নিকুঞ্জ নাথ
সকলো জল্পনা-কল্পনা, নিৰ্বাচনী সমীকৰণ আৰু এগজিট প’লৰ পূৰ্বানুমানক অতিক্ৰম কৰি অসমৰ ৰাজনীতিত পুনৰ এবাৰ সগৌৰৱে উৰিল গেৰুৱা নিচান। বিৰোধী ঐক্য মঞ্চই ৰাজ্যত পৰিৱৰ্তনৰ বতাহ বলিছে বুলি দাবী কৰি চৰকাৰ গঠনৰ যি সপোন দেখিছিল, তাক একপ্ৰকাৰ ধূলিসাৎ কৰি অসম বিধানসভা নিৰ্বাচনত NDA-এ অভূতপূৰ্ব সাফল্য অৰ্জন কৰিছে। শাসকীয় বিৰোধী মনোভাৱক সম্পূৰ্ণৰূপে নস্যাৎ কৰি ৰাজ্যবাসীয়ে পুনৰ এবাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰতিয়েই আস্থা প্ৰকাশ কৰিলে। এই নিৰ্বাচনী যুঁজত বিৰোধীক তচনচ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত গৌৰৱেৰে ঘোষণা কৰিছে- "Hat-Trick with a century!" অৰ্থাৎ ‘শতকেৰে হেট্ৰিক’। ভোটগণনাৰ ধাৰালৈ চাই নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে একেৰাহে তৃতীয়বাৰৰ বাবে দিছপুৰৰ মছনদ দখল কৰাটো নিশ্চিত হৈ পৰিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ।
ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি NDA মিত্ৰজোঁটে কমেও ১০২ খন আসনত অগ্ৰগতি লাভ কৰি এক বিৰল অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে। ইয়াৰ বিপৰীতে বিৰোধী ঐক্য মঞ্চ মাত্ৰ ২১ খন আসনতে আৱদ্ধ থাকিবলগীয়া হৈছে। আনহাতে, জালুকবাৰী সমষ্টিৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ষষ্ঠবাৰলৈ বিজয় সাব্যস্ত কৰি নিজৰ অপ্রতিদ্বন্দ্বী ভাবমূৰ্তি পুনৰ প্ৰমাণ কৰিছে।
জালুকবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জাগীৰোডত পীযুষ হাজৰীকাৰ বৃহৎ জয়
ইতিমধ্যে ৰাজ্যৰ অধিকাংশ সমষ্টিৰ চূড়ান্ত ফলাফল প্ৰকাশ পাইছে, য’ত বিজেপি প্ৰাৰ্থীসকলে ব্যাপক আধিপত্য বিস্তাৰ কৰিছে। বিজেপিৰ টিকটত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ ভিতৰত নিউ গুৱাহাটীত দিপ্লু ৰঞ্জন শৰ্মা, টংলাত বিকন চন্দ্ৰ ডেকা, জাগীৰোডত পীযুষ হাজৰীকা, নগাঁও-বটদ্ৰৱাত ৰূপক শৰ্মা, বিহালীত মুনীন্দ্ৰ দাস, ধেমাজিত ডাঃ ৰণোজ পেগু, চিচিবৰগাঁৱত জীৱন গগৈ, জোনাইত ভুৱন পেগু, মাজুলীত ভূৱন গাম, যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী, গোলাঘাটত অজন্তা নেওগ, দেৰগাঁৱত মৃদুল কুমাৰ দত্ত, খুমটাইত মৃণাল শইকীয়া, সৰুপথাৰত বিশ্বজিৎ ফুকন, বৰখলাত কিশোৰ নাথ, ধলাইত অমিয় কান্তি দাস, ভৱানীপুৰ-সৰভোগত ৰণজিৎ কুমাৰ দাস, নলবাৰীত জয়ন্ত মল্লবৰুৱা, ৰঙানদীত ঋষিৰাজ হাজৰিকা, পলাশবাৰীত হিমাংশু শেখৰ বৈশ্য, হাফলঙত ৰূপালী লাংথাছা, বকো-ছয়গাঁৱত ৰাজু মেচ, মধ্য গুৱাহাটীত বিজয় কুমাৰ গুপ্তা আৰু হাওৰাঘাটত লুনছিং টেৰণ অন্যতম। তদুপৰি, চাবুৱা-লাহোৱাল সমষ্টিত বিজেপিৰ বিনোদ হাজৰিকাই কংগ্ৰেছৰ প্ৰাঞ্জল ঘাটোৱাৰক ৫০,৯১৪ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে।
মিত্ৰদল অসম গণ পৰিষদ (অগপ) আৰু বিপিএফেও এই নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। বৰপেটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব বাতিল হোৱাৰ পিছত অগপৰ দীপক কুমাৰ দাসে ৯৪,০৮৬ টা ভোট লাভেৰে নিৰ্দলীয় প্ৰাৰ্থী গগণ চন্দ্ৰ হালৈ (৪৬,৬৮৪ ভোট)ক পৰাস্ত কৰে। তেজপুৰত অগপৰ পৃথ্বীৰাজ ৰাভা (৭৯,১৪০ ভোট)ই ৰাইজৰ দলৰ অলক নাথ (৫৯,১৯০ ভোট)ক ১৯,৯৫০ ভোটত পৰাজিত কৰে। একেদৰে ডিমৰীয়াত অগপৰ ড০ তপন দাসে কংগ্ৰেছৰ কিশোৰ কুমাৰ বৰুৱাক ৬৫,৩৮৫ টা ভোটত আৰু বোকাখাতত অগপ সভাপতি অতুল বৰা (৮০,৯৮৭ ভোট)ই ৰাইজৰ দলৰ হৰি প্ৰসাদ শইকীয় (২০,৪৫০ ভোট)ক পৰাস্ত কৰে। কলিয়াবৰত তীব্ৰ যুঁজৰ অন্তত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত (৭৪,০২৯ ভোট)ই বিজেপি ত্যাগী নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড় (৫৬,১৩৯ ভোট) ক ১৭,৮৯০ টা ভোটত পৰাস্ত কৰে।
বিপুৰীয়াত ভূপেন বৰাৰ জয়ৰ বিপৰীতে নাজিৰাত ৰণত পৰিল কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া
ইপিনে, বিটিআৰত বিপিএফে চমকপ্ৰদ প্ৰত্যাৱৰ্তন ঘটিছে। বিপিএফৰ থানেশ্বৰ বসুমতাৰীয়ে মানসত, মহেশ্বৰ বড়োৱে ভেৰগাঁৱত ইউপিপিএলৰ নাৰ্শ্বন বড়োক পৰাস্ত কৰি, পানীৰাম ব্ৰহ্মই চিডলী চিৰাঙত ইউপিপিএলৰ ৰঞ্জিত বসুমতাৰীক ৩৬,৬০১ ভোটত পৰাস্ত কৰি, ৰিহন দৈমাৰীয়ে ওদালগুৰিত আৰু চৰণ বড়োৱে মাজবাট সমষ্টিত ৫৫,৫৪৬ ভোটৰ ব্যৱধানত জয়লাভ কৰি বিটিআৰত নিজৰ স্থিতি পুনৰ সবল কৰে।
এইবাৰ নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গ’ল হাজো-শুৱালকুছি সমষ্টিত। ২০ টা ৰাউণ্ডৰ শ্বাসৰুদ্ধকৰ ভোটগণনাৰ অন্তত অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসে (৮১,৯৭৫ ভোট) কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাস (৮১,০৩৬ ভোট)ক মাত্ৰ প্ৰায় ৯০০ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
আনহাতে, মধ্য গুৱাহাটী সমষ্টিত সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা ‘জেন-জি’ (Gen-Z) ঢৌৱে বাস্তৱ নিৰ্বাচনত বিশেষ কোনো প্ৰভাৱ পেলাব নোৱাৰিলে। ইয়াত অজাপ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে ৩৮,৮২৫ টা ভোট লাভ কৰিয়েই সন্তুষ্ট থাকিবলগীয়া হয় আৰু বিজেপিৰ বিজয় গুপ্তাই ৯৯,৯২০ টা ভোট লাভেৰে বৃহৎ জয় সাব্যস্ত কৰে।
বিৰোধী শিবিৰৰ কেইগৰাকীমান প্ৰাৰ্থীয়ে নিজৰ স্থিতি ৰক্ষা কৰিবলৈ সক্ষম হোৱাৰ লগতে সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহত এআইইউডিএফৰ তীব্ৰ বিপৰ্যয় পৰিলক্ষিত হয়। বিগত নিৰ্বাচনত ৬ আসন থকা এআইইউডিএফৰ এইবেলি আসনৰ সংখ্যা লক্ষণীয়ভাৱে হ্ৰাস পায়৷ এইবেলি তেওঁলোকে মাত্ৰ ২ খন আসনতে সন্তুষ্ট থাকিবলগীয়া হয়৷ আনহাতে, কংগ্ৰেছৰ টিকটত আলগাপুৰ-কাটলিছৰাত জুবেৰ আনম মজুমদাৰ, নাওবৈচাত জয়প্ৰকাশ দাস, কৰিমগঞ্জ উত্তৰত জাকাৰিয়া আহমেদ, চামগুৰিত তানজিল হুছেইন আৰু গোৱালপাৰা পূবত আবুল কালাম ৰচিদ আলমে জয়লাভ কৰে।
আনহাতে, নৱগঠিত সমষ্টিসমূহত কংগ্ৰেছৰ আধিপত্য দেখিবলৈ গৈছে। চমৰীয়া সমষ্টিত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদে ১,৪৯,৭২০ টা ভোট লাভেৰে এআইইউডিএফৰ ইমদাদ হুছেইন (৭১,০২৪)ক ৭৮,৬৯৬ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। সৃজনগ্ৰামতো কংগ্ৰেছৰ মঃ নুৰুল ইছলামে ১,০৬,৭১৬ ভোট লাভেৰে এআইইউডিএফৰ ৰেজাউল কৰিম সৰকাৰ (৮৮,৪১১) ক ১৮,৩০৫ ভোটত পৰাজিত কৰে। লাহৰীঘাটত কংগ্ৰেছৰ ডাঃ আচিফ মহম্মদ নাজাৰে ১,৬৯,২১২ টা ভোট লাভেৰে এআইইউডিএফৰ ছিদ্দিক আহমেদ (১,০২,৯১৭)ক ৬৬,২৯৫ টা ভোটৰ ব্যৱধানত আৰু জলেশ্বৰত আফটাবুদ্দিন মোল্লাই ১,৬২,১৭৪ টা ভোট লাভেৰে এআইইউডিএফৰ শ্বেইখ শ্বাহ আলম (৫২,৪৮৬)ক ১,০৯,৯৮৮ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে।
আনহাতে, ধিং সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে চমকপ্ৰদ জয় সাব্যস্ত কৰে। তেওঁ ১,৩১,১৮২ টা ভোট লাভেৰে এআইইউডিএফৰ হেভিৱেট প্ৰাৰ্থী মতিউৰ ৰহমান (৫৯,৬৮৮)ক ৭১,৪৯৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে।
এই নিৰংকুশ জয়ৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰে। জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি সামাজিক মাধ্যমতো তেওঁ এক বিশেষ বাৰ্তা প্ৰকাশ কৰে। তেওঁ কয়, "বিকাশ, উন্নয়ন আৰু ঐতিহ্য সুৰক্ষাৰ মহান লক্ষ্যক ধিয়াই অসমৰ সন্মানীয় জনসাধাৰণে একেৰাহে তৃতীয়বাৰৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদী ডাঙৰীয়াৰ সুনেতৃত্বৰ ওপৰত বিশ্বাস ৰাখি ভাৰতীয় জনতা পাৰ্টিক এক নতুন অভিলেখেৰে বিজয়ী কৰিলে। মাননীয় ৰাষ্ট্রীয় সভাপতি শ্রীনীতিন নবীন ডাঙৰীয়া আৰু মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্রীঅমিত শ্বাহ ডাঙৰীয়াৰ মার্গদর্শনেৰে পুষ্ট আমাৰ শ্ৰদ্ধাৰ কার্যকর্তাসকলৰ নিৰলস প্রয়াস অবিহনে এই বিজয় কাহানিও সম্ভৱ নহ’লহেঁতেন।"
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "এই বিজয় হৈছে উন্নয়ন, নাৰী শক্তি বন্দন, স্বকীয় পৰিচয় আৰু বিকশিত অসমৰ প্রতি সবল সমর্থনৰ প্রকাশ। এই সুবৃহৎ জনাদেশে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ আৰু উজনিৰ পৰা নামনি অসমলৈ জনসাধাৰণৰ মনোভাবক প্ৰতিফলিত কৰি সর্বাংগীন বিকাশ আৰু খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষাৰ প্ৰয়োজনীয়তা দৃঢ়ভাৱে প্ৰতিপন্ন কৰিলে। বিনম্ৰতাৰে আমি জনসাধাৰণৰ আশীৰ্বাদ আৰু আমাৰ বিকশিত-সুৰক্ষিত অসম নির্মাণৰ অংগীকাৰৰ প্ৰতি তেওঁলোকৰ উৎসাহী সঁহাৰিৰ বাবে সেৱা জনাইছোঁ। পুনৰ দোহাৰিব বিচাৰিছোঁ— অসমক ভাৰতৰ শীৰ্ষ ৫ ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ বাবে আমাৰ অক্লান্ত প্ৰচেষ্টা অধিক উৎসাহেৰে অব্যাহত থাকিব।"