নাইম ​​খানঃ যোগৰ সৈতে ইছলামিক মূল্যবোধক একত্ৰিত কৰা এজন ব্যক্তি

Story by  atv | Posted by  Munni Begum • 2 h ago
 যোগগুৰু নাইম খান
যোগগুৰু নাইম খান
 
মহম্মদ ফাৰহান ইজৰাইলী/জয়পুৰ
 
এগৰাকী সাধাৰণ ব্যক্তিৰ পৰা এগৰাকী গোলকীয় স্তৰৰ যোগগুৰুলৈ নাইম খানৰ ৰূপান্তৰ হৈছে দৃষ্টিভংগী, সাহস, আৰু আভ্যন্তৰীণ জাগৰণৰ এক শক্তিশালী কাহিনী। তেওঁ যোগক ধৰ্ম, সংস্কৃতি আৰু সীমা অতিক্ৰম কৰা সাৰ্বজনীন শক্তি হিচাপে উপস্থাপন কৰিছে। 
 
ৰাজস্থানৰ সাংস্কৃতিক হৃদপিণ্ড যোধপুৰত জন্মগ্ৰহণ কৰা নাইমৰ আধ্যাত্মিক যাত্ৰা আৰম্ভ হৈছিল যেতিয়া মঠৰ জীৱনক আকোৱালি লোৱা এজন পুৰণি বন্ধুৱে তেওঁক শক্তি আৰু প্ৰকৃতিৰ মাজত শিপাই থকা দৰ্শনৰ সৈতে পৰিচয় কৰাই দিছিল।
 
যোগগুৰু নাইম খানে যোগ সাধনা কৰা এক দৃশ্য
 
বন্ধুৰ আশ্ৰমত শান্তিপূৰ্ণভাৱে মেকুৰী, টিকটিকি, চৰাইৰ সহাৱস্থান দেখি নাইম আচৰিত হৈ পৰিল। তেওঁক কোৱা হৈছিল যে জীৱ-জন্তুবোৰে এটা সুৰক্ষামূলক “শক্তি”ৰ প্ৰভাৱত বাস কৰে। সেই মুহূৰ্তটোৱে তেওঁৰ মাজত এক গভীৰ কৌতুহল আৰু আত্ম-আৱিষ্কাৰৰ বীজ ৰোপন কৰিলে। আন এজন ঘনিষ্ঠ বন্ধু মনীষ গোৱালে তেওঁক বাবা ৰামদেৱৰ Asana, Pranayama, Mudra and Bandha নামৰ গ্ৰন্থখন উপহাৰ দি নাইমৰ যোগ যাত্ৰাৰ আৰম্ভণি কৰে। 
 
কিংবদন্তি বি কে এছ আয়েংগাৰৰ শিষ্য গুৰু কৰুণাকাৰজীৰ অধীনত তেওঁ মাংগালুৰুত চিকিৎসা যোগ (medical yoga)ৰ অধ্যয়ন কৰে। অনুশাসিত অনুশীলনৰ জৰিয়তে নাইমে কেৱল মানসিক শান্তি পোৱাই নহয়, নিজৰ জীৱনৰ এক স্পষ্ট উদ্দেশ্যও আৱিষ্কাৰ কৰিছিল।
 
২০১৩ চনত যোধপুৰৰ ঐতিহাসিক মেহৰনগড় দুৰ্গত তেওঁৰ যোগাসন বিদ্যালয় কৰ্ম ৱৰ্ল্ড (Karma World) প্ৰতিষ্ঠা কৰে। কেৱল যোগ শিক্ষণৰ কেন্দ্ৰতকৈও অধিক, ই ভাৰতীয় সংস্কৃতি, সংগীত, শিল্প, আৰু মাইণ্ডফুলনেছৰ সংগমস্থলীলৈ বিকশিত হৈছে। ভাৰত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক কৰ্ম ৱৰ্ল্ডলৈ আহে, য’ত যোগগুৰু নাইম খান আৰু তেওঁৰ পুত্ৰ যোগগুৰু নৌদ খানে মানুহৰ শৰীৰ আৰু মনৰ আভ্যন্তৰীণ ভাৰসাম্য পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে ৯০ মিনিটৰ আসন, প্ৰাণায়াম, ধ্যান প্ৰশিক্ষণ দিয়ে।
 
আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ সৈতে যোগগুৰু নাইম খান
 
নাইম খানে সমগ্ৰ জাৰ্মানী, ফ্ৰান্স, ছুইজাৰলেণ্ড, ছিংগাপুৰ, ছৌদি আৰব, মালয়েছিয়া, আৰু ডুবাইত যোগ কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু যোগাসনক এক ধৰ্মীয় অনুশীলন নহয়, বৈজ্ঞানিক প্ৰক্ৰিয়া হিচাপে উপস্থাপন কৰিছে। ২০১৩ চনত তেওঁ মেহৰনগড় দুৰ্গত প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ আৰু সংগীত মহোৎসৱৰ আয়োজন কৰে, য’ত আগশাৰীৰ যোগৰ মাষ্টাৰ আৰু পৰিবেশন শিল্পীসকলে অংশগ্ৰহণ কৰে। ২০১৫ চনত জাৰ্মানীত তেওঁক "প্ৰথম মুছলমান যোগ গুৰু" হিচাপে সন্মানিত কৰা হয়।
 
ইয়াৰ দুবছৰৰ পাছত ২০১৭ চনত ইউৰোপৰ প্ৰতিষ্ঠিত একাডেমী অৱ কালচাৰ এন ডব্লিউ আৰয়ে তেওঁক বক্তৃতা দিবলৈ আৰু ভাৰতীয় যোগ আৰু আধ্যাত্মিকতাৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰিবলৈ আমন্ত্ৰণ জনায়। তেওঁ চক্ৰ হিলিং, ধ্যান আৰু চকুত পটি বান্ধি যোগাসন কৰি আন্তঃৰাষ্ট্ৰীয় সাধকসকলক স্পষ্টতা, একাগ্ৰতা আৰু শক্তিৰ গভীৰ অভিজ্ঞতা প্ৰদান কৰিছিল।
 
নাইম খানৰ বাবে যোগ শাৰীৰিক ব্যায়ামৰ তুলনাত বহু বেছি—এয়া আত্মাৰ অনুশাসন। তেওঁ প্ৰায়ে কয়, “যোগে জীৱনৰ পৰা বিষ আঁতৰাই শক্তি, উৎসাহ আৰু ভাৰসাম্যৰে ভৰাই তোলে। যোগৰ সামাজিক প্ৰাসংগিকতা গভীৰ কৰিবলৈ তেওঁ পবিত্ৰ ৰমজান মাহত "ৰোজা ম্যে যোগ" অভিযান আৰম্ভ কৰিছিল।একেদৰে, তেওঁ মৌলানা আজাদ বিশ্ববিদ্যালয়ৰ উপবাসী ব্যক্তিসকলক শ্বাস-প্ৰশ্বাসৰ ব্যায়াম আগবঢ়াইছিল। তেওঁ কৈছিল, “সঠিক উশাহ-নিশাহ ল’লে ভাগৰ দূৰ হয় আৰু শৰীৰলৈ সতেজতা আহে, আনকি উপবাসৰ সময়তো।”
 
যোগগুৰু নাইম খানে বিদেশী স্থানীয় লোকক যোগ শিকোৱা এক দৃশ্য
 
২০২৫ চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত নাইম খান আৰু তেওঁৰ পুত্ৰই বিশ্ববিদ্যালয় আৰু কৰ্ম যোগ জীৱন ট্ৰাষ্টৰ সৈতে অংশীদাৰিত্বৰে এক বিশেষ অনুষ্ঠান আয়োজন কৰে। শ শ লোকে হস্ত উত্তৰাসন, শশংকাসন, ভূজংগাসন, মেৰুদণ্ডাসন, নাড়ী শোধন প্ৰাণায়াম, ভ্ৰামৰী, মকৰাসন আদি আসন শিকিবলৈ উপস্থিত হৈছিল। সকলোৰে লক্ষ্য আছিল ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু মানসিক স্থিৰতা শক্তিশালী কৰা।
 
নাইম খানৰ মিছন সুস্থতাৰ বাহিৰলৈও বিস্তৃত হৈ আছে। তেওঁ ভাৰতীয় হস্তশিল্প, পৰিৱেশ অনুকূল প্ৰথা, সাংস্কৃতিক আদান-প্ৰদানৰ প্ৰচাৰ কৰে। ৰাজস্থানৰ মৰুভূমি অঞ্চলত বিদেশী গছৰ ঠাইত থলুৱা উদ্ভিদ প্ৰজাতিৰ ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছে আৰু ইউৰোপ, আমেৰিকা, আফ্ৰিকাৰ শিল্পীসকলৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ আয়োজন কৰিছে।
 
সংগীত তেওঁৰ তেজত আছিল। তেওঁৰ ককাক উস্তাদ উমৰ্দিন খান যোধপুৰ ৰাজপৰিয়ালৰ দৰবাৰী সংগীতজ্ঞ আছিল আৰু তেওঁৰ মাতৃৰ ফালৰ ককাক পদ্ম ভূষণ উস্তাদ চুলতান খানে দ্য বিটলছ আৰু জৰ্জ হেৰিছনৰ দৰে বিশ্বব্যাপী আইকনৰ সৈতে ছাৰদ বজাইছিল। অৱশ্যে সময় সলনি হোৱাৰ লগে লগে তেওঁলোকৰ পৰিয়ালটোৰ মাজত সংগীত ম্লান হৈ পৰে। তেওঁৰ পিতৃ নিজামুদ্দিন খানে সমাজসেৱাৰ সৈতে জড়িত আছিল আৰু শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰিছিল। নাইম ​​আৰু তেওঁৰ ভাতৃয়ে প্ৰথমে কুৱেইট, ছৌদি আৰব, আৰু ডুবাইত ব্যৱসায়িক ক্ষেত্ৰত নামিছিল।
 
কিন্তু এটা ব্যক্তিগত ক্ষতিৰ সৈতে তেওঁৰ জীৱনলৈ আহিছিল এটা টাৰ্নিং পইণ্ট। নাইম খানৰ মৰমৰ ককাক উস্তাদ নাছিৰ খান আৰু তাৰ পিছত আইতাকৰ আকস্মিকভাৱে মৃত্যু হৈছিল। তেওঁৰ আইতাক আছিল এগৰাকী প্ৰখ্যাত আয়ুৰ্বেদিক চিকিৎসক আৰু ধাত্ৰী। এইবোৰ ঘটনাই নাইমৰ ভিতৰৰ পৰা জোকাৰি গৈছিল। শোকত বিচলিত হোৱা নাইম খানে শ্লিপিং পিল খাই অথবা ধৰ্মীয় গ্ৰন্থ অধ্যয়ন কৰিও কোনো সান্ত্বনা পোৱা নাছিল। তেওঁ কয়, “সকলো ধৰ্মই কয় যে প্ৰশ্ন নকৰিবা, মাত্ৰ বিশ্বাস কৰা। কিন্তু মোৰ মনে সেইটো মানি ল’বলৈ সাজু নাছিল।”
 
যোগৰ ভংগীমা প্ৰদৰ্শন কৰিছে যোগগুৰু নাইম খান
 
ধৰ্মীয় বিশ্বাসৰ প্ৰতি দৃঢ় আকৰ্ষণ থকাৰ পিছতো নাইমে ধৰ্মান্ধতাৰ পৰা আঁতৰি থাকে। “যদি আপুনি নিজৰ ধৰ্মীয় বিশ্বাসৰ দ্বাৰা আন্তৰিকতাৰে জীয়াই থাকে, তেন্তে আপুনি ইতিমধ্যে এজন যোগী,” তেওঁ কয়। ভাবুকি আৰু মৌলবাদী সমালোচনাই তেওঁক নিৰুৎসাহিত কৰিব পৰা নাছিল। তেওঁ মুছলমানকে ধৰি বিভিন্ন সম্প্ৰদায়ৰ মাজত যোগাসনৰ প্ৰৱৰ্তন কৰিছিল। ইয়াৰে বহুতেই এতিয়া নাইমৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে।
 
তেওঁৰ যোগাসনৰ শৈলী এক শাৰিৰীক ভংগীমায়ে নহয়—এয়া মননশীল জীৱন-যাপনৰ এক দৰ্শন। তেওঁ পৰামৰ্শ দিয়ে যে, “যেতিয়া বেয়া খবৰ আহিব তেতিয়া লগে লগে কোনো প্ৰতিক্ৰিয়া নকৰিব।প্ৰথমে নিজৰ উশাহ-নিশাহত মনোনিৱেশ কৰক। এয়াই হৈছে ধ্যানৰ আৰম্ভণি।” নাইম খানে সকলোকে সামগ্ৰিক সুস্থতাৰ বাবে সপ্তাহত কমেও তিনিৰ পৰা চাৰিবাৰ যোগাসন আৰু ধ্যানৰ অভ্যাসৰ পৰামৰ্শ দিয়ে।
 
এতিয়া ৪৯ বছৰীয়া নাইম খানে আত্ম-আৱিষ্কাৰক সামাজিক পৰিৱৰ্তনৰ অভিযানলৈ ৰূপান্তৰিত কৰিছে। তেওঁৰ ২৪ বছৰীয়া পুত্ৰ নাউদে এই উত্তৰাধিকাৰ অব্যাহত ৰাখিছে, আৰু তেওঁৰ কন্যাই যোগৰ সৈতে ইছলামিক মূল্যবোধক একত্ৰিত কৰিছে। ফ্ৰান্সৰ উপ-ৰাষ্ট্ৰপতিৰ দৰে গণ্যমান্য ব্যক্তি আৰু ছুপাৰমডেল নাওমি কেম্পবেলৰ দৰে চেলিব্ৰিটিক নাইম খানে যোগাসন শিকাইছে। তথাপিও তেওঁ বিনম্ৰভাৱে কয়, “মানুহে মোৰ নাম নহয়, যোগৰ নামহে জনা উচিত।”
 
যোগগুৰু নাইম খানৰ যাত্ৰা কেৱল ব্যক্তিগত নহয়, তেওঁ যোগক বিশ্ব সমন্বয়ৰ সেতু হিচাপে গঢ়ি তুলিছে। যোধপুৰৰ বালিৰ পৰা তেওঁ এনে এক পোহৰ জ্বলাইছে যিয়ে স্বাস্থ্য, মানৱতা, আধ্যাত্মিক ভাৰসাম্য বিশ্বজুৰি বিয়পাইছে।