নতুন দিল্লী
যোৱা ১১ নৱেম্বৰত গুৱাহাটীৰ সমীপত কলকাতা-ছাইৰাং এক্সপ্ৰেছ ৰে'লখন লাইনচ্যুত হোৱাৰ ঘটনাৰ পাছতে ৰে'লযাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিশেষ তৎপৰতা গ্ৰহণ কৰিছে ৰে'লৱে ব'ৰ্ডে। দেশৰ সকলো ৰে'লৱে মণ্ডলক ৰে'লৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত চালকসকলে বাধ্যতামূলকভাৱে ব্ৰেক পৰীক্ষা সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
১১ নৱেম্বৰত জাৰি কৰা এক নিৰ্দেশনাত ৰে'লৱে ব'ৰ্ডে ১২ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ সকলো ৰে'লৱে মণ্ডলত বিশেষ সুৰক্ষা অভিযান চলোৱাৰ কথাও উল্লেখ কৰিছে। এই অভিযানৰ জৰিয়তে ৰে'লচালকসকলে নিৰ্ধাৰিত নিয়ম অনুসৰি ‘ব্ৰেক ফিল টেষ্ট’ আৰু ‘ব্ৰেক পাৱাৰ টেষ্ট’ সম্পন্ন কৰিছে নে নাই, সেয়া পৰীক্ষা কৰা হ’ব। পৰীক্ষাৰ সময়ত ধৰা পৰা যিকোনো অনিয়ম বা বিসংগতিৰ সবিশেষ সংগ্ৰহ কৰি ২০ নৱেম্বৰৰ ভিতৰত ৰে'লৱে ব'ৰ্ডলৈ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
উল্লেখযোগ্য যে, অসমৰ ডিগাৰু ৰে'লৱে ষ্টেচনৰ সমীপত সংঘটিত ৰে'ল দুৰ্ঘটনাটোৰ প্ৰাৰম্ভিক তদন্তত ৰে'লখনৰ মূল ব্ৰেক ব্যৱস্থাত কাৰিকৰী বিজুতি থকাৰ সম্ভাৱনা পোহৰলৈ আহিছে। ছয়জনীয়া তদন্তকাৰী দলে কৰা প্ৰাথমিক অনুসন্ধানত দেখা গৈছে যে, ৰে'লখনৰ ডবাসমূহত ব্ৰেক প্ৰয়োগৰ সৈতে জড়িত ‘বিপি এংগল কক’ নামৰ গুৰুত্বপূৰ্ণ অংশটো ইঞ্জিনত বিচ্ছিন্ন অৱস্থাত আছিল।
অৱশ্যে, মূল ব্ৰেক ব্যৱস্থাটো কোনে নিষ্ক্ৰিয় কৰিছিল অথবা ৰে'ল চলোৱাৰ পূৰ্বে চালকসকলে বাধ্যতামূলক সুৰক্ষা বিধি পালন কৰাত অৱহেলা কৰিছিল নেকি, সেই বিষয়ে প্ৰাৰম্ভিক তদন্তত এতিয়াও নিশ্চিত সিদ্ধান্তত উপনীত হ'ব পৰা নাই।
ৰে'লৱেৰ বিষয়াসকলে জনোৱা মতে, ৰে'লৱে ব'ৰ্ডৰ এই নিৰ্দেশনা কোনো নতুন নিয়ম নহয়। বৰং পূৰ্বৰে পৰা বলৱৎ হৈ থকা সুৰক্ষা বিধিসমূহ কঠোৰভাৱে পালন কৰাৰ ওপৰত পুনৰ গুৰুত্ব আৰোপ কৰা হৈছে। কলকাতা-ছাইৰাং এক্সপ্ৰেছৰ ঘটনাত এই নিয়মসমূহ যথাযথভাৱে পালন কৰা হোৱা নাছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
ৰে'লৱেৰ নিয়ম অনুসৰি, 'ব্ৰেক ফিল টেষ্ট'ৰ সময়ত প্ৰথমে ৰে'লখনৰ গতিবেগ ঘণ্টাত প্ৰায় ১৫ কিলোমিটাৰলৈ নিয়া হয়। তাৰ পাছত চালকে 'এ-৯' নামেৰে পৰিচিত মূল ব্ৰেক ব্যৱস্থাৰ সহায়ত ব্ৰেক প্ৰয়োগ কৰে। এই সময়ত ৰে'লখনৰ গতিবেগ ঘণ্টাত প্ৰায় ১০ কিলোমিটাৰলৈ হ্ৰাস পাব লাগে। ইয়াৰ জৰিয়তে ব্ৰেক ব্যৱস্থাটোৱে সঠিকভাৱে কাম কৰিছে নে নাই, সেয়া নিশ্চিত কৰা হয়।
আনহাতে, 'ব্ৰেক পাৱাৰ টেষ্ট'ৰ ক্ষেত্ৰত যাত্ৰীবাহী ৰে'লৰ গতিবেগ প্ৰথমে ঘণ্টাত ৬০ৰ পৰা ৭০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হয়। তাৰ পাছত ব্ৰেক প্ৰয়োগ কৰি গতিবেগ ঘণ্টাত ৩০ৰ পৰা ৩৫ কিলোমিটাৰলৈ হ্ৰাস কৰা হয়। মালবাহী ৰে'লৰ ক্ষেত্ৰত প্ৰথমে গতিবেগ ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰি ব্ৰেকৰ সহায়ত ২০ৰ পৰা ২৫ কিলোমিটাৰলৈ কমোৱা হয়।
ৰে'লৱে ব'ৰ্ডে এই দুয়োটা পৰীক্ষা সম্পন্ন কৰাৰ ক্ষেত্ৰত সহকাৰী লোকো পাইলটৰ দায়িত্বৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে। নিৰ্ধাৰিত নিয়ম অনুসৰি দুয়োটা পৰীক্ষা সম্পন্ন হৈছে নে নাই, সেয়া নিশ্চিত কৰাৰ লগতে প্ৰয়োজন অনুসৰি মূল চালকক সোঁৱৰাই দিয়াটো সহকাৰী লোকো পাইলটৰ দায়িত্ব। তদুপৰি, পৰীক্ষাৰ সময়ত ব্ৰেক ব্যৱস্থাৰ কাৰ্যক্ষমতাও তেওঁ নিজাববীয়াকৈ নিৰীক্ষণ কৰিব লাগিব।
ইফালে, ৰে'লৱেৰ একাংশ সূত্ৰই প্ৰকাশ কৰা মতে, গুৱাহাটীত ইঞ্জিনৰ দায়িত্ব হস্তান্তৰৰ সময়ত হোৱা সম্ভাব্য যোগাযোগৰ অভাৱৰ বাবেই ‘বিপি এংগল কক’ বিচ্ছিন্ন হৈ থাকিব পাৰে।
পূৰ্বতে কলকাতা-ছাইৰাং এক্সপ্ৰেছৰ ইঞ্জিন গুৱাহাটীত নিয়মীয়াকৈ সলনি কৰা হৈছিল। সেই সময়ত বৈদ্যুতিক ইঞ্জিন আঁতৰাই ডিজেল ইঞ্জিন সংযোগ কৰা হৈছিল। এই প্ৰক্ৰিয়াত ষ্টেচনৰ কৰ্মচাৰীসকলে ‘বিপি এংগল কক’ বিচ্ছিন্ন কৰিছিল।
কিন্তু শেহতীয়াকৈ সংশ্লিষ্ট ৰে'লপথত বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত গুৱাহাটীত ইঞ্জিন সলনি কৰাৰ ব্যৱস্থা বন্ধ কৰা হয়। ফলত বৈদ্যুতিক ইঞ্জিনেই গুৱাহাটীৰ পাছতো ৰে'লখনৰ যাত্ৰা অব্যাহত ৰাখিবলৈ আৰম্ভ কৰে।
ৰে'লৱেৰ এগৰাকী বিষয়াই জনোৱা মতে, ইঞ্জিন সলনি কৰাৰ পূৰ্বৰ ব্যৱস্থা বন্ধ কৰাৰ সময়ত ‘এংগল কক’ বিচ্ছিন্ন কৰাৰ দায়িত্বত থকা কৰ্মচাৰীগৰাকী ছুটীত আছিল। ১১ নৱেম্বৰত তেওঁ পুনৰ কৰ্তব্যত যোগদান কৰি পূৰ্বৰ নিয়ম অনুসৰিয়েই ‘এংগল কক’ বিচ্ছিন্ন কৰা বুলি জানিব পৰা গৈছে। বৈদ্যুতিক ইঞ্জিনটোৱেই যে গুৱাহাটীৰ পাছতো ৰে'লখন চলাই নিব, সেই বিষয়ে কৰ্মচাৰীগৰাকী অৱগত নাছিল বুলি সন্দেহ কৰা হৈছে।
আনহাতে, সংশ্লিষ্ট বিষয়াগৰাকীয়ে আশংকা প্ৰকাশ কৰা মতে, ৰে'লচালকসকলে হয়তো নিৰ্ধাৰিত ব্ৰেক পৰীক্ষা সম্পন্ন কৰা নাছিল অথবা ব্ৰেকৰ কাৰ্যক্ষমতা পৰীক্ষাৰ সময়ত মূল ‘এ-৯’ ব্ৰেক ব্যৱস্থাৰ লগতে ‘ৰিজেনেৰেটিভ ব্ৰেকিং’ ব্যৱস্থাৰো সহায় লৈছিল।
ফলস্বৰূপে, ৰে'লখন লুপ লাইনৰ সমীপত ৰখাবলৈ চেষ্টা কৰাৰ সময়তহে মূল ব্ৰেক ব্যৱস্থাটোৱে কাম নকৰাৰ কথা চালকসকলৰ দৃষ্টিগোচৰ হৈছিল বুলি আশংকা কৰা হৈছে। এই পৰিস্থিতিয়েই ৰে'লখন লাইনচ্যুত হোৱাৰ অন্যতম কাৰণ হ’ব পাৰে বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰে।
অৱশ্যে, এই সকলোবোৰ এতিয়াও তদন্তৰ আওঁতাত থকা সম্ভাব্য কাৰণহে। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ, কাৰিকৰী বিজুতি আৰু কৰ্তব্য পালনত কোনো ধৰণৰ গাফিলতি হৈছিল নেকি, সেই বিষয়ে তদন্ত অব্যাহত আছে।
ৰে'লযাত্ৰীৰ জীৱনৰ সুৰক্ষাৰ সৈতে জড়িত এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ ৰে'লৱে কৰ্তৃপক্ষই সুৰক্ষা বিধি কঠোৰভাৱে পালন কৰাৰ লগতে প্ৰতিটো যাত্ৰাৰ পূৰ্বে ব্ৰেক ব্যৱস্থাৰ নিৰ্ভৰযোগ্যতা নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।