিকতা, অনুবাদ, সম্পাদনা আৰু আধ্যাত্মিক চিন্তাধাৰাৰ ক্ষেত্ৰত সমান দক্ষতা প্ৰদৰ্শন কৰা এই প্ৰতিভাৱান সাহিত্যিক গৰাকীক “শব্দ দ্বীপৰ ৰাজকুমাৰী” বুলি জনা যায়। জীৱনৰ কঠিন বাস্তৱতা আৰু কোমল অনুভৱৰ অপূৰ্ব প্ৰকাশে তেওঁৰ সাহিত্যক এক বিশেষ উচ্চতালৈ লৈ গৈছে। শব্দৰ মাজেৰে হৃদয় স্পৰ্শ কৰা ড° ফিৰদৌছ খানৰ সাহিত্যিক যাত্ৰা আজিও বহু পাঠকৰ বাবে অনুপ্ৰেৰণাৰ এক উৎস হৈ আছে।
 
তেওঁৰ কবিতা হৃদয় আৰু মনৰ মাজত গভীৰভাৱে শিপাই আছে, ইমানেই গভীৰ যে, কেতিয়াও পাহৰিব নোৱাৰি। তেওঁৰ প্ৰতিটো কথাই আত্মাত খোদিত হৈ আছে। তেওঁৰ এনে এক প্ৰতিভা আছে, যিটো কম কবিৰ মাজতহে পৰিলক্ষিত হয়। তেওঁৰ কবিতা হৈছে প্ৰচণ্ড গৰমত বৰগছৰ ঘন আৰু শীতল ছাঁৰ দৰে, তৃষ্ণাতুৰ ভূমিত বাৰিষাৰ বৰষুণৰ টোপালৰ দৰে আৰু হাড় কঁপোৱাত জাৰৰ দিনৰ কোমল উমাল ৰ’দৰ দৰে।
 
সাহিত্য
 
ড° ফিৰদৌছ খানে আধ্যাত্মিকতাৰ ওপৰত বিশ্বাস কৰে আৰু চুফী পৰম্পৰাৰ সৈতে জড়িত হৈ আহিছে। তেওঁৰ মাতৃ প্ৰয়াত খুছনুদী খান ওৰফে চান্দনী খান আৰু পিতৃ প্ৰয়াত সত্তাৰ আহমেদ খানক তেওঁ নিজৰ আদৰ্শ হিচাপে গণ্য কৰে। তেখেতে "ফাহম আল-কোৰাণ" ৰচনা কৰিছে, যিখন গ্ৰন্থ তেওঁৰ জীৱনৰ এখন মাষ্টাৰপিছ। 
 
ড° ফিৰদৌছ খানে কয়, "মোৰ মা এগৰাকী অতি ধৰ্মপৰায়ণ আৰু ভক্তিশীল নাৰী আছিল। শৈশৱৰ পৰাই আমি তেখেতক নামাজ পঢ়ি অহা দেখি আহিছিলো। তেওঁক অনুসৰণ কৰিয়ে আমি নামাজৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিবলৈ সক্ষম হৈছিলো। আত্মিক জ্ঞান আহৰণৰ ইচ্ছাও আমাৰ মনত অতি কম বয়সৰ পৰাই গঢ় লৈ উঠিছিল। 'ফাহম আল-কোৰাণ' লিখি থাকোঁতে আমি উপলব্ধি কৰিছিলো যে, আমি সাময়িক বিষয়ত আমাৰ জীৱন নষ্ট কৰা নাছিলো। আচলতে আমাৰ জীৱনৰ উদ্দেশ্য হৈছে আল্লাহৰ পৰা আমাৰ প্ৰতি দয়া লাভ কৰা। আমাৰ কাম হৈছে এই উদ্দেশ্যলৈ  আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ আৰু এই প্ৰচেষ্টাৰ এটা অংশ।”   
 
চুফী সন্তসকলৰ জীৱন আৰু দৰ্শনৰ আধাৰত "গংগা-জামুনি সংস্কৃতিৰ পথ প্ৰদৰ্শক" নামৰ গ্ৰন্থখন ২০০৯ চনত প্ৰভাত প্ৰকাশন গোষ্ঠীৰ 'জ্ঞান গংগা'ই প্ৰকাশ কৰিছিল। এই গ্ৰন্থখন এতিয়াও আলোচনাৰ বিষয় হৈয়েই আছে। ভক্তি আৰু চুফী সন্তসকলৰ জীৱন দৰ্শনৰ ওপৰত পি এইচ ডি ডিগ্ৰী লাভ কৰা গৱেষক পণ্ডিতসকলে ইয়াৰ প্ৰশংসাও কৰি আহিছে।  
 
এক অনুষ্ঠানত ড° ফিৰদৌছ খান
 
ড° ফিৰদৌছ খানে শৈশৱৰ পৰাই লিখিবলৈ আৰম্ভ কৰিছিল। তেওঁ কয়, "ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে মই এটা কবিতা লিখিছিলোঁ। কবিতাটো মই মোৰ মা আৰু দেউতাক আবৃত্তি কৰি শুনাইছিলোঁ, আৰু তেওঁলোকে সেইটো ভাল হোৱা বুলি প্ৰশংসা কৰিছিল। দেউতাই সেইটো প্ৰকাশৰ বাবে এখন সন্ধিয়াৰ বাতৰি কাকতত দিছিল, আৰু সেইটো প্ৰকাশও পাইছিল। কবিতাটোৰ ভাল হোৱা বুলি অতি শলাগ লোৱা হৈছিল। এইদৰেই আৰম্ভ হৈছিল মোৰ লিখা আৰু প্ৰকাশৰ ধাৰাবাহিকতা, যিটো পিছলৈ অবিৰতভাৱে চলি আছে। সন্ধিয়াৰ বাতৰি কাকতৰ পৰা আৰম্ভ হোৱা এই শৃংখলা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনী আৰু বাতৰি কাকতৰো কাষ চাপছিল।"    
 
মিডিয়া
 
ড° ফিৰদৌছ খানে বহু বছৰ ধৰি দূৰদৰ্শন কেন্দ্ৰ, অল ইণ্ডিয়া ৰেডিঅ', আৰু সমগ্ৰ দেশৰ প্ৰতিষ্ঠিত কাকত-আলোচনীত কাম কৰি আহিছে। তেওঁ দূৰদৰ্শন কেন্দ্ৰৰ সংবাদ শিতানৰ এগৰাকী প্ৰখ্যাত সম্পাদিকা আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ মনোৰঞ্জন সম্প্ৰচাৰক হিচাপে কাম কৰি আহিছে।
 
তেওঁ কয়, "অল ইণ্ডিয়া ৰেডিঅ'ৰ সৈতে মোৰ গভীৰ সম্পৰ্ক আছে। কিয়নো মই ৰেডিঅ' শুনিয়ে ডাঙৰ হৈছো। পিছলৈ মই ৰেডিঅ'ত যোগদান কৰিছিলোঁ। মোৰ প্ৰথম ৰেডিঅ' অনুষ্ঠান ১৯৯৬ চনৰ ২১ ডিচেম্বৰত সম্প্ৰচাৰিত হৈছিল। ঘৰৰ সকলোৱে সেইদিনা অত্যন্ত সুখী আছিল। দেউতাৰ আনন্দৰ কোনো সীমা নাছিল। ৰেডিঅ’ৰ লগত আমাৰ ইমানবোৰ সুন্দৰ স্মৃতি জড়িত হৈ আছে, যিবোৰ কেতিয়াও কয় শেষ কৰিব নোৱাৰি। আজিও আমাৰ ৰেডিঅ’ৰ প্ৰতি একেই প্ৰেম আছে। একেদৰে দূৰদৰ্শনৰ সৈতেও জড়িত আমাৰ সুন্দৰ স্মৃতি আছে। মই সৰুতে দূৰদৰ্শন চাই থাকোঁতে আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ যে, মই কেতিয়াবা ইয়াৰ অংশ হব পাৰিম। ২০০২ চনৰ নৱেম্বৰ মাহত মই দূৰদৰ্শনত প্ৰযোজক আৰু সহকাৰী বাতৰি সম্পাদক হিচাপে যোগদান কৰিছিলোঁ। সেই সময়খিনিও আমাৰ জীৱনৰ বাবে এটি অতি সুন্দৰ আৰু স্মৰণীয় আছিল।"     
 
এক অনুষ্ঠানত ড° ফিৰদৌছ খান
 
কেইবাটাও নিউজ চেনেলতো ড° ফিৰদৌছ খানে তেওঁৰ প্ৰতিভাৰ অৱদান আগবঢ়াই আহিছে। ইয়াৰ উপৰিও তেওঁ অসংখ্য তথ্যচিত্ৰ, দূৰদৰ্শন নাটক, ৰেডিঅ' নাটক আদিও লিখিছে। ভাৰত আৰু বিদেশৰ বিভিন্ন বাতৰি কাকত, আলোচনী, কিতাপ, বাতৰি আৰু ফিচাৰ এজেন্সীৰ বাবে লিখা-মেলা কৰি আহিছে। দেশত তেওঁৰ ৰচনা প্ৰকাশ নোহোৱা বাতৰি কাকত প্ৰায়েই নাই বুলিয়ে কব পাৰি। মাহেকীয়া "পাইগাম-ই-মাদৰে-ৱাটন"ৰ সম্পাদিকা আৰু মাহেকীয়া "বঞ্চিত জনতা"ৰ সম্পাদকীয় পৰামৰ্শদাতা হিচাপেও কাম কৰিছে। বৰ্তমান তেওঁ ষ্টাৰ নিউজ এজেন্সীৰ সম্পাদিকা হিচাপে কৰ্মৰত হৈ আছে।   
 
কবি সন্মিলন
 
ড° ফিৰদৌছ খানে মুছাইৰা আৰু কবি সন্মিলনতো অংশগ্ৰহণ কৰি আহিছে। তেওঁ বহু বছৰ ধৰি হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণো লৈছে। তেওঁ কয়, "যেতিয়া প্ৰখ্যাত গীতিকাৰ গোপালদাস নীৰজৰ সম্পাদনাত 'গীতকাৰ' নামৰ সাহিত্য আলোচনীখনত এটি গীত প্ৰকাশ পাইছিল, তেতিয়া দূৰ-দূৰণিৰ পৰা মুছাইৰা আৰু কবি সন্মিলনৰ বাবেও তেওঁলৈ নিমন্ত্ৰণ আহিবলৈ আৰম্ভ কৰিছিল। তেওঁ ভাৰতৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত আয়োজন কৰা ৰাষ্ট্ৰীয় কবি সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ বহু আলোচনা চক্ৰতো অংশ লৈছিল।”     
 
সন্মান
 
তেওঁৰ অসাধাৰণ সাংবাদিকতা, নিপুণ সম্পাদনা আৰু উৎকৃষ্ট লেখাৰ বাবে তেওঁ অসংখ্য বঁটা লাভ কৰিছে। ২০১৪ চনৰ ১৪ ছেপ্টেম্বৰত দিল্লীত হিন্দী দিৱস উপলক্ষে নিউজ চেনেল এ বি পি নিউজে তেওঁক "শ্ৰেষ্ঠ ব্লগাৰ" বঁটাৰে সন্মানিত কৰিছিল। ২০০৫ চনত আমেৰিকান বায়’গ্ৰাফিক ইনষ্টিটিউটৰ পেছাদাৰী মহিলা উপদেষ্টা ব’ৰ্ডে তেওঁক সফল মহিলাৰ তালিকাত মনোনীত কৰিছিল। হিছাৰৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা শ্ৰেষ্ঠ লেখিকা বঁটাৰে সন্মানিত কৰা হৈছিল। হাৰিয়ানা ক্ষুদ্ৰ বাতৰি কাকত সন্থাই তেওঁক "শ্ৰেষ্ঠ সাংবাদিক" বঁটাৰে সন্মানিত কৰিছে। ইয়াৰ উপৰিও দুটা সন্মানীয় ডক্টৰেট ডিগ্ৰীকে ধৰি অসংখ্য বঁটাৰে সন্মানিত হৈছে ড° ফিৰদৌজ খান। তেওঁ কয়, "আমাৰ শব্দই আমাৰ আৱেগ আৰু চিন্তাৰ ব্যাখ্যা কৰে, কাৰণ আমাৰ শব্দই হৈছে আমাৰ পৰিচয়। আমাৰ বাবে আটাইতকৈ ডাঙৰ সন্মানটো হ'ল আমি লিখাখিনি পাঠকে পঢ়ি ভাল পোৱাটো।"   
 
ড° ফিৰদৌছ খান
 
অনুবাদ
 
ড° ফিৰদৌছ খান কেইবাটাও ভাষাত সাৱলীল। তেওঁ উৰ্দু, হিন্দী, পাঞ্জাবী, ইংৰাজী ভাষাত লিখি আহিছে। তেওঁৰ ইংৰাজী কবিতা বিদেশত যথেষ্ট প্ৰশংসা লাভ কৰিছে। বন্দে মাতৰম নামৰ ৰাষ্ট্ৰীয় গীতটো পাঞ্জাবী ভাষালৈ অনুবাদ কৰি অতি জনপ্ৰিয় হৈ পৰিছে ড° খানে। তেওঁ হিছাৰৰ চৰকাৰী মহাবিদ্যালয়ত পাঞ্জাবী আলোচনী "ভোৰ দা তাৰা"ৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ৰাহুল গান্ধীৰ ওপৰত এটি কবিতাও ৰচনা কৰিছিল, যিটোৱে বহুলোকৰ পৰা প্ৰশংসা লাভ কৰিছে।     
 
ব্লগ 
 
ড° ফিৰদৌছ খানে ব্লগও লিখি আহিছে। তেওঁৰ কেইবাটাও ব্লগ আছে।  তেওঁৰ "ফাহম আল কোৰাণ" হৈছে পবিত্ৰ কোৰাণৰ ওপৰত ৰচনা কৰা ব্লগ, য'ত তেওঁৰ ৰচনা কৰা "ফাহম আল কোৰাণ"ৰ পঢ়িব পৰা যায়। "ফিৰদৌজ ডায়েৰী" হৈছে গীত, গজল, কবিতা, গল্প, আৰু অন্যান্য সাহিত্যিক লেখাৰ ব্লগ। "মেৰী ডায়েৰী" হৈছে সমাজ, পৰিৱেশ, স্বাস্থ্য, সাহিত্য, শিল্প আৰু সংস্কৃতি, ৰাজনীতি, আৰু সমসাময়িক বিষয়ৰ ওপৰত লেখাৰ ব্লগ। "শব্দ দ্বীপৰ ৰাজকুমাৰী" হৈছে ইংৰাজী কবিতা আৰু লেখাৰ ব্লগ। 'জাহান্নুমা' উৰ্দু লেখাৰ এটা ব্লগ। 'হীৰ' পাঞ্জাবী লেখাৰ ব্লগ। 'ৰাহে-হক' আধ্যাত্মিক লেখাৰ ব্লগ হয়। 
 
ৰাষ্ট্ৰীয় সেৱা 
 
ড° ফিৰদৌছ খান ৰাষ্ট্ৰীয় সেৱাৰ লগতো জড়িত হৈ আহিছে। বহু বছৰ ধৰি হিছাৰ অসামৰিক নিৰাপত্তা বিভাগত পোষ্ট ৱাৰ্ডেন হিচাপে কাম কৰিছিল। তেওঁ অনুৰাগ সাহিত্য কেন্দ্ৰৰ প্ৰতিষ্ঠাপক আৰু সভানেত্ৰীও হয়।  
 
দেশৰ সুপৰিচিত সাহিত্যিক আৰু সাংবাদিকসকলে বহুবাৰ তেওঁৰ বিষয়ে লিখিছে। শ্ৰীযুত যাদৱেন্দ্ৰ যাদৱৰ সদ্য প্ৰকাশিত ‘ভাৰতীয় মুছলমানৰ গৌৰৱৰ কাহিনী’ নামৰ গ্ৰন্থখনত তেওঁক নিজৰ সংস্কৃতিৰ সৈতে জড়িত আৰু সমাজক এক নতুন দিশ প্ৰদান কৰা এগৰাকী লেখিকা হিচাপে উল্লেখ কৰা হৈছে।
 
তেওঁৰ আকাংক্ষাৰ সন্দৰ্ভত তেওঁ কয়, "জীৱনত মই যি বিচাৰিছিলো সেয়া নাপালোঁ, যদিও  যি বিচাৰিছিলো তাতকৈ বহু বেছি পাইছো। মই যদি ভূমি বিচাৰিছিলো, তাৰ ঠাইত মই সমগ্ৰ আকাশখনকে পাইছো। ইমানেই বেছি পাইছো যে মোৰ আৰু আন একো বিচৰাৰ ইচ্ছায়ে নাই।" 
 
তেওঁ নিজৰ বিষয়ে কয়:
 
মোৰ অন্তৰত কোনো ঘৃণা, ঈৰ্ষা, শত্ৰুতা নাই।
ঈশ্বৰে মোক নৈতিকতাৰ ছাঁচত গঢ় দিছে...
 
(ছৰফৰাজ খান হৈছে এগৰাকী কবি, সাহিত্যিক আৰু সাংবাদিক।)