জুবিন গাৰ্গৰ সংগীতৰ মূৰ্চ্চনা

Story by  Pulin Deka | Posted by  Munni Begum • 2 h ago
জুবিন গাৰ্গ
জুবিন গাৰ্গ
 
  পুলিন ডেকা
 
সংগীত হৈছে অনুভৱৰ এক বিশ্বজনীন ভাষা। ই একেধৰণৰ আনন্দ, বিষাদ, আশ্বাস আৰু আত্মিক উন্মোচনৰ উপায়। আনহাতে সংগীত হৈছে এনেধৰণৰ শিল্প, য'ত সুৰ, তাল আৰু লয়ৰ সহায়ত অনুভৱ আৰু চিন্তা প্রকাশ কৰা হয়। ই মনক প্রশস্তি দিয়ে, অনুভৱৰ গভীৰতা বৃদ্ধি কৰে আৰু মানুহৰ হৃদয়ৰ সৈতে হৃদয়ৰ সংযোগ স্থাপন কৰে। সংগীতৰ কোনো ভাষা বা পৰিসীমা নাই, আৰু সেইবাবেই সকলো জাতি, ধৰ্ম আৰু সংস্কৃতিৰ মাজত ঐক্যৰ সেতু নিৰ্মাণ কৰে।
 
বেচথোভেনে কৈছিল সংগীত হৈছে সকলো জ্ঞান আৰু দার্শনিকতাৰ উচ্চতৰ প্ৰকাশ। বব মার্লেৰ অভিব্যক্তি হৈছে সংগীতৰ এনে এক গুণ আছে, যিয়ে হৃদয়ত গুঞ্জন তোলে কিন্তু কষ্ট নিদিয়ে। পণ্ডিত ৰবি শংকৰে সংগীতে আত্মাৰ গভীৰতালৈ পোহৰ দিব পাৰে বুলি অভিহিত কৰিছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এক অনন্য মন্তব্য হৈছে- সংগীত আত্মাৰ ভাষা, যাৰ জৰিয়তে অনুভৱ প্ৰকাশ হয়। স্বামী বিবেকানন্দই নিজৰ অভিমত দি কৈছে যে, সংগীত হৈছে আটাইতকৈ উচ্চ কলা আৰু যিয়ে বুজে তাৰ বাবে আটাইতকৈ পৱিত্ৰ পূজা।
 
এক অনুষ্ঠানত অনুৰাগীৰ সৈতে জুবিন গাৰ্গ
 
অসমীয়া সংগীত জগতত যিকেইগৰাকী শিল্পীয়ে নিজস্ব প্রতিভা, সমাজ আৰু জীৱনমুখী চেতনাৰে কলাৰ জগতখনত অম্লান ছাপ এৰি গৈছে, সেই সকলৰ ভিতৰত জুবিন গাৰ্গ অন্যতম। তেওঁ মাত্ৰ এগৰাকী গায়কেই নাছিল। সংগীত পৰিচালক, গীতিকাৰ, অভিনেতা হিচাপে সুপৰিচিত। জুবিন গাৰ্গ জনসাধাৰণৰ হৃদয়ত স্থান লাভ কৰা এগৰাকী শিল্পী আছিল। অসমৰ সংগীতৰ পথাৰখনত সুৱদী কণ্ঠৰে এক নতুন যুগৰ সূচনা কৰা জুবিন গাৰ্গৰ গানত আছিল যুব প্ৰজন্মৰ আৱেগৰ প্ৰতিফলন। লোক-সংস্কৃতিৰ পৰা আধুনিকতালৈ তেওঁৰ সংগীতৰ যাত্ৰাই অসমীয়া সংস্কৃতিৰ পথাৰখন চিৰসেউজ কৰি ৰাখিব। নাতি দীর্ঘ জীৱনকালত তেওঁৰ অমৰ সৃষ্টিসমূহে প্ৰতিটো প্রজন্মকে অনুপ্ৰেৰণা যোগাই যাব।
 
জুবিন গাৰ্গৰ সংগীতৰ অনুভূতি নিজস্ব চেতনাৰে প্ৰকাশ। প্ৰখৰ অর্ন্তদৃষ্টি, জীৱন বীক্ষা আৰু কাব্যিক সমাহাৰে হৈছে তেওঁৰ গানৰ অন্তৰাত্মা। তেওঁ গানৰ মাজেৰে সন্ধান কৰিছিল নতুত্বৰ বাংময় দিশ। অপূর্ব কলাসূলভাই তেওঁৰ গানসমূহক এক বিশেষ পৰ্যায়লৈ লৈ গৈছিল। সুৰৰ নান্দনিকতা, কণ্ঠৰ সমধুৰতাই জুবিন গাৰ্গৰ গানৰ সন্মোহিত শক্তি যদিও সংগীতৰ মাজত মূৰ্ত্তমান শব্দৰ মুক্ত বিচৰণে স্রোতাৰ হৃদয়ত বিশেষ অনুৰণৰ সৃষ্টি কৰিছিল। নিজেই এগৰাকী কবি হিচাপে শব্দ আৰু ভাৱৰ সন্ধান কৰাটো নিতান্তই স্বাভাৱিক। 
 
কবিৰ কল্পনাপ্রসূত মনৰ বিপৰীতে অধিক বাস্তৱবাদী দৃষ্টিভংগী তেওঁৰ গানত প্রকট হৈ উঠে। 'মায়াৱিনী ৰাতিৰ বুকুত' গানটোৰ মাজত কল্পনা, বাস্তৱবাদ আৰু আশাবাদৰ প্রতিফলন দেখিবলৈ পোৱা যায়। শিল্পীগৰাকীৰ এই গানটোৰ প্ৰতি এক বিশেষ কর্ষণ থকা বাবেই মৃত্যুৰ সময়ত জনসাধাৰণক গাবলৈ আহ্বান জনাইছিল। প্রকৃততে এই গানটোৰ তাত্ত্বিকতা কোন দিশত নিহিত আছে, সেয়া নিতান্তই লক্ষ্যণীয় বিষয়। ফ্লিটউড, ইগলছ, ডনোভেন, ষ্টিভ নিকছ, বিলি ইলিছে মায়াবিনীক সংগীতত যিভাবে প্রয়োগ কৰিছে, তাৰ পৰা সম্পূর্ণ পৃথক সত্ত্বাৰে জুবিন গার্গে ইয়াক প্ৰয়োগ কৰিছে।
 
জুবিন গাৰ্গ
 
এই আটাইকেইগৰাকী শিল্পীয়ে মায়াবিনীক যিধৰণে উপস্থাপন কৰিছে তাৰ বিপৰীতে জুবিন গার্গে অন্ধকাৰৰ মাজত স্বপ্নময় জগতৰ সন্ধান কৰিছে, য'ত অন্ধকাৰ হৈ পৰিছে এক শক্তি। নিশাক তেওঁ ভয়াৱহতাৰ এক প্রতীক ৰূপত তুলি ধৰিব বিচৰা নাই। এন্ধাৰৰ মাজত মনৰ আত্মসংযোগ, এজন আত্মবিশ্বাসী ব্যক্তিৰ বাবেহে সম্ভৱ। তেওঁ গানত শাৰীৰিক অৱয়ৱৰ বৰ্ণনা কৰিব বিচৰা নাই।
 
এখন ছবিতেই দেখা পাইছে হৃদয়ৰ সুগভীৰতা। শিল্পী জনী কেছৰ 'হার্ট', ফ্লৰেন্সৰ 'চেক ইট আউট', এভিচিৰ 'ৱাক মি আপ', ইমাজিন ড্রেগনছৰ 'ডেমনচ', কেনি ৱেষ্টৰ 'অল অৱ দ্যা লাইটছ ছিয়াৰ আই এম ষ্টিল হিয়াৰ',, অৰোৰাৰ 'ৰানৱে' সংগীতত আশা আৰু লক্ষ্যমুখী এন্ধাৰক প্ৰতিফলিত কৰিছে। জুবিন গার্গে গোপনীয়তাৰ মাজত বিচাৰি পায়, নিয়ৰৰে চেঁচা সোপান। এন্ধাৰ বিনাশী পোহৰৰ এক আশাভৰা সোঁত প্ৰৱাহিত হোৱা বাবেই ৰ'দৰ নৈ, দোকমোকালিৰ শান্ত, সমাহিত ৰূপকৰ আশ্ৰয় লৈছে।
 
মানৱ জীৱনৰ প্ৰতিটো প্রত্যাহ্বানেই এজাক ধুমুহা। সেই ধুমুহাতো শিল্পী ক্লান্ত হোৱা নাই। তেওঁ সমভাবে সেই ধুমুহাৰ নৃত্যৰ সৈতে আগুৱাইছে। পোহৰ যেনেকৈ সত্য। এন্ধাৰো তেনেকৈ সত্য। এক চিৰশ্বাশ্বত সত্যৰ মাজত তেওঁৰ অৱস্থান। শিল্পীয়ে ধুমুহাৰ সেই তাণ্ডৱ নৃত্যৰ মাজ সমভাবে নৃত্য কৰিছে। অৰ্থাৎ প্রতিহ্বানৰ সম পৰ্যায়ৰ প্ৰতিৰোধ গঢ়ি তুলিছে। এয়াই ভাৰসাম্য জীৱনৰ কলা। এন্ধাৰক আপোন কৰি লৈয়েই অগ্রগামী যাত্রা। নিজানৰ সেই গান অন্তঃসাৰশূণ্য নহয়। গভীৰ অৰ্থ বহন কৰি গতি কৰিছে ইস্পিত লক্ষ্যৰ মাজলৈ। শৰৎ কালৰ পুৱতি নিশাৰ শুভ্রতা লুকাই থাকে শ্বেত শিহৰণত। সেই শেৱালীফুলৰ শ্বেত আলোকেই অভিব্যক্ত কৰিব শিল্পীৰ মনৰ বতৰা। 
 
এক অনুষ্ঠানত অনুৰাগীৰ সৈতে জুবিন গাৰ্গ
 
জুবিন গাৰ্গৰ গানত প্রতীকি অর্থ বহন কৰে। মোহাচ্ছন্ন ৰাতিৰ আকাশৰ জৰিয়তে দুখৰ এক আভৰণৰ কথা প্ৰকাশ কৰিছে। সেই মেঘ অতিক্রমীও পোহৰে বাৰ্তা বহন কৰে। শিল্পীগৰাকীয়ে কেৱল ভাবোচ্ছাসতে জীৱনৰ গতি স্তব্ধ কৰিব বিচৰা নাই। তেওঁৰ সপোনৰ যাত্ৰাই হৈছে বাস্তৱৰ সন্ধান। সেইবাবে সপোনত বিচাৰি পাই দিঠকৰ এখন পৃথিৱী। তেওঁ জানে দিগঠক হৈছে এক কঠোৰ শৈলী। শিল্পীগৰাকীয়ে সেই দিঠকৰ অস্থায়ী স্বৰূপ আছে বুলি গণ্য কৰে আৰু সেইবাবে কৈছে যে, চুব খুজিলেই দুহাতত দিঠক আঁতৰি সপোন আহে।
 
জুবিন গাৰ্গ এগৰাকী সংগীতজ্ঞ আৰু কবি। সেইবাবে তেওঁৰ বহু গানত সামাজিক, ব্যক্তিগত, দার্শনিক অনুভৱৰ এক গভীৰ সমাহাৰ দেখা যায়। আশাবাদ আৰু দুখ, এই দুয়োটা বিপৰীত অনুভৱক জুবিন গার্গে অতুলনীয়ভাবে সংমিশ্রণ কৰিছে। এনে প্রেক্ষাপটত ন'বেল বঁটা বিজয়ী শিল্পী বব ডিলানৰ প্রসংগটো পর্যালোচনা কৰাৰ অৱকাশ আছে। ডিলানৰ 'ব্লইন ইন দ্যা উইণ্ড' গানত দুখৰ ছাঁ আছে।
 
বিশেষকৈ সামৰিক হিংসা, জাতিগত বৈষম্য আৰু মানৱ অধিকাৰৰ অৱমূল্যায়নৰ ক্ষেত্ৰত। তথাপি, এই গীতটোত প্ৰশ্নৰ মাজেৰে উত্তৰ বিচাৰি ফুৰা এক আশাবাদৰ মনোভাৱ প্ৰকাশ কৰে। তেওঁৰ মতে আশাবাদ উত্তৰৰ প্ৰাপ্তিযোগ্য আৰু দুখ হৈছে সমাজৰ অসংগতি আৰু বেদনা। জুবিন গাৰ্গৰ গীতৰ মাজত দুখ আৰু আশাবাদৰ সমাহাৰ দেখা যায়। সেইবাবে তেওঁ গানত অনুৰণিত কৰিছে যে- 'তুমি নিদিয়া মোক মৰমবোৰ, জোন, তৰা হৈ জ্বলিব।' আন এক গানত ধ্বনিত হৈছে যে জগত পোহৰ কৰি আহিব প্লাৱন, আঁতৰাব অমানিশা। 
 
এক অনুষ্ঠানত জুবিন গাৰ্গে গীত পৰিবেশন কৰি থকা এক মূহুৰ্ত
 
বব ডিলানে 'এ হার্ড ৰেইনছ এ গোন ফল' শীর্ষক গানত কৈছে-'আইছ এ নিউ বর্ণ বেবা উইথ লাইল্ড ওলভছ অল এৰাউণ্ড ইট...'। এই গানটো এক ভৱিষ্যত অনিশ্চয়তাৰ ছাঁ দাঙি ধৰে। গানটোৰ ভাষা অত্যন্ত চিত্ৰাত্মক আৰু অলংকৃত। প্রতিটো শোকত দুখ আৰু বিশৃংখলাৰ দৃশ্য অংকণ কৰা হৈছে। যেন যুদ্ধ, নিপীড়ন আৰু প্ৰাকৃতিক দুর্যোগ। তথাপি অন্তিমত কণ্ঠৰ এক দৃঢ় প্রতিজ্ঞা-'আই উইল টেল ইট এণ্ড স্পীক ইট এণ্ড থিংক ইট এণ্ড ব্রেথ ইট...'। এই লাইনটো আশাবাদৰ এক দীপ্ত উদাহৰণ, যেন বীৰৰ দৰে কঠিন সময়তো মুখ খুলি ক'ব। ইয়াত আশাবাদ হৈছে সত্য কথা ক'বলৈ সাহস আছে আৰু দুখ হৈছে মানবিক বিপর্যই আৰু সঘন বেদনা। 
 
জুবিন গার্গে বহু কেইটা গানত এক অনিশ্চিত ভৱিষ্যতৰ ছবি তুলি ধৰিছে। সেই ছবিখন তেওঁ এনেদৰে তুলি ধৰিছে- 'হালৰে গৰু গোহালিতে পথাৰো শুকায়, ৰাতি হ'লে গুলীৰ শব্দ ৰজন জনায়'। ইয়াক অধিক ব্যক্ত কৰিছে এনেদৰে-'বুঢ়ী আইৰ জুহালতে চকুলো শুকাই, দেউতাৰো একে দশা পদূলিলৈ চাই।' তথাপি তেওঁৰ এক দৃঢ় ধাৰণা আছিল যে অসম আকৌ উজলি উঠিব। 'গঢ়িম নতুন অসম, দিব পৰিত্ৰাণ' যা শিল্পীগৰাকীৰ আশাৰে উদ্দীপ্ত মনৰ ৰেঙণি। বব ডিলানৰ আন এক উল্লেখযোগ্য গান হৈছে, 'মিষ্টাৰ টেমবৰ্ণ মেন'। তাত তেওঁ কৈছে, 'টেক মি অন এ ট্রিপআপন ইউৰ মেজিক চুৰলিন শ্বিপ।' এই গানৰ অভিব্যক্তি অতি বিমূর্ত্ত। ইয়াত বাস্তৱতাৰ পৰা পলায়নৰ ইচ্ছা আছে, যিটো এক প্ৰকাৰ দুখৰ প্ৰকাশ। কিন্তু সেই পলায়নৰ ইচ্ছা নতুন সৃষ্টিশীলতা, অনুপ্ৰেৰণাৰ। 
 
কল্পনাৰ জগতত নতুত্বৰ সন্ধান হৈছে আশাবাদৰ ৰেঙণি। আনহাতে একাকীকত্ব আৰু বাস্তৱতাৰ ক্লানি এক দুখৰ অনুৰণন। জুবিন গাৰ্গে তেওঁৰ গানত এইদৰে প্ৰকাশ কৰিছে— জোনাকী জোনাকী তোমাৰ দুচকুত, মই সপোনৰে ৰূপালী ছাঁ।' ইয়াত শিল্পীগৰাকীৰ ব্যথা আছে, পলায়নৰ আকাংক্ষা নাই, তথাপি তেওঁৰ কল্পনাৰ জগতখনে সপোনৰ এক বর্ণিল ছাঁ দেখিছে। প্রকৃততে চাবলৈ গ'লে কোনো যুদ্ধৰ প্ৰতিচ্ছবি জুবিনৰ গানত প্রকট নহয়। কিন্তু মনৰ ভিতৰত উমি উমি জ্বলি থকা যুদ্ধৰ বাৰ্তা অতি জীৱন্ত। তেওঁ এই পৃথিৱীতে সপোনৰ ৰং সিচে। মেলি দিয়ে বাস্তৱৰ সীমাহীন ছবি। ইয়াৰ জৰিয়তে জুবিন গাৰ্গৰ তীব্র সামাজিক চেতনাৰ প্ৰকাশ প্রত্যক্ষ কৰিব পাৰি। 
 
জুবিন গাৰ্গ এক সাক্ষাৎকাৰ দি থকা অৱস্থাত
 
শিল্পীগৰাকীয়ে আধুনিক সংগীতক আদৰি ল'লেও অসমীয়া লোক-সংস্কৃতিৰ ক্ষেত্ৰখনক সুকীয়া ৰূপৰে জিলিকাই তোলে। নাগাৰা নাম, বৰগীত, টোকাৰী গীত, দিহানাম, হোলীগীত, পৰীয়া আৰু কামৰূপীলোকগীত, বিহুগীত আদি সংগীতৰ ধাৰাক জীৱন্ত ৰূপত তুলি ধৰি অসমীয়া সংগীতক নতুন ৰূপেৰে বিকশাই তোলে। তেওঁ সংগীতৰ পথাৰখনক সদায়ে গৱেষণাৰ দৃষ্টিভংগীৰে গ্ৰহণ কৰিছিল। বিভিন্ন ভাষা আয়ত্ব কৰি সেই ভাষাত অতি শুদ্ধকৈ সংগীত পৰিৱেশন কৰিব পৰাটো তেওঁৰ শিল্পী জীৱনৰ অন্যতম বৈশিষ্ট্য আছিল।
 
তেওঁৰ গীতত ছন্দ, লয় আৰু সুৰ একাকৰ হৈ পৰে। আনহাতে তেওঁৰ বহুকেইটা গানত মানৱ জীৱনৰ ক্ষণস্থায়িত্বৰ স্বৰূপ দেখিবলৈ পোৱা যায়। 'ভবা কথা নহয় সিদ্ধি' গানটোৰ মাজেৰে বস্তুবাদী জীৱনৰ অসাৰতাক প্ৰতিপন্ন কৰিছে। বিশেষকৈ মানৱ জীৱনৰ অস্থায়ী ৰূপ আৰু এই জীৱন সাৰ্থক কৰিব লাগিলে মানৱীয় দৃষ্টিভংগীৰে আগুৱাই যাব লাগিব তেনে আহ্বান শুনিবলৈ পোৱা যায়।
 
জুবিন গাৰ্গৰ প্ৰখৰ কাব্যিক চেতনাৰ প্ৰকাশ গানসমূহৰ মাজেৰে প্ৰেমানুভূতিৰ স্বাচ্ছ্যন্দতা, দুর্বোধ্য বিহীন ভাষা, আকুলতা, ধ্বনিগত সৌন্দৰ্য আৰু ব্যঞ্জনা, চিত্ৰকল্প, ৰসোত্তীৰ্ণ আৱেগ, সমাজ চেতনা, আধুনিক জীৱনবোধৰ প্ৰতি প্ৰশ্নবোধক দৃষ্টি আদি ভাবৰ দিশসমূহ প্ৰত্যক্ষ কৰিব পাৰি। বিশেষকৈ ৰমন্যাসিক দৰ্শনে তেওঁৰ বহু গানৰ অন্তৰাত্মা নিৰ্মাণ কৰিছে। আধুনিক মানুহৰ বেদনাৰ ছবি এখন দেখুৱাবলৈ প্ৰয়াস কৰা দেখা যায়। আজিৰ আধুনিক জটিল পৃথিৱীৰ মানুহে সৰলতাৰ সন্মোহিত শক্তি বিচাৰে। সহজ-সৰল জীৱনৰ সন্ধান কৰা ব্যক্তিসকলৰ বাবে তেওঁৰ গানৰ ভাষাৰ সৰলতাই বিশেষ আকৰ্ষণ কৰাটো অন্যতম এক দিশ হিচাপে বিবেচনা কৰাৰো অৱকাশ আছে। 
 
যুৰীয়া শব্দৰ প্ৰয়োগ তেওঁৰ গানসমূহৰ অন্যতম বৈশিষ্ট্য। জুবিন গাৰ্গে নতুন প্ৰজন্মৰ অনুভূতিক এটি বিশেষ পর্যায়লৈ লৈ যোৱাৰ বাবে গানক এক মাধ্যম হিচাপে প্রয়োগ কৰিছিল আৰু সেইবাবে উত্তৰ পুৰুষে তেওঁৰ গানত বিচাৰি পাইছিল এক সুকীয়া জীৱনবোধ। জুবিন গাৰ্গে সংগীতৰ মাজেৰে সমাজৰ শেষৰজন ব্যক্তিকো আপোন কৰি লোৱাৰ যি মানসিকতা দেখুৱাইছিল, সেয়া তেওঁৰ জনপ্ৰিয়তাৰ অন্যতম আধাৰ।