শ্ৰীনগৰ
মধ্য কাশ্মীৰৰ বুডগাম জিলাৰ উচ্চ উচ্চতাৰ অঞ্চলত ৰাষ্ট্ৰীয় ৰাইফলছৰ সৈতে হোৱা সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদীজন পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ (লেট)ৰ এটা মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী আছিল বুলি নিৰাপত্তাৰক্ষীয়ে জানিবলৈ দিয়ে।
নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, কাশ্মীৰৰ চিনাৰ কৰ্পছে নিহত সন্ত্ৰাসবাদীজনৰ পৰিচয় প্ৰকাশ কৰা নাই যদিও বিষয়াসকলে নিহত সন্ত্ৰাসবাদীজন চুলেমান শ্বাহ ওৰফে ‘মুছা’ বুলি চিনাক্ত কৰিছে।
সেনাই টুইট কৰি কয় যে, তেওঁলোকে অন্যান্য নিৰাপত্তা বাহিনীৰ সৈতে মধ্য কাশ্মীৰৰ কোৰাগ, ইউছমাৰ্গ অঞ্চলত অভিযান আৰম্ভ কৰিছে৷ সেনাই কয়, “সেনাই সন্দেহজনক গতিবিধি পৰ্যবেক্ষণ কৰে আৰু প্ৰত্যাহ্বান জনোৱাৰ লগে লগে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে৷ যাৰ ফলত এক ভয়াবহ সংঘৰ্ষ হয় আৰু এজন সন্ত্ৰাসবাদী নিহত হয়৷”
অভিযানৰ সময়তে বিষয়াসকলে জনোৱা মতে, দুধপথ্ৰিৰ দুৰ্গম বনাঞ্চলত হোৱা এই এনকাউণ্টাৰত ‘মুছা’ নিহত হয়৷ সেনাই জনোৱা মতে, বিগত কেইবাবছৰ ধৰি পীৰ পাঞ্জাল ৰেঞ্জৰ দুয়োপাৰে সংঘটিত হোৱা অসংখ্য আক্ৰমণৰ সৈতে জড়িত হোৱাৰ বাবে মুছাৰ সন্ধান কৰা হৈছিল৷ চলিত মাহৰ আৰম্ভণিতে ইউছমাৰ্গ পাহাৰত হোৱা এনকাউণ্টাৰত মুছা পলায়ন কৰে৷
৫ ছেপ্টেম্বৰত হোৱা সেই এনকাউণ্টাৰত তেওঁৰ ঘনিষ্ঠ সহযোগী ইয়াছিৰ নিহত হৈছিল৷ বিষয়াসকলে কয় যে, জম্মু-কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ বাবে মুছাৰ হত্যাকাণ্ড আটাইতকৈ ডাঙৰ আঘাত বুলি গণ্য কৰা হৈছে৷
সন্দেহজনক কাৰ্যকলাপৰ খবৰ পোৱাৰ পিছত মঙলবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী, পুঞ্চ আৰু কাঠুৱা জিলাৰ প্ৰায় এক ডজন স্থানত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। জম্মু-কাশ্মীৰ আৰক্ষী, সেনা, চি আৰ পি এফ আৰু বি এছ এফে যৌথভাৱে তিনিখন জিলাৰ দুৰ্গম আৰু বনাঞ্চলত তালাচী অভিযান অব্যাহত ৰাখিছে।
ৰাজৌৰীত কলাকোটেৰ পীৰ খানা, পোঠা নৰোটা আৰু অন্ধ গাঁও আৰু সুন্দৰবাণীৰ ঠাণ্ডা পানী আৰু কনছাৰত তালাচী চলোৱা হয়। কঠুৱাত নিৰাপত্তা বাহিনীয়ে পাঞ্জৱাৰী, কথেৰা আৰু কাষৰীয়া অঞ্চলত তালাচী চলায়। পুঞ্চত মেন্ধৰ খণ্ডৰ উচ্চ কাছবালাৰী, থেৰাটোপা, নগাল গালি, কলাবান আৰু পাটনাতিৰ অঞ্চলত এই অভিযান চলোৱা হয়।