দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ১৩৭ সংখ্যক জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি
নতুন দিল্লী
দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ১৩৭ সংখ্যক জন্মজয়ন্তী উপলক্ষে শনিবাৰে তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নেহৰুৰ স্মৃতিত সমগ্ৰ দেশতে আজিৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হৈছে।
সামাজিক মাধ্যম 'এক্স'ত দিয়া এক বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মজয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।"
আনহাতে, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত নেহৰুৰ অৱদানৰ লগতে স্বাধীনোত্তৰ ভাৰতৰ প্ৰাৰম্ভিক সময়ছোৱাত তেওঁৰ নেতৃত্বৰ কথা স্মৰণ কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।
সামাজিক মাধ্যম 'এক্স'ত প্ৰকাশ কৰা এক বাৰ্তাত ৰাজনাথ সিঙে কয়, "পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মজয়ন্তীত তেওঁলৈ মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদান আৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে আগবঢ়োৱা নেতৃত্বই দেশৰ গঠনমূলক সময়ছোৱাত এক স্থায়ী প্ৰভাৱ পেলাই থৈ গৈছে।"
উল্লেখযোগ্য যে, প্ৰতি বছৰে ১৪ নৱেম্বৰত সমগ্ৰ দেশতে শিশু দিৱস পালন কৰা হয়। শিশুসকলৰ প্ৰতি থকা গভীৰ মৰম আৰু আন্তৰিকতাৰ বাবে জৱাহৰলাল নেহৰু ‘চাচা নেহৰু’ নামেৰে জনপ্ৰিয় আছিল। শিশুসকলৰ কল্যাণ, শিক্ষা আৰু উজ্জ্বল ভৱিষ্যতৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা নেহৰুৰ জন্মদিনটো তেওঁৰ স্মৃতিত শিশু দিৱস হিচাপে উদ্যাপন কৰা হয়।
১৮৮৯ চনৰ ১৪ নৱেম্বৰত বৰ্তমানৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ পাছত ১৯৪৭ চনৰ ১৫ আগষ্টত তেওঁ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৬৪ চনৰ ২৭ মে'ত তেওঁৰ দেহাৱসান ঘটে।
নেহৰুৰ মৃত্যুৰ পাছত তেওঁৰ জন্মদিনটো ৰাষ্ট্ৰীয় শিশু দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৯৬৪ চনত সংসদত সৰ্বসন্মতিক্ৰমে গৃহীত এক প্ৰস্তাৱৰ জৰিয়তে ১৪ নৱেম্বৰক ৰাষ্ট্ৰীয় শিশু দিৱস হিচাপে ঘোষণা কৰা হয়।
ইয়াৰ পূৰ্বে ভাৰতো ২০ নৱেম্বৰত শিশু দিৱস পালন কৰিছিল। ১৯৫৪ চনত ৰাষ্ট্ৰসংঘই ২০ নৱেম্বৰক বিশ্ব শিশু দিৱস হিচাপে পালনৰ উদ্যোগ গ্ৰহণ কৰিছিল। কিন্তু নেহৰুৰ মৃত্যুৰ পাছত ভাৰতত ১৪ নৱেম্বৰক শিশু দিৱস হিচাপে পালন কৰাৰ পৰম্পৰা আৰম্ভ হয়।
শিশু দিৱস উপলক্ষে আজি দেশৰ বিভিন্ন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খেল-ধেমালি, সাংস্কৃতিক অনুষ্ঠান, চিত্ৰাংকন, কুইজ আৰু বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। একেদৰে বিভিন্ন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানেও দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে স্মৃতিচাৰণমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে।
শিশুসকলেই দেশৰ ভৱিষ্যৎ। তেওঁলোকৰ সুশিক্ষা, সুৰক্ষা, সুস্বাস্থ্য আৰু সৰ্বাংগীণ বিকাশৰ প্ৰতি সমাজৰ প্ৰতিগৰাকী ব্যক্তিক সচেতন কৰি তোলাৰ এক বিশেষ উপলক্ষ হিচাপে শিশু দিৱসৰ গুৰুত্ব অপৰিসীম।