কূটনৈতিক মতানৈক্যৰ মাজতো বাংলাদেশৰ সৈতে ইতিবাচক আৰু গঠনমূলক সম্পৰ্ক বজাই ৰাখিব বিচাৰে ভাৰতে

Story by  atv | Posted by  Munni Begum • 6 h ago
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱাল
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱাল
 
নতুন দিল্লী
 
ভাৰত আৰু বাংলাদেশৰ মাজত অব্যাহত থকা কূটনৈতিক মতানৈক্যৰ মাজতে বাংলাদেশৰ সৈতে ইতিবাচক, গঠনমূলক আৰু ভৱিষ্যৎমুখী সম্পৰ্ক বজাই ৰখাৰ আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে। দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিপাক্ষিক কনছুলাৰ আলোচনা সাময়িকভাৱে স্থগিত ৰখাৰ পাছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই স্থিতি স্পষ্ট কৰিছে।
 
সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি, যোৱা ৫ আগষ্টত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নতুন দিল্লীত এক ভাৰ্চুৱেল সংবাদমাধ্যমৰ মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছতে দুয়োখন দেশৰ সম্পৰ্কত পুনৰ উত্তেজনাৰ সৃষ্টি হয়। ইয়াৰ মাজতে অহা সপ্তাহত অনুষ্ঠিত হ’বলগীয়া দ্বিপাক্ষিক কনছুলাৰ আলোচনা পিছুৱাই দিয়া হৈছে। 
 
শুকুৰবাৰে নিয়মীয়া সংবাদমেলত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, ভাৰতে বাংলাদেশৰ সৈতে এক ইতিবাচক, গঠনমূলক আৰু ভৱিষ্যৎমুখী সম্পৰ্ক গঢ়ি তুলিবলৈ বিচাৰে। 
 
তেওঁ লগতে উল্লেখ কৰে যে, এই লক্ষ্যৰে দুয়োখন দেশৰ মাজত বাণিজ্য, ৰে'লপথ, জলসম্পদ আৰু সীমান্ত ব্যৱস্থাপনাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত পূৰ্বৰে পৰা থকা দ্বিপাক্ষিক ব্যৱস্থাৰ অধীনত আলোচনা আৰু বৈঠক অনুষ্ঠিত কৰা হৈছে।
 
জয়ছোৱালে জনোৱা মতে, সংশোধিত যাতায়াত ব্যৱস্থাৰ সৈতে জড়িত বিষয়সমূহো সামৰি ল’বলগীয়া পৰৱৰ্তী কনছুলাৰ আলোচনা দুয়োখন দেশৰ বাবে সুবিধাজনক সময়ত অনুষ্ঠিত কৰা হ’ব। 
 
তেওঁ কয় যে কাৰিকৰী পৰ্যায়কে ধৰি বিদ্যমান দ্বিপাক্ষিক ব্যৱস্থাসমূহৰ জৰিয়তে বাংলাদেশৰ সৈতে সকলো পাৰস্পৰিক বিষয় আলোচনা কৰিবলৈ ভাৰত সদায় সাজু আছে।
 
ইফালে, প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছতে বাংলাদেশ চৰকাৰে তেওঁক স্বদেশলৈ প্ৰত্যৰ্পণ কৰাৰ দাবী পুনৰ উত্থাপন কৰে। অৱশ্যে ভাৰত চৰকাৰে উক্ত অনুষ্ঠানৰ সৈতে নিজৰ কোনো সম্পৰ্ক নথকাৰ কথা স্পষ্ট কৰি দিয়ে। নতুন দিল্লীয়ে অনুষ্ঠানটো আয়োজন কৰাত কোনো ভূমিকা গ্ৰহণ কৰা নাছিল আৰু হাছিনাই প্ৰকাশ কৰা মন্তব্যসমূহকো সমৰ্থন জনোৱা নাছিল বুলি ভাৰতীয় পক্ষই জানিবলৈ দিয়ে।
 
বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ঢাকাৰ মতে, দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত পৰিব পৰা সম্ভাব্য প্ৰভাৱৰ বিষয়ে পূৰ্বেই নতুন দিল্লীক উদ্বেগ অৱগত কৰোৱাৰ পাছতো এনে অনুষ্ঠান অনুষ্ঠিত হ’বলৈ দিয়াটো অসন্তোষজনক।
 
উল্লেখযোগ্য যে, ২০২৪ চনৰ আগষ্ট মাহত বাংলাদেশত ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত সংঘটিত ব্যাপক প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ মাজতে তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ক্ষমতাচ্যুত হৈছিল। পিটিআইৰ তথ্য অনুসৰি, সেই বছৰৰ ৫ আগষ্টত ঢাকা ত্যাগ কৰি ভাৰতত আশ্ৰয় লোৱা ৭৮ বছৰীয়া হাছিনা তেতিয়াৰে পৰা ভাৰততে বসবাস কৰি আছে।
 
ইয়াৰ মাজতে ভাৰত-বাংলাদেশৰ সম্পৰ্কত চলি থকা মতানৈক্য দূৰ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰেক ৰহমানক দ্বিপাক্ষিক ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল। লগতে ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ বিশেষ অধিৱেশনতো অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। 
 
কিন্তু তাৰেক ৰহমানে উক্ত সন্মিলনত অংশগ্ৰহণ নকৰিলে। তেওঁ অদূৰ ভৱিষ্যতে ভাৰত ভ্ৰমণ কৰিব নে নাই, সেই বিষয়েও এতিয়ালৈকে কোনো স্পষ্ট তথ্য প্ৰকাশ পোৱা নাই।
 
আনহাতে, শ্বেখ হাছিনাক বাংলাদেশলৈ প্ৰত্যৰ্পণ কৰাৰ বাবে ঢাকাই বাৰে বাৰে উত্থাপন কৰা দাবী সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, বিষয়টো আইনী প্ৰক্ৰিয়াৰ সৈতে জড়িত। সেয়েহে প্ৰচলিত আইন আৰু নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰিয়েই বিষয়টো বিবেচনা কৰা হ’ব।
 
কূটনৈতিক মতানৈক্য অব্যাহত থাকিলেও বাংলাদেশৰ সৈতে আলোচনা আৰু সহযোগিতাৰ পথ মুকলি ৰাখিব বিচাৰে ভাৰতে। দুয়োখন দেশৰ মাজত থকা বিদ্যমান ব্যৱস্থাৰ জৰিয়তে পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে নতুন দিল্লীয়ে।
 
ইফালে, সাময়িকভাৱে স্থগিত ৰখা দ্বিপাক্ষিক কনছুলাৰ আলোচনা দুয়োপক্ষৰ সন্মতিক্ৰমে সুবিধাজনক সময়ত পুনৰ অনুষ্ঠিত কৰা হ’ব বুলি ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰিছে।