অনিকা মহেশ্বৰী / নতুন দিল্লী
ভাৰতৰ আগশাৰীৰ ষ্টেণ্ড আপ কমেডিয়ান জাকিৰ খানে নিউয়ৰ্ক চহৰৰ আইকনিক মেডিচন স্কোৱাৰ গাৰ্ডেনত হিন্দী ভাষাৰ শ্ব’ প্ৰদৰ্শন কৰা প্ৰথমজন ব্যক্তি হিচাপে ইতিহাস ৰচনা কৰিছে। এই ঐতিহাসিক সাফল্যই বিশ্ব মঞ্চত ভাৰতীয় কমেডীক এক সুকীয়া পৰিচয় প্ৰদান কৰিবলৈ সক্ষম হৈছে।
প্ৰাসংগিক ষ্টৰীটেলিং আৰু অনন্য কথন শৈলীৰ বাবে পৰিচিত জাকিৰ খানে নিউয়ৰ্কৰ এই অনুষ্ঠানত চমকপ্ৰদ প্ৰদৰ্শনেৰে বিদেশী বিপুলসংখক অনুগাৰীৰ হৃদয়ত স্থান লাভ কৰিছে।
জাকিৰ খানক মঞ্চত সংগ দিয়ে আন এগৰাকী ভাৰতীয় কমেডিয়ান তন্ময় ভাটে। উত্তৰ আমেৰিকা ভ্ৰমণৰ অংশ হিচাপে জাকিৰ খানে মেডিচন স্কোৱাৰ গাৰ্ডেনত অনুষ্ঠান পৰিৱেশন কৰে। এই ভ্ৰমণত তেওঁ সমগ্ৰ আমেৰিকা আৰু কানাডা ভ্ৰমণ কৰিব। ফক্স ৫ নিউয়ৰ্ক (Fox 5 New York)ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জাকিৰ খানে এনে এক সন্মানীয় স্থানত হিন্দী ভাষাত অনুষ্ঠান প্ৰদৰ্শন কৰাৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰে আৰু কমেডিয়ান হিচাপে তেওঁৰ যাত্ৰাৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰকাশ কৰে।
নিউয়ৰ্কৰ টাইমছ স্কোৱাৰৰ বিশাল বিলবোৰ্ডত জাকিৰ খানৰ অনুষ্ঠানৰ পোষ্টাৰ
উল্লেখ্য যে, জাকিৰ খানৰ অনুষ্ঠানৰ পোষ্টাৰখন টাইমছ স্কোৱাৰৰ বিশাল বিলবোৰ্ডত প্ৰকাশ পাইছিল। আমেৰিকাৰ মিডিয়া প্লেটফৰ্মত তেওঁৰ সাক্ষাৎকাৰ প্ৰকাশ পোৱাৰ লগতে চেলিব্ৰিটি চেফ বিকাশ খান্নাৰ সৈতে জাকিৰ খানক ৰন্ধা-বঢ়া কৰি থকা দেখা গৈছে। দৰ্শকেৰে ভৰি থকা অনুষ্ঠানটোত জাকিৰ খানে তেওঁৰ কমিক টাইমিং আৰু সৰলতাৰ এক সুন্দৰ মিশ্ৰণ উপস্থাপন কৰে। অনন্য কৌতুক অভিনয় শৈলী আৰু দৰ্শকৰ সৈতে সংযোগ স্থাপনে তেওঁক এক সুকীয়া পৰিচয় দিছে, আৰু নিউয়ৰ্কৰ এই অনুষ্ঠানে জাকিৰ খানৰ সেই পৰিচয়ক আৰু অধিক শক্তিশালী কৰিব।
জাকিৰ খানৰ এই অনুষ্ঠানটো ভাৰতীয় কমেডী ক্ষেত্ৰ আৰু হিন্দী ভাষাৰ বাবে এক ডাঙৰ মাইলৰ খুঁটি। ৮২ লাখতকৈ অধিক ইউটিউব চাবস্ক্ৰাইবাৰ থকা ৩৭ বছৰীয়া জাকিৰ খানে বিগত তিনি বছৰত বিশ্বজুৰি ২ লাখৰো অধিক টিকট বিক্ৰী কৰিছে বুলি তেওঁৰ প্ৰতিনিধিয়ে প্ৰকাশ কৰিছে। এই ভ্ৰমণত তেওঁ ডেট্ৰাইট, চিকাগো, আটলান্টা, ল’ডাৰহিল, ফ্ল’ৰিডা, আৰু ফিনিক্সৰ লগতে কানাডাৰ মণ্ট্ৰিয়েল আৰু টৰন্টোৰ দৰে চহৰত অনুষ্ঠান পৰিৱেশন কৰিব।
"মেডিচন স্কোৱাৰ গাৰ্ডেন কেতিয়াও আমাৰ পৰিকল্পনাৰ অংশ নাছিল। মোৰ দৰে সৰু চহৰৰ ল'ৰাৰ বাবে ই সদায় চিনেমাৰ দৃশ্যগ্ৰহণৰ স্থান আৰু ডাঙৰ তাৰকাৰ ঠাই যেন লাগিছিল। কিন্তু কেতিয়াবা জীৱনে আপোনাক সপোনৰ বাহিৰলৈও লৈ যায়।"-মধ্য প্ৰদেশৰ ইন্দোৰৰ পৰা ওলাই আহি বিশ্ব মঞ্চত কৌতুক অভিনয় প্ৰদৰ্শন কৰা জাকিৰ খানে খানে কয়।
আমেৰিকাৰ টিভি পৰিচালক অলিভ জনৰ সৈতে জাকিৰ খান
তেওঁ পুনৰ কয়, "এই শ্ব'টো মোৰ বাবে কোনো ডাঙৰ সাফল্য বুলি মই নাভাবো, ই মাথোঁ এটা সোঁৱৰণী যে যদি আপুনি আপোনাৰ যাত্ৰাৰ প্ৰতি সততা বৰ্তাই ৰাখে, তেন্তে আটাইতকৈ নিস্তব্ধ কণ্ঠইও আটাইতকৈ ডাঙৰ মঞ্চত উপনীত হ'ব পাৰে। এনে এক বিশ্বব্যাপী মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰি মোৰ কমেডীৰ দৃষ্টিভংগীক বিশ্বৰ এই অংশলৈ অনাৰ সুযোগটো অত্যন্ত সুখজনক।"
ইন্দোৰত কলেজীয়া শিক্ষা আধাতে ত্যাগ কৰাৰ পিছত জাকিৰ খানে প্ৰথমে ৰেডিঅ’ ডিজে হিচাপে কেৰিয়াৰ গঢ়িছিল যদিও কমেডীৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিছিল। ২০১২ চনত তেওঁ কমেডী চেণ্ট্ৰেল ইণ্ডিয়াৰ "ভাৰতৰ শ্ৰেষ্ঠ ষ্টেণ্ড-আপ" প্ৰতিযোগিতাত জয়ী হোৱাৰ লগতে বিশ্বৰ কিছুমান বৃহৎ মঞ্চত অভিনয় কৰিছে। ২০২৩ চনত ৰয়েল এলবাৰ্ট হলত এককভাৱে অনুষ্ঠান পৰিৱেশন কৰা প্ৰথমজন এছিয়ান কমেডিয়ান হিচাপেও জাকিৰ খানে ইতিহাস ৰচে।
তেওঁৰ প'ডকাষ্ট "উমীদ" ভাৰতৰ অন্যতম জনপ্ৰিয় প'ডকাষ্ট, আৰু ইংৰাজী ভাষীসকলে তেওঁৰ কমেডীক আমাজন প্ৰাইম ভিডিঅ'ত পাঁচটা বিশেষ ছিৰিজতো উপভোগ কৰিব পাৰে, য'ত "হক ছে চিংগল" আৰু "ডেলুলু এক্সপ্ৰেছ"ও আছে।