এফ বি আইৰ শীৰ্ষ দহ মষ্ট ৱাণ্টেড তালিকাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ: সন্ধান যোগান ধৰোতালৈ এক মিলিয়ন ডলাৰ

Story by  atv | Posted by  Munni Begum • 46 m ago
গেংষ্টাৰ গোল্ডি ব্ৰাৰ
গেংষ্টাৰ গোল্ডি ব্ৰাৰ
 
ৱাশ্বিংটন ডিচি
 
আমেৰিকাৰ তদন্তকাৰী সংস্থা এফ বি আয়ে গেংষ্টাৰ গোল্ডি ব্ৰাৰক শীৰ্ষ ১০ টা মষ্ট ৱাণ্টেড তালিকাত অন্তৰ্ভুক্ত কৰিছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা তথ্য যোগান ধৰোতালৈ ১ নিযুত মাৰ্কিন ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছে৷
 
গোল্ডি ব্ৰাৰে দক্ষিণ কেলিফৰ্ণিয়া আৰু সমগ্ৰ আমেৰিকা আৰু কানাডাত লৰেন্স বিষ্ণৈ অৰ্গেনাইজড ক্ৰাইম গ্ৰুপৰ মূল পৰিচালক হিচাপে কাম কৰি আহিছে।
 
ফেডাৰেল ব্যুৰ' অৱ ইনভেষ্টিগেচনে (এফ বি আই) সোমবাৰে (স্থানীয় সময় অনুসৰি) জাৰি কৰা জাননী অনুসৰি আমেৰিকা আৰু কানাডাৰ বহু হিংসাত্মক অপৰাধৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হোৱা লৰেন্স বিষ্ণৈ অৰ্গেনাইজড ক্ৰাইম গ্ৰুপৰ উত্তৰ আমেৰিকাৰ নেতা হিচাপে লোৱা ভূমিকাৰ বাবে সত্যিন্দৰজিৎ সিং ওৰফে গোল্ডি ব্ৰাৰক বিচৰা হৈছে৷
 
এফ বি আয়ে বিবৃতিত উল্লেখ কৰিছে, “তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা তথ্য দিওতালৈ ১ নিযুত ডলাৰৰ পুৰস্কাৰ দিয়া হ’ব৷” এফ বি আয়ে লগতে কয় যে এই অপৰাধী চক্ৰটোৱে ‘ৰাজনৈতিক আৰু ধৰ্মীয় ব্যক্তিৰ হত্যা, গুলীচালনা, হত্যা, অপহৰণ, ধন দাবী, আক্ৰমণ, ড্ৰাগছ আৰু অস্ত্ৰ সৰবৰাহকে ধৰি কেইবাটাও গুৰুতৰ হিংসাত্মক অপৰাধৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আহিছে৷ 
 
আমেৰিকাৰ বিষয়াসকলৰ মতে, গোল্ডি ব্ৰাৰ বৰ্তমান আমেৰিকাত আছে আৰু সমগ্ৰ উত্তৰ আমেৰিকাত ছিণ্ডিকেটৰ কাৰ্যকলাপ চোৱাচিতা কৰে৷ এফ বি আইৰ জাননী অনুসৰি লছ এঞ্জেলছৰ আমেৰিকাৰ জিলা আদালতে গোল্ডি ব্ৰাৰৰ বাবে ফেডাৰেল গ্ৰেপ্তাৰৰ পৰোৱানাও জাৰি কৰিছে৷
 
তেওঁৰ বিৰুদ্ধে ধন দাবী, বাণিজ্যত হস্তক্ষেপ, নিয়ন্ত্ৰিত পদাৰ্থ বিতৰণৰ উদ্দেশ্যেৰে ৰখাৰ ষড়যন্ত্ৰ আদি কেইবাটাও গুৰুতৰ অভিযোগৰ উত্থাপিত হৈছে৷
 
এফ বি আইৰ ৱাণ্টেড প্ৰতিবেদনত পলাতক ‘গোল্ডি ব্ৰাৰ’, সত্যিন্দৰজিৎ সিং ব্ৰাৰ, সতীন্দৰ জিৎ আৰু সতীন্দৰ জীৎ সিং ব্ৰাৰ বুলি কেইবাটাও নাম উল্লেখ কৰা হৈছে৷ ব্যুৰোটোৱে প্ৰকাশ কৰা প্ৰফাইল ৰেকৰ্ড অনুসৰি সিঙৰ জন্ম ভাৰতৰ পঞ্জাৱত আৰু তেওঁ পাঞ্জাবী আৰু ইংৰাজী দুয়োটাতে বাৰ্তালাপ কৰে৷
 
এফ বি আয়ে কয় যে, পলাতকটোৰ কেলিফৰ্ণিয়াৰ চেক্ৰেমেণ্টো আৰু ফ্ৰেছনোৰ লগতে কানাডা, ভাৰত আৰু মেক্সিকোত সক্ৰিয় নেটৱৰ্ক আৰু কাৰ্যকৰী সম্পৰ্ক আছে৷ ৰাজহুৱা পৰামৰ্শ জাৰি কৰি এফ বি আয়ে সত্যিন্দৰজিৎ সিঙক অস্ত্ৰধাৰী আৰু বিপজ্জনক বুলি গণ্য কৰা উচিত আৰু তেওঁ পলায়নৰ সম্ভাৱনা আছে বুলি সকীয়াই দিয়ে৷
 
গোল্ডি ব্ৰাৰক পঞ্জাবী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰি, তেওঁৰ বিৰুদ্ধে কানাডাত খালিস্তানী বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ সৈতেও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। ভাৰত চৰকাৰেও ইতিপূৰ্বে গোল্ডি ব্ৰাৰক বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA)ৰ অধীনত সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰি থৈছে ।