গুৱাহাটী
অসমৰ জাগীৰোডৰ শিলচাঙত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছে। হাতীটোৰ মূৰত দুটা গুলীৰ আঘাতৰ চিন স্পষ্টকৈ দেখা পোৱা গৈছে, যাৰ ফলত এয়া চোৰাং চিকাৰৰ ঘটনা হ'ব পাৰে বুলি সন্দেহ ঘনীভূত হৈছে।
প্ৰাথমিক তথ্য অনুসৰি, খাদ্যৰ সন্ধানত খোলাহাট বনাঞ্চলৰ পৰা ওলাই অহাৰ সময়তে হাতীটো এই ঘটনাৰ বলি হয় বুলি জানিব পৰা গৈছে। মেঘালয়ৰ সন্দেহযুক্ত চোৰাং চিকাৰীয়ে হাতীটোক গুলীওৱা বুলি অনুমান কৰা হৈছে, যদিও ইয়াৰ মৃত্যুৰ প্ৰকৃত পৰিস্থিতি এতিয়াও স্পষ্ট হোৱা নাই।
বন বিভাগৰ বিষয়া আৰু পশু চিকিৎসকৰ এটা দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেগৈ। মৃত্যুৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবলৈ আৰু পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন আছে নে নাই সেয়া নিশ্চিত কৰিবলৈ বন বিভাগে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিছে।
দেশৰ ভিতৰতে আটাইতকৈ বেছি বনৰীয়া হাতী থকা ৰাজ্যসমূহৰ ভিতৰত অসম অন্যতম। শেহতীয়া সৰ্বভাৰতীয় ছিংক্ৰনাছ এলিফেণ্ট এষ্টিমেচনৰ ডি এন এ ভিত্তিক পিয়ল অনুসৰি, ৰাজ্যখনত আনুমানিক ৪,১৫৯ টা বনৰীয়া হাতী আছে, যিটো কৰ্ণাটকৰ পিছতে ভাৰতৰ দ্বিতীয় সৰ্বাধিক হাতীৰ সংখ্যা। আনহাতে, অসম বন বিভাগে চলোৱা এক সুকীয়া গণনাত ৫,৮২৮ টা হাতীৰ তথ্য লিপিৱদ্ধ কৰা হৈছে।
হাতীৰ সংখ্যা যথেষ্ট হোৱা সত্ত্বেও, মানুহ আৰু হাতীৰ সংঘাত ৰাজ্যখনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈয়ে আছে। অসম বিধানসভাত দাখিল কৰা চৰকাৰী তথ্য অনুসৰি, যোৱা এক দশকত সমগ্ৰ অসমতে সংঘাতজনিত ঘটনাত কমেও ১,১৪৭ জন লোক আৰু ২৪৬ টা হাতীয়ে প্ৰাণ হেৰুৱাইছে।