নতুন দিল্লী
জামাত-উল-মুজাহিদীন বাংলাদেশ (জেএমবি)ৰ অসম মডিউলৰ ইমাম মাহমুদৰ কাফিলা (আইএমকে)ৰ সৈতে জড়িত এক সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ গোচৰত অসম, পশ্চিমবংগ আৰু কেৰালামৰ ১৬টা স্থানত তালাচী চলাইছে ৰাষ্ট্ৰীয় তদন্ত সংস্থা (নিয়া)ই।
১৬ টা স্থানৰ ভিতৰত অসমত ১০ টা, পশ্চিম বংগৰ ৫ টা স্থান আৰু কেৰালামৰ এটা স্থানত তালাচী চলোৱা হৈছে। আই এম কেৰ দ্বাৰা পৰিচালিত সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ সৈতে জড়িত ১১ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ তিনি মাহৰ পাছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ইয়াৰ পিছতে গুৱাহাটীৰ এন আই এৰ বিশেষ আদালতত দাখিল কৰা অভিযোগনামাত ভাৰতীয় ন্যায় সংহিতা, ২০২৩ আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ৰ বিভিন্ন ধাৰাত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হয়।
এন আই এৰ তদন্তত পশ্চিম বংগ আৰু অসম আৰু ত্ৰিপুৰাকে ধৰি ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত সন্ত্ৰাসবাদী সংগঠনটোৰ সন্ত্ৰাসবাদী মতাদৰ্শ সম্প্ৰসাৰণৰ ষড়যন্ত্ৰত অভিযুক্তসকল সক্ৰিয়ভাৱে জড়িত হৈ থকাৰ তথ্য প্ৰকাশ পাইছিল।
এই ষড়যন্ত্ৰৰ ভিতৰত আছিল সন্ত্ৰাসবাদী সংগঠনটোৰ উগ্ৰপন্থী এজেণ্ডাৰ প্ৰচাৰ, দুৰ্বল যুৱক-যুৱতীসকলক উগ্ৰপন্থাত জড়িত কৰোৱা, ভাৰতত সংগঠনটোৰ নেটৱৰ্ক সম্প্ৰসাৰণ আদি।
'নিয়া'ৰ তদন্তত দেখা গৈছে যে, জে বি এমৰ জ্যেষ্ঠ সদস্য ইমাম মাহমুদ হাবিবুল্লাই ভাৰতৰ মাটিত নিষিদ্ধ সংগঠনটোৰ কুৎসিত এজেণ্ডাক প্ৰচাৰৰ বাবে আই এম কে স্থাপন কৰিছিল।
এন আই এৰ তদন্তত আৰু প্ৰকাশ পাইছিল যে, অভিযোগনামা দাখিল কৰা ১১ জন অভিযুক্তই গোপন বৈঠক, ধৰ্মীয় মতবাদ কাৰ্যসূচী, উগ্ৰবাদী সাহিত্য প্ৰচাৰ, ভাৰত বিৰোধী অপপ্ৰচাৰৰ বাবে ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰৰ জৰিয়তে ভাৰতত আই এম কে/জে বি এমৰ উপস্থিতি বৃদ্ধিৰ ষড়যন্ত্ৰ কৰিছিল। আই এম কে/জে এম বিৰ নেতৃত্বৰ প্ৰতি আনুগত্যৰ প্ৰচাৰ কৰিছিল।
অভিযোগনামা দাখিলৰ মূল অভিযুক্ত দুজন হৈছে অসমত আই এম কেৰ কাৰ্যকলাপৰ নেতৃত্ব দিয়া নাচিমুদ্দিন আৰু ত্ৰিপুৰাত সংগঠনটোৰ নেতৃত্ব দিয়া জাগীৰ মিঞা।তদন্তৰ সময়ছোৱাত এন আই এই অভিযোগনামা দাখিল কৰা নথি-পত্ৰ, ইলেক্ট্ৰনিক ডিভাইচ আৰু ডিজিটেল ৰেকৰ্ডৰ ট্ৰেইল উন্মোচন কৰিছে৷