৫ জন পাকিস্তানী নাগৰিকসহ ৩ হাজাৰ কোটিৰ ৫২৬ কেজি নিচাজাতীয় দ্ৰব্যৰ জব্দ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুজৰাট
 
ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে (Indian Coast Guard) গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী স্কোৱাড (ATS)-ৰ সহযোগত আৰব সাগৰত লক্ষদ্বীপৰ পশ্চিম দিশত এখন ইৰাণী ধৌ (Dhow) নাও আটক কৰি প্ৰায় ৫২৬ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী জব্দ কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই নিচাজাতীয় সামগ্ৰীৰ মূল্য ৩,০০০ কোটি টকাৰো অধিক বুলি বিষয়াসকলে জানিবলৈ দিছে।
 
বিষয়াসকলৰ মতে, ২৫ ছেপ্টেম্বৰত লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল। উপকূলৰক্ষী বাহিনীৰ মতে, জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ ভিতৰত হেৰ’ইন আৰু মেথামফেটামিন আছিল। অভিযানৰ সময়ত নাওখনত থকা পাঁচজন পাকিস্তানী নাগৰিককো আটক কৰা হয়।  
 
উপকূলৰক্ষী বাহিনীয়ে জানিবলৈ দিয়া মতে, তেওঁলোকৰ জোৱানসকলে সাগৰ আৰু আকাশপথেৰে সমন্বিতভাৱে নিৰীক্ষণ চলাই সন্দেহজনক নাওখনৰ গতিবিধি অনুসৰণ কৰে। ইয়াৰ পিছত নাওখনৰ পিছে পিছে খেদি গৈ অৱশেষত তাত উঠি তালাচী চলোৱা হয়।
 
পিছত আটক কৰা লোককেইজন, নাওখন আৰু জব্দ কৰা নিচাজাতীয় সামগ্ৰীসমূহ কটকটীয়া নিৰাপত্তাৰ মাজেৰে মুম্বাইলৈ লৈ যোৱা হয়। তাত যৌথভাৱে জেৰা আৰু পৰৱৰ্তী আইনী প্ৰক্ৰিয়া চলোৱা হ’ব। 
 
গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডৰ সৈতে সমন্বয় কৰি এই অভিযান চলোৱা হৈছিল। আন্তঃৰাষ্ট্ৰীয় পৰিসৰত সাগৰীয় পথ ব্যৱহাৰ কৰি নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা সন্দেহজনক নেটৱৰ্ক চিনাক্ত আৰু ব্যাহত কৰাৰ উদ্দেশ্যে এই অভিযান চলোৱা হয়।
 
সাগৰীয় পথৰ জৰিয়তে নিচাজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ ৰোধ কৰিবলৈ ভাৰতীয় সামুদ্ৰিক আৰু আইন-শৃংখলা বাহিনীয়ে চলাই থকা ধাৰাবাহিক অভিযানৰ মাজতে এই বৃহৎ জব্দৰ ঘটনা সংঘটিত হৈছে।
 
ইয়াৰ পূৰ্বেও ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাট সন্ত্ৰাসবাদ বিৰোধী স্কোৱাড আৰু অন্যান্য সংস্থাৰ সৈতে যৌথভাৱে অভিযান চলাই অবৈধ নিচাজাতীয় সামগ্ৰী কঢ়িয়াই নিয়া সন্দেহযুক্ত নাও আটক কৰিছে।
 
উপকূলৰক্ষী বাহিনীৰ চৰকাৰী তথ্য অনুসৰি, ২০২৫ চনৰ এপ্ৰিল মাহতো গুজৰাট সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডৰ সৈতে যৌথ অভিযান চলাই গুজৰাটৰ উপকূলৰ ওচৰত ৩০৭.৫ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছিল।
 
আৰব সাগৰৰ সাগৰীয় পথসমূহত বিগত সময়ছোৱাত ভাৰতীয় বিভিন্ন সংস্থাই কেইবাটাও নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান চলাই আহিছে। এনে অভিযানত চোৰাং সৰবৰাহৰ বিষয়ে লাভ কৰা গোপন তথ্য, নাওসমূহৰ ওপৰত নিৰীক্ষণ আৰু সাগৰীয় তথা স্থলভিত্তিক আইন-শৃংখলা বাহিনীৰ মাজত সমন্বয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। 
 
উপকূলৰক্ষী বাহিনীয়ে কয় যে, এই শেহতীয়া অভিযানৰ জৰিয়তে ভাৰতীয় জলসীমাত নজৰদাৰী অধিক শক্তিশালী কৰা আৰু অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত বাহিনীয়ে গ্ৰহণ কৰা পদক্ষেপসমূহ প্ৰতিফলিত হৈছে। জব্দ কৰা নিচাজাতীয় সামগ্ৰী আৰু আটক কৰা লোকসকলক অধিক তদন্ত আৰু আইনী ব্যৱস্থাৰ বাবে মুম্বাইলৈ লৈ যোৱা হৈছে। 


শেহতীয়া খবৰ