অৰুণ কুমাৰ দাস / গুৱাহাটী
দিল্লীৰ সদৰ বজাৰ ৰে'লৱে ট্ৰেকৰ পুৱাৰ প্ৰথম পোহৰ পৰাৰ সময়তে হাতত হাতুৰী লৈ ৰে’ল ইউনিফৰ্ম পিন্ধি আন এটা কৰ্মদিনলৈ সাজু হৈ থাকে অংকেশ। ৫২ ৱেগনযুক্ত মালবাহী ৰে’ল এখনে তেওঁৰ কাষেৰে উকি বজাই পাৰ হৈ গৈ থাকোতে তেওঁৰ ভৰিৰ তলৰ মাটি কঁপি উঠে। যেতিয়া ৰেলখন দূৰৈৰ সীমনাত হেৰাই যায়, তেতিয়াই অংকেশে ৰেলপথত ভৰি দি নিজৰ কাম আৰম্ভ কৰে।
তেওঁ ৰে’লৱে ট্ৰেক ভালদৰে পৰীক্ষা কৰি মেৰামতিৰ কাম আৰম্ভ কৰে। কেইমিনিটমান পিছতে তেওঁক সংগ দিবলৈ আহে সহকৰ্মী নীৰজ। দুয়োজনে একেলগে লোহাৰ ট্ৰেকবোৰত কৰা প্ৰচণ্ড আঘাতে পুৱাৰ নিস্তব্ধতা ভংগ কৰে। ৩০ বছৰীয়া অংকেশ আৰু নীৰজ দুয়োজনেই ভাৰতীয় ৰে’লৱেৰ ট্ৰেক মেইণ্টেইনাৰ। তেওঁলোকৰ কামটো সহজ যেন লাগিব পাৰে, কিন্তু ই অপৰিসীম দায়িত্ব বহন কৰে। প্ৰতিদিনে তেওঁলোকে ৰেলপথ শক্তিশালী আৰু নিৰাপদ হৈ থকাটো নিশ্চিত কৰে, যাতে লাখ লাখ মানুহ কঢ়িয়াই অনা যাত্ৰীবাহী ৰে’ল আৰু কোটি কোটি টকাৰ সামগ্ৰী কঢ়িয়াই অনা মালবাহী ৰে’লসমূহ বিপদমুক্ত বা পলম নোহোৱাকৈ চলি থাকিব পাৰে।
ভাৰতীয় ৰেলৱেৰ গেং-মেনসকলে ট্ৰেক মেইণ্টেনেন্স কৰি থকাৰ এক দৃশ্য
ৰে’ল মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই ব্যাখ্যা কৰে যে, “ট্ৰেক পৰিদৰ্শন কৰিবলৈ মেচিন উপলব্ধ হ’লেও সেইবোৰ যথেষ্ট নহয়। আমি এতিয়াও ৰে’লৰ গতিবিধি সুৰক্ষিত আৰু মসৃণ কৰি ৰাখিবলৈ গেংমেনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল।” লোকেশে প্ৰায় ১০ কেজি ওজনৰ এটা টুলকিট কঢ়িয়াই লৈ ফুৰে। ইয়াৰ ভিতৰত থকা প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে — হাতুৰী, ৰেঞ্চ, ফ্লেগ, দৈনিক ডায়েৰী, স্পেনাৰ, পানীৰ বটল আদি। তেওঁলোকে আনকি ডিটনেটৰো কঢ়িয়াই লৈ ফুৰে, যিবোৰ ঘন কুঁৱলীৰ সময়ত ৰেল চালকক সতৰ্ক কৰি দিবলৈ ব্যৱহাৰ কৰা হয়।
সেই সময়তে পাছিম এক্সপ্ৰেছ ষ্টেচনটোৰ ভিতৰলৈ সোমাই যায়, তাৰ পিছত দ্ৰুতগতিত তেজস ভুৱনেশ্বৰ ৰাজধানী আৰু গোমতি এক্সপ্ৰেছ পাৰ হৈ যায়। আৰু অতি সোনকালেই তিনিওটা গেংমেনৰ লগত তেওঁলোকৰ চিনিয়ৰ মুকেশ নামৰ জামাদাৰজনো যোগদান কৰে। তেওঁৰ দায়িত্ব হৈছে ২০ জন গেংমেনৰ তত্বাৱধান কৰা, মাষ্টাৰ ৰোল ৰখা আৰু ডিউটি চাৰ্ট প্ৰস্তুত কৰা। ট্ৰেকত অনুশাসন আৰু শৃংখলা বজাই ৰখাত ডিউটি চাৰ্ট তৈয়াৰ কৰাটো এক গুৰুত্বপূৰ্ণ ভূমিকা।
ষ্টেচনৰ বাহিৰত আৰু দুজন গেংমেন ক্ৰমে সিধাকান্ত আৰু মুকেশো এই গোটটোত যোগদান কৰে। ১ বজাৰ ভিতৰত মূৰৰ ওপৰত ৰ’দ জিলিকি উঠে, আৰু দুপৰীয়াৰ আহাৰ খোৱাৰ সময় হ’ল৷ ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যোৱা বিশ্বকৰ্মা পূজাৰ বাবে চাফা আৰু সজাই তোলা ষ্টেচনৰ সমীপৰ এটা চেডলৈ যায় গেংমেনসকল। স্নাতক ডিগ্ৰীধাৰী গেংমেন মুকেশে কয়, ‘আমি ইয়াত প্ৰতি বছৰে বিশ্বকৰ্মা পূজা পালন কৰো।'
গেং-মেনৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়
প্ৰকৃততে বহু স্নাতক আনকি স্নাতকোত্তৰেও ৰেলৱেত এনেধৰণৰ লেভেল-১ চাকৰি লয়। হিন্দী আৰু বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী কৈলাশৰ লগতে বিএড কৈলাশে কয়, "ট্ৰেক মেইণ্টেনেন্স কৰাত কোনো সমস্যা নাই। প্ৰতিটো কামৰ নিজৰ নিজৰ মৰ্যাদা থাকে। আচল বিষয়টো হ’ল পদোন্নতিৰ সুযোগৰ অভাৱ। আমাক অন্ততঃ উচ্চ পদৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়া উচিত।” ওচৰৰ অংশৰ পৰা অধিক গেংমেন আহি পোৱাৰ লগে লগে দুপৰীয়াৰ আহাৰ এটা সামূহিক সমাৱেশত পৰিণত হয়—দিনটোৰ কাৰ্য্যকৰী প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি দুঘণ্টাৰ পৰা তিনি ঘণ্টা ধৰি চলি থাকে।
কীমেন (Keyman) ৰোশন লালে কয়, ‘যদিহে আন ছেকচনত জৰুৰীকালীন অৱস্থা নহয়, আমি সাধাৰণতে জিৰণি ল’বলৈ আৰু একেলগে খাবলৈ সময় পাওঁ।' ট্ৰেক মেইণ্টেইনাৰ জিতেন্দ্ৰই লগতে কয়, “আজি এটা ভাল দিন— আমি গোট হিচাপে দুপৰীয়াৰ আহাৰ খাই আছো। কিন্তু কিছুমান দিনত আমি উপযুক্ত বিৰতিও নাপাওঁ।”
৩ বজাৰ ভিতৰত বৰষুণ বন্ধ হৈ গৈছে। অংকেশ আৰু নীৰজে আকৌ হাতুৰীবোৰ তুলি লৈ নিজৰ কৰ্তব্য শেষ কৰিবলৈ ওলাই আহিল। ৬ বজাৰ ভিতৰত সদৰ বজাৰ ষ্টেচনলৈ উভতি যোৱাৰ আগতে ৩ কিলোমিটাৰ ট্ৰেক অতিক্ৰম কৰিব লাগিব। “আমি সদায় বাহিৰলৈ ওলাই গ’লে মৰ্নিংৱাক কৰা মানুহ আৰু উভতি আহিলে ইভিনিংৱাক কৰা মানুহক দেখিবলৈ পাওঁ,” নীৰজে হাঁহি হাঁহি কয়।
উভতি অহাৰ পথত এজন কীমেনৰ পৰা তেওঁলৈ এটা মেছেজ আহে আৰু ষ্টেচনৰ ওচৰৰ এটা ছাইটলৈ লৰালৰিকৈ যাবলৈ কয়। অংকেশে কয়, “এয়া এটা সৰু দোষ বুলি ধৰা পৰিছে, যিটো আমি ঠাইতে মেৰামতি কৰিলোঁ। এইবোৰ ৰুটিন বিষয়— আমি সদায় জৰুৰীকালীন অৱস্থাত সঁহাৰি জনাবলৈ সাজু।”
উল্লেখ্য যে, ভাৰতীয় ৰে’লৱেত ট্ৰেক মেইণ্টেনেন্স তিনিটা শ্বিফটত সংগঠিত কৰা হয়। কাৰণ ৰে’ল লাইনসমূহ সুৰক্ষিত ৰখাটো মসৃণ ৰে’ল পৰিচালনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। বৰষুণে হওঁক, অতি গৰমে হওঁক বা হিমচেঁচা ঠাণ্ডাই হওঁক, গেংমেনসকল কৰ্তব্যত থাকে, ট্ৰেক পৰিদৰ্শন কৰে আৰু মেৰামতি কৰে।
গ্ৰীষ্মকালত ৰেল লাইনবোৰ সম্প্ৰসাৰিত হয় আৰু শীতকালত ই সংকোচিত হয়— দুয়োটা পৰিস্থিতিতে ফাট মেলিব পাৰে যিবোৰ দ্ৰুত মেৰামতিৰ প্ৰয়োজন হয়। ভাপ ইঞ্জিনৰ যুগৰ পৰা ডিজেল ইঞ্জিনলৈকে, আৰু এতিয়া বৈদ্যুতিক আৰু আগন্তুক হাইড্ৰজেন চালিত ৰেললৈকে প্ৰযুক্তিৰ বহু পৰিৱৰ্তন হৈছে। তথাপিও ট্ৰেক ৰক্ষণাবেক্ষণ এতিয়াও বেছিভাগেই মানুহৰ প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰশীল।
প্ৰতিনিধিত্বমূলক ছবি
যদিও এতিয়া মেচিনে ৰেলৰ ভাঙন ধৰা পেলাব পাৰে, তথাপিও গেংমেন ৰেলৱে সুৰক্ষাৰ মেৰুদণ্ড হৈয়েই আছে। ভাৰতীয় ৰেলৱেৰ ১৭টা চাকৰিৰ শিতানৰ একেবাৰে ওপৰত লেভেল-১৭ত ৰেলৱে ব’ৰ্ডৰ অধ্যক্ষ, আৰু তলত লেভেল-১ত ট্ৰেক মেইণ্টেইনাৰ বা গেংমেন আছে।
আজি ভাৰতীয় ৰেলৱেৰ বাবে প্ৰায় ৪ লাখ গেংমেনে কাম কৰে, যাৰ ফলত ই যিকোনো শ্ৰেণীৰ সৰ্বাধিক কৰ্মশক্তি। তেওঁলোকৰ মাহিলী দৰমহা ৩৫,০০০ৰ পৰা ৪৮,০০০ৰ ভিতৰত। লগতে বাৰ্ষিক বোনাছ ১৭,৯৫১, গৃহ, স্বাস্থ্য সুবিধা, আৰু শ্লীপাৰ আৰু এচি দুয়োটা ক্লাছৰ বাবে বিনামূলীয়া ভ্ৰমণ পাছৰ সুবিধা আছে।
দুৰ্ঘটনাৰ অহৰহ আশংকা থকাৰ বাবে তেওঁলোকে ৩,৫৭৫ টকাৰ ৰিস্ক এলাউন্সো লাভ কৰে। এতিয়া সংক্ৰমণ ভাট্টাৰো (Infection Allowance) চাহিদা বাঢ়িছে, কিয়নো ৰেলপথৰ কাষেৰে নিৰ্গত হোৱা আৱৰ্জনাবোৰৰ ফলত গেংমেনে প্ৰায়ে স্বাস্থ্যজনিত বিপদৰ সন্মুখীন হ’বলগীয়া হয়। আচৰিত কথাটো হ’ল বহু উচ্চ যোগ্য প্ৰাৰ্থীয়ে এই চাকৰিটোত যোগদান কৰিব বিচাৰে। নূন্যতম অৰ্হতা দশম উত্তীৰ্ণ বা আই টি আই হ’লেও স্নাতক, স্নাতকোত্তৰ, বি.ই.ডি., আৰু বি.টেক. ডিগ্ৰীধাৰীসকলেও এই চাকৰিৰ বাবে আবেদন কৰে আৰু নিযুক্তি লাভ কৰে।
ৰে’ল দ্ৰুতগতিত পাৰ হৈ যোৱাৰ সময়ত বেছিভাগ যাত্ৰীয়ে কেতিয়াও লক্ষ্য নকৰে, কিন্তু অংকেশ, নীৰজ, লোকেশ, মুকেশ, আৰু তেওঁলোকৰ সহযোগীসকলৰ দৰে গেংমেনে মনে মনে নিশ্চিত কৰে যে প্ৰতিদিনে লাখ লাখ লোকে নিৰাপদে যাত্ৰা কৰে। তেওঁলোকৰ নিষ্ঠা আৰু সাহস অধিক স্বীকৃতিৰ যোগ্য।