গুৱাহাটী
ৰাজহুৱা খণ্ডৰ আগশাৰীৰ শক্তি প্ৰতিষ্ঠান ইণ্ডিয়ান অইলে বৃহস্পতিবাৰে জনায় যে শূন্যৰ তলত ৪২ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত উষ্ণতাতো কাৰ্যক্ষম বিশেষ ‘এক্সট্ৰীম উইণ্টাৰ গ্ৰেড ডিজেল’ (এক্স ডব্লিউ জি ডিজেল)ৰ সৰ্বপ্ৰথম চালান উত্তৰ-পূবৰ সেনা গোটসমূহলৈ সফলতাৰে যোগান ধৰা হৈছে।
এক আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, বুধবাৰে ইণ্ডিয়ান অইলৰ মিছামাৰী ডিপোৰ পৰা সেনাবাহিনীৰ পূব কমাণ্ডৰ ৪ ক’ৰৰ অধীনস্থ সেনা গোটসমূহলৈ এই চালানৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। এই পদক্ষেপে উত্তৰ-পূবত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিছে।
বিজ্ঞপ্তিটোত লগতে কোৱা হয়, “বিশেষকৈ উচ্চ পাৰ্বত্য অঞ্চলত অত্যন্ত শীতল বতৰৰ পৰিস্থিতিত নিৰ্ভৰযোগ্য কাৰ্যক্ষমতা নিশ্চিত কৰাৰ উদ্দেশ্যে এই বিশেষ ইন্ধন যোগান ধৰা হৈছে।”
প্ৰথমটো চালান গ্ৰহণ কৰি ৫৭১ এ এছ চি বেটেলিয়নৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল দীপ্তি শৰ্মাই ইণ্ডিয়ান অইলৰ তৎপৰতাৰ শলাগ লয়। তেওঁ উচ্চ পাৰ্বত্য অঞ্চলৰ সীমান্তৱৰ্তী স্থানসমূহত সেনাবাহিনীৰ অভিযান পৰিচালনাৰ বাবে এই ইন্ধনৰ গুৰুত্বৰ কথা উল্লেখ কৰে।
কোম্পানীটোৱে কয়, “এই যুগান্তকাৰী পদক্ষেপে বিশেষ প্ৰয়োজনৰ উপযোগী ইন্ধন যোগান ধৰাৰ লগতে দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহক, বিশেষকৈ প্ৰত্যাহ্বানপূৰ্ণ অভিযানমূলক পৰিৱেশত, নিৰৱচ্ছিন্ন ৰছদ-পাতি আৰু পৰিবহণ সহায়তা নিশ্চিত কৰাৰ প্ৰতি ইণ্ডিয়ান অইলৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে।”